পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


বহাগত মাহিন্দ্ৰী দেৱীৰ লগত এওঁৰ বিয়া হয়। পৈতৃক সম্পত্তি ক্ৰমে হ্ৰাস পাই। অহা বাবে কামৰূপ জিলাৰ কলেক্টৰ এগ্নিউৰ আদেশমতে ১৮৪৭ ৰ ২৯ এপ্ৰিলত এওঁ খাতা পৰগণাৰ জিম্মাদাৰ নিযুক্ত হয়। এই বছৰৰে ১৬ নৱেম্বৰৰ মেথীৰ আদেশ মতে মাহিলি ২৫০, টকা বেতনত ফুকনে বিজনী ৰজাৰ দেৱানৰ পদ প্ৰহণ কৰে। ১৮৫২ ত এওঁ কলিকতালৈ গৈ গুণাভিৰাম বৰুৱাৰ নামত কলিকতা নিউ প্ৰেছ নাম দি এখন ছপাশাল কিনে। পিছে এই বছৰৰে ২৭ অক্টবৰত জেনকিন্সৰ অনুগ্ৰহ তেওঁ বৰপেটাৰ এছিষ্টেন্ট কমিস্যনাৰ পদ পায়, আৰু বিজনীৰ সকলো লেঠা এবি দি এই পদত তেওঁ ভৰ্ত্তি হয়। ১৮৫৯ৰ ১৬ জুনত (আষাঢ়, ১৮৭১ শক) ২৯ বছৰ ৯ মাহ ২৯ দিন বয়স হওঁতে যুকনৰ মৃত্যু হয়।

 সংস্কৃত আৰু বঙলাৰ বাহিৰেও ফুকনে ফাৰ্ছি ভাষা শিকি সেই ভাষাৰ পুথি গুলিস্তান ৰোৱৈস্তান পৰ্যন্ত পঢ়িছিল, আৰু পন্দেনামাৰ পদ্যবোৰ এওঁৰ সম্পূৰ্ণ কণ্ঠস্থ আছিল। এওঁ বহুত যত্নেৰে ১৮৪৯ ত ‘অসমীয়া লৰাৰ মিত্ৰ’ পুথিমালা লিখি নিজে প্ৰকাশ কৰিছিল; কিন্তু অকাল মৃত্যুৰ বাবে এই পুথিমালা সম্পূৰ্ণ কৈ ওলাবলৈ নাপালে। “অৰুনোদই সম্বাদ পত্ৰ, দুতিয় চোআ, ১৮৪৭” চতুৰ্থ সংখ্যাত “শ্ৰীযুত বাবু আনন্দিৰাম যুক্ত কৰ্তৃক “ইংলণ্ডৰ বিৱৰণ’’ প্ৰৱন্ধ দেখিয়ে জানিব পাৰোঁ ওঠৰ বছৰ বয়সৰ পৰা ফুকনে সাহিত্যিক জীৱনৰ উমেদাৰি কৰিছিল। ১৮৫৬ ত পোনতে মোফাট মিলছ্ আহোঁতে তেওঁ অসমৰ বিভিন্ন অভাৱ-অভিযোগ আৰু ঘাইকৈ অসমীয়া ভাষাক নিজ দেশৰ সিংহাসনচ্যুত কৰাৰ বিৰুদ্ধে যিটি বহুমূলীয়া প্ৰতিবেদন দিয়ে, প্ৰতিবেদনমূলক পৰিশিষ্টত সি বিশেষপে স্থান পাইছে। ১৮৫৫ত শিৱসাগৰ বেপটিষ্ট মিস্যন প্ৰেছৰ পৰা 'এজন দেশী লেখকে লিখা অসমীয়া ভাষা সম্পৰ্কে কেইটামান কথা’ বুলি যিখনি বহুমূলীয়া ইংৰাজী গ্ৰন্থ ওলায় তাত ফুকনৰ পাণ্ডিত্য আৰু দেশ-প্ৰেম সুন্দৰৰূপে প্ৰকাশ পাইছে; আৰু তাত স্বতন্ত্ৰ ভাষা ৰূপে অসমীয়াৰ দাবী কি কি প্ৰমাণৰ ওপৰত ঠিয় হব পাৰে সিও ভালকৈ ফুটি ওলাইছে। ১৮৫৬ ৰ ভিতৰতে ফুকনে বৰ্তমান আখৰ-জোটনিৰ ৰীতিৰে ইংৰাজী- অসমীয়া আৰু অসমীয়া-ইংৰাজী দুখন অভিধান লিখে; কিন্তু তেওঁৰ অকাল মৃত্যুৰ বাবে সিও পোহৰৰ মুখ দেখিবলৈ নাপালে। এই সম্পৰ্কে “অৰুনোদই”ৰ সম্পাদকে লিখিছিল, “শ্ৰীজুত আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজি-অচমিয়া আৰু আচমিয়া-ইংৰাজি এইৰূপে দুই খণ্ড অভিধান লিখিছে। তাৰ