পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


কানি আৰু সুৰা এই কথা দেসত লোকে ভু নোপোআ হব, সেই সময়, হে পৰম পিতা জগদীশ্বৰ, সীঘ্ৰে ঘটোআ।”

 বিষয়-বস্তু অলপ সুকীয়া হলেও, ইয়াৰ লগত এওঁৰ সমসাময়িক হৰকান্ত বৰুৱাৰ (১৮১৩?—১৯০০) গদ্য তুলনীয় :—“ইন্দ্ৰবংশীয় ৰজাৰ বিৱৰণ। আসাম বুৰঞ্জী, প্ৰথম অধ্যায়। শোণিতপুৰ বা ইদানীং তেজপুৰ জিলাৰ অন্তৰ্গত ভৈৰৱী নদীৰ পৰা দিক্কৰবাসিনী অৰ্থাত উজান সদিয়াৰ কেচাইঘাতী পৰ্য্যন্ত সৌমাৰ পীঠ বোলে। এই সৌমাৰ পীঠৰ পূৰ্ব্ব, হীৰকূট পৰ্ব্বতৰ দক্ষিণ, স্বৰ্ণাদিৰ উত্তৰ, এই সীমাৰ মধ্যতে বিপ্ৰহাদি নামক পৰ্ব্বতৰ ওপৰি ৰত্নভূমি নামে অতি সুৰম্য ফলপুষ্পে শোভিত স্থান আছে। এক সময়ত ঋষিগণ সহিতে শচি ও ইন্দ্ৰ উভয়েই কামোন্মত্ত হৈ আনন্দে ক্ৰীড়া কৰি ফুৰিছিল। সেই পৰ্ব্বতৰ গুহাতে বশিষ্ঠ মুনি থাকে। তাৰে পৰা স্নান কৰিবলৈ যাওঁতে তেওঁৰ পুষ্পবাটিকাতে ক্ৰীড়া কৰা দেখি কূপিত হৈ ইন্দ্ৰ দেৱতাক অন্ত্যজ ও অন্ত্যজা স্ত্ৰীত পতিত হওক বুলি শাপ দি সেই স্থান এৰি ৰত্নপীঠৰ ঈশানকোণৰ নীলাচললৈ মুনি গুচি গল। পৰে ইন্দ্ৰ তৎক্ষণাতে কাণে নুশুনা কলা ও বোবা এনে দৈত্যাকাৰ মনুষ্য হল। ইন্দ্ৰৰ সেই ৰূপ অৱস্থা দেখি সখীগণ সহিতে অতি দুঃখিত হৈ শচী স্বৰ্গলৈ গুচি গল।”

 সমসাময়িক এই দুই গদ্যৰ ভিতৰত হৰকান্তৰ গদ্যত সেই পুৰণি ভাব আৰু অসমীয়া কথা-ৰীতি সম্পূৰ্ণ দেখিবলৈ পোৱা হয়; আনন্দৰামৰ গদ্যত অকল নতুন ভাবৰ দেশহিতৈষণাই নহয়, কথা-ৰীতিত এটি আচহুৱা নতুন ভাঁজ সোমোৱা দেখা পোৱা হয়। এয়ে ইংৰাজী বাক্য-ৰীতিৰ প্ৰভাৱ; অকল বাক্য বিন্যাসতে নহয়, কথাৰ ঠাচতো : যেনে, “হে অসম দেস নিৱাসি লোকসকল, তোমালোকে অলপ গমি চলেই জানিবা যে তোমালোকৰ দুৰৱস্থাৰ হেতু তোমালোকেই। দেখা, প্ৰথমতে এই জাতত বিদ্যাৰ সমান আমাৰ মিত্ৰ নাই; কিয়নো তাক জানিলে আমি গিয়ান পাওঁ...হাই, হাই, কি আক্ষেপৰ কথা। হে প্ৰিয় মিত্ৰ সকল, যদি সভ্য আৰু গিয়ানি আৰু সুখী হবৰ বাঞ্ছা কৰা তেন্তে টোপনিৰ পৰা উঠাঁ।... দুতিয়তে, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক, আন একো তেনে নহই। কিন্তু যদি সভ্য আৰু সুখি হব খোজা, তেন্তে ক্ৰিসি আৰু শিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হবলৈ, পুৰুষাৰ্থ কৰাঁ।” এই ৰচনাৰ উমি উমি স্বদেশ-প্ৰেম আৰু বাচকবণীয়া শুধু শব্দাৱলী