পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


মানুহৰ এভাগে জিবিকাৰ উপাই নিমিতে কই স্ৰমেৰে বিদেসি ভাসা সিকে; আৰু কিছু বঙ্গালি কথা লিখিব বুজিব পাৰিলে কাচাৰিলৈ গৈ তাত বঙ্গালি অচমিয়া দুয়োকো মিহলাই আৰজি আদি লিখি জিবিকাৰ উলিয়াই। কাচাৰি ঘৰত দিনৰ দিনটো হিন্দুস্থানি বঙ্গালি আৰু কেতিয়াবা কিছু অচমিয়া কথাও মিহলাই কাম-কাজ কৰে; কিন্তু আপোন ঘৰ পৰিআল পোআ মাত্ৰে সুধ ৰূপে নিজ মাত্ৰি ভাসাৰে আলাপ কৰে। এইদৰে প্ৰাই ৩০ বছৰ গল, কিন্তু অচমিয়া ভাসা ব্ৰহ্মপুত্ৰ নদিৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিব॥"

 নিধি লেৱি ফাৰৱেল খৃষ্টীয় অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্ত্তিৰ তৃতীয়টি। ব্ৰাউন আৰু কট্টৰৰ মেমে তেওঁলোকৰ সদিয়াৰ পঢ়াশালিৰ বাবে গোটোৱা লৰাবোৰৰ ভিতৰত নিধি নামে চোকা-বুধীয়া সৰু লৰা এটি পাইছিল; ছপাশালৰ উমেদাৰ ৰূপে তেওঁলোক জয়পুৰলৈ লৈ আহে। তেতিয়া নিধিৰ বয়স চৌধ বছৰ। খৃষ্ট ধৰ্ম গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ কৰাত বিচক্ষণ বুদ্ধি আৰু অধ্যায়নশীল স্বভাৱৰ এই লৰাটিক ১৮৪১ ৰ ১৩ জুনত ব্ৰন্সনে জয়পুৰত শৰণ দিয়ে। এই আদি অৱস্থাত খৃষ্ট-ধৰ্মৰ ন-শৰণীয়া একোজনক আমেৰিকাৰ একোজন ধনীয়ে একোটা বৃত্তি দিয়ে; আৰু তাৰ বাবে পৃষ্ঠপোষকৰ উপাধিয়েই শৰণীয়াজনৰ নতুন উপাধি হয়; নিধিয়ে এইদৰেই লেৱি ফাৰৱেল উপাধি পালে। এওঁ বোলে আদিতে তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱৰ কেওট কুলীয়া লৰা আছিল। ১৮৪৪ ৰ দিশেম্বৰত শিৱসাগৰত ব্ৰাউনে এওঁৰ পত্নীক শৰণ দিয়ে। গদ্য-পদ্য উভয় ৰচনাতে নিধিৰ হাত আছিল; “অৰুনোদই” ত এওঁৰ বিনই বচন, চৰগৰ বিৱৰণ, নৰকৰ বিৱৰণ, প্ৰভু যিচু খৃষ্টৰ অৱতাৰ, নিস্তাৰৰ উপাই আদি পদ্য আৰু হিন্দুস্থানৰ বুৰঞ্জী আদি গদ্য ৰচনা আৰু কিছুমান চিঠি ওলায়। এই চিঠিবোৰৰ এখনত এওঁ ভালেমান দিনৰ মূৰত দেখা নিজ গাঁৱৰ কথা বৰ্ণাইছে। ইয়াৰ উপৰিও “কণি বেহেৰুৱাৰ সাধু" আদি কেইবাখনো সৰু সৰু পুথি এওঁ উলিয়ায়; আৰু এওঁৰ ভাৰতীয় দণ্ডবিধি আইন পুথি ১৮৬৫ ত শিৱসাগৰ মিসন প্ৰেছৰ পৰা ছাপা হৈ ওলায়। মুঠতে ‘আৰুনোদই”ৰ বাহিৰেও ব্ৰাউনৰ বাইবোল ভাঙনি, আৰু ব্ৰন্সনৰ শব্দকোষ আদি খৃষ্টীয় অসমীয়া সাহিত্যৰ প্ৰায় ভাগতে নিধিৰ হাত আছিল। হেমচন্দ্ৰ বৰুৱাৰ আত্মজীৱনীত আছে “মই তাৰ (অৰুনোদইৰ)