পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


সত্বেও ইংৰাজী-ভজুৱা গদ্য ৰীতিৰ যি গোন্ধ, আমেৰিকাৰ লেখক-সকলতো তেনে নাই। লেখকৰ অজ্ঞাতসাৰেও অসমীয়া গদ্যত বিদেশী প্ৰভাৱৰ ই পাতনি।

 গুণাভিৰাম বৰুৱা (১৮৩৭-৯৪) ১৯৫৯ শকত যোৰহাটত ওপজে; এওঁ ৰণৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যাৰ সন্তান। গুণাভিৰামৰ জন্মৰ পিছ বছৰতে ৰণৰাম ঢুকায়, আৰু এওঁলোকৰ আত্মীয় আনন্দৰাম ঢেকিয়াল ফুকনহঁতে এওঁলোকক সকলো সহায় কৰে। ফুকনে নিজে গুণাভিৰামক কলিকতালৈ নি তাৰ কলুতোলা ইংৰাজী পঢ়াশালিত ভৰ্ত্তি কৰায়। ১৮৫৪ত তাৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ গুণাভিৰামে প্ৰেছিডেন্সী কলেজতে নাম লগায়, আৰু দ্বিতীয় বাৰ্ষিক পৰীক্ষাত উঠিব নোৱাৰি সেই কলেজতে আইন পঢ়িবলৈ লয়। ১৮৫২ত ফুকনে গুণাভিৰামৰ নামে লোৱা কলিকতা নিউ প্ৰেছৰ এৱেঁই অধ্যক্ষ হৈ থাকে। ১৭৭৯ শকৰ ১৮ আঘোণত গুণাভিৰামে ব্ৰজসুন্দৰীক বিয়া কৰায়। ফুকনৰ আকস্মিক মৃত্যুত গুণাভিৰাম কলিকতাৰ পৰা উলটি আহে, আৰু ১৮৫৯ ৰ অক্টবৰত ছব এছিষ্টেট কমিস্যনাৰ আৰু ১৮৬০ৰ জানুৱাৰীত একষ্ট্ৰা এছিষ্টেন্ট কমিস্যনাৰ নিযুক্ত হয়। এওঁ ফুকনৰ বৰটি লৰা ৰাধিকাৰামক বিলাতত আৰু দ্বিতীয় লৰা অন্নদাৰামক স্বদেশতে শিক্ষা দিয়ায়। ছাত্ৰ অৱস্থাৰে পৰা সামাজিক মতত গুণাভিৰাম উদাৰপন্থী আছিল, আৰু কলিকতাত থকা সময়তে এওঁৰ মন ব্ৰাহ্ম ধৰ্মৰ ফালে ঢাল লৈছিল; সেইহে বিষয়া জীৱনত ১৮৬৯ত ধুবুৰীত থাকোঁতে এওঁ ব্ৰাহ্ম ধৰ্ম লয়। এওঁ বিধবা বিবাহৰ সদায় সমৰ্থক আছিল। সেইবাবে ১৮৬৭ ৰ জুলাইত এওঁৰ আগৰ ঘৈণীয়েক ঢুকোৱাত ১৮৭০ত পৰশুৰাম বৰুৱাৰ বাঁৰী তিৰুতা বিষ্ণুপ্ৰিয়াক আকৌ বিয়া কৰায়। এই গৰাকীৰ ফালৰ ১৮৭১ ফেব্ৰুৱাৰীত স্বৰ্ণলতা, ১৮৭৪ৰ জুনত কৰুণাভিৰাম আৰু পাছত জ্ঞানদাভিৰাম আদিৰ জন্ম হয়। ১৮৯০ ৰ ৩১ মাৰ্চত ৰজাঘৰীয়া বিষয়-বাবৰ পৰা আজৰি পাই কলিকতাত এডোখৰ মাটি কিনি, ঘৰ-বাৰী সজোৱাৰ দিহা কৰোঁতেই ১৮৯৪ ৰ ২৫ মাৰ্চত এওঁৰ মৃত্যু হয়। এওঁৰ মৃত্যুৰ ঠিক দুবছৰৰ আগতে ১৮৯২ ৰ ২৬ মাৰ্চত এওঁৰ দ্বিতীয়া ভাৰ্য্যা ঢুকায়।

 ছাত্ৰ অৱস্থাৰ পৰাই গুণাভিৰাম সাহিত্যানুৰাগী আছিল। দ্বাদশ বছৰ সপ্তম সংখ্যা “অৰুনোদই”ত (জুলাই, ১৮৫৭)—“ঘোসা পুথি চপা হোআৰ বিগ্যাপন। শ্ৰীগুণাভিৰাম ডেকা বৰুআ। ১০ আঘোন, ১৭৭৮; প্ৰেচিডেন্সি কলেজ, কলিকতা৷ শ্ৰীশ্ৰীজুক্ত আউনি অটিয়া অধিকাৰ গোসাঁইৰ দোআৰাই সংশোধন কৰা হৈ” বুলি