পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৭
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


যে ইমানখিনি অসমীয়া শব্দ গোটাই সজাই ৰাখিলে, ইও সামান্য লাভৰ কথা নহয়। এই অভিধানৰ ইংৰাজী পাতনিতে এওঁ ইয়াৰ লগৰীয়া ইংৰাজী-অসমীয়া শব্দকোষ এখনি লিখাৰ সঙ্কল্প প্ৰকাশ কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ পঢ়াশলীয়া অভিধান, হেমকোষ আদি ওলোৱাৰ আগলৈকে এইখনেই একমাত্ৰ অসমীয়া ছপা শব্দকোষ আছিল। ইংৰাজী পাতনিত এওঁ লিখিছে— “ইয়াৰ আগতে এই ভাষাৰ কোনো গঢ় নোপোৱাত আৰু যেয়ে যেনেকৈ পায় তেনেকৈ লিখা আন সকলো প্ৰথম চেষ্টাৰ দৰেই এই চেষ্টাও নিশ্চয় অলপ নহয় অলপ অসম্পূৰ্ণ হবই। তথাপি বিনা-বিচাৰে এটি শব্দও সৰকি যাবলৈ দিয়া হোৱা নাই, আৰু সন্দেহৰ স্থলত আটাইতকৈ জ্ঞান-বয়োবৃদ্ধ লোকক সুধি লোৱা হৈছে। ইয়াৰ আখৰ-জোটনিত অসমীয়া পণ্ডিত যাদুৰাম বৰুৱাৰ নিয়ম মানি চলা হৈছে; মোৰ বিশ্বাস, আনবোৰ নিয়মতকৈ এই নিয়মেই জনসাধাৰণৰ উচ্চাৰণ লগত অধিক মিলে। গতিকে এই শব্দকোষ আৰু অৰুনোদই কাকতৰ তথা খৃষ্টীয় অসমীয়া সাহিত্যৰ আখৰ-জোটনিৰ বাবে এওঁলোকৰ অজ্ঞতাত দোষ পোলাযব খোজা সমালোচকসকল অৱশ্য পৰি চকুৱা। সেই আখৰ জোটনিৰেই লিখা তেওঁৰ এই অভিধানৰ “আভাস’’টি যেনে যুক্তিপূৰ্ণ, তেনে আবেগ উদ্দীপনাময়।—

 ‘সকলো জাতি আৰু মানুহৰ মাজত নিজ মাত্ৰি ভাসা আদৰণিয়। সেয়ে জিমান কি খিন আৰু অসোভিত নহওক , তেওঁ আপোন ভাসা বুলি নেৰে। ৰণ-বিগ্ৰহ, ৰাজ্য ভগা আৰু নতুন ৰাজ্য পতা, এনে দুৰ্ঘটনৰ পৰা বা নানা বিদেসি ভাষা সিকাতে মাত্ৰি ভাসাক গুচাব নোৱাৰে। আমাৰ এই অচম দেসত ইয়াৰ প্ৰমাণ দেখা গৈচে। পূৰ্বে আহোম ৰজাসকলে এই দেস জই কৰি স স বচৰ ভোগ কৰিলে। তেওবিলাকৰ ভাসা খামতি জাতিৰ সমন্ধিয় এক ভাসা আচিল। কিন্তু এনে অতি আচৰিত জে ৰজা- সকলৰ ভাসাই অসমীয়া ভাসাৰ একো হানি নকৰি এতিয়া প্ৰাই সেই ভাসা আপুনি লোপ হল। এইদৰে মান আৰু মচলমানৰ সৈন্য বাৰে বাবে এই দেসত ৰণ কৰি দেসৰ বহু উতপাত কৰিলে , তথাপি ভাসাৰ একো লৰ নহল। আৰু বৰ্ত্তমান কালত এই দেশ ইংলণ্ডয়সকলৰ অধিন হোআত তেওঁবিলাকে অচমিয়া ভাসাৰ প্ৰতি বিসেস সহায় নহই বঙ্গালি ভাসাক নিজ মাত্ৰি ভাসা বুলি গৱৰ্ণমেণ্টৰ সকলো কৰম আৰু স্কুল আদিতো বেৱহাৰ কৰে। তাতে আমাৰ আচমিয়া