পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


আৰ্হি লোকবিলাকক দেখাবৰ কাৰণে এই অৰুনোদইৰ মাজত দুই এক পিঠি চাপিবলৈ আমালৈ লিখিচে। এই অভিধানৰ আখৰ জোটনি আমাতকৈ কিচু বেলেগ হৈচে হই।” ১৮৫৮ ত মহাবাণী ভিক্টৰিয়া ভাৰতবৰ্ষৰ তথা অসমৰ শাসন ইষ্ট ইণ্ডিয়া কম্পেনীৰ পৰা নিজ হাতলৈ লোৱা যি ঘোষণাপত্ৰ সেই বছৰৰ ১৯ নৱেম্বৰত পাঠ কৰা হয়, ফুকনে তাৰ অসমীয়া ভাঙনি কৰিছিল।

 অসমীয়া সাহিত্যত ফুকনৰ আসন বঙ্গ-সাহিত্যত ৰাজা ৰামমোহনৰ আসনখনিৰ দৰে বাদ-বিসম্বাদৰ অতীত। “কিন্তু বঙ্গ আৰু অসমৰ সেই কালৰ অৱস্থাৰ হীন-ডেঢ়িলৈ চাই ৰামমোহন ৰায়তকৈও আনন্দৰাম ফুকনক অসাধাৰণ পুৰুষ বুলিব লাগে” এই কথা অকণো অতিৰঞ্জিত নহয়। আনন্দৰাম অকল বৰ্ত্তমান অসমীয়া গদ্যৰ প্ৰথম প্ৰৱৰ্ত্তকেই নহয়, বৰ্তমান অসমীয়া ভাষাৰ আদি অৱস্থাৰ অনেক অপায়-অমঙ্গলৰ বিৰুদ্ধে যুজা প্ৰথম আগৰণুৱা তেওঁ, অসমীয়া সাহিত্যৰ আৰু জাতিৰ নতুন আদৰ্শ। দাঙি ধৰোঁতা তেওঁ। ফুকনৰ লেখৰ সাহিত্যিক অৱদান কি বুলি সুধিলে অৱশ্যে আহুকালত পৰিব লগা হয়; কিয়নো তাৰ উত্তৰত আমি তেওঁৰ পঢ়াশলীয়া পাঠ্য 'অসমীয়া লৰাৰ মিত্ৰ' আৰু ইংৰাজীত লিখা পাণ্ডিত্যপূৰ্ণ অসমীয়া ভাষা সম্পৰ্কীয় টোকা পুথিলৈকো আঙুলিয়াব নোৱাৰোঁ। কিন্তু খৃষ্টীয় অসমীয়া সাহিত্যৰ বাহিৰ মেৰত যিসকল থলুৱা অসমীয়া লেখকৰ প্ৰতিভা সিচৰতি হৈ আছিল, শক্তিধৰ লেখকৰূপে ফুকনে নিজ ব্যক্তিত্বৰ প্ৰভাৱেৰে সেই সমূহ শক্তি একত্ৰিত কৰি প্ৰকৃততে অসমীয়া সাহিত্যৰ বৰ্ত্তমান যুগৰ সূত্ৰপাত কৰে; যুগৰ অধিনায়কৰূপে তেওঁৰ এয়েই যথেষ্ট অৱদান। ওঠৰ বছৰীয়া ফুকনে যেতিয়া ‘অৰুনোদই'ৰ “ইংলণ্ডৰ বিৱৰন”ত লিখে—“হে ক্ৰিপামই জগদিস্বৰ, এই অসম দেশৰ লোকসকলক স্বদেশী সভ্য গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া, আৰু তোমাৰ বিচিত্ৰ সক্তিৰে সিবিলাকক সভা কৰা, আৰু তোমাক জানিবৰ আৰু আজ্ঞা পালিব জোগ্য কৰা। জি সময়ত অসম হাবি গুচি ফুলবাৰি হব, গাঁৱে গাঁৱে হেজাৰে হেজাৰে পৰ্হাসালি, গিয়ানৰ সভা, চিকিতসালই, দুখিয়া-দৰিদ্ৰ পৰিত্ৰানৰ আলয় হব, আৰু জিকালত লোকসকলে পৰস্পৰ হিংসা নকৰি আটাইয়ে আটাইকে ভাত্ৰিবত চেনেহ কৰিব, কেৱে দুটকা কানিৰ সলনি মিছা সাখি নিদিব, লাখ টকাকো কাতি কৰি থব, কোটি টকা ভেটি পাইও কাৰো অন্যায় নকৰিব, বেশ্যা