পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য ২৮১ তেৱেঁ দয়াতুৰ দেহত নি বৰ্ণবিন্যাস সংশোধনৰ নিমিত্তে যত্ন কৰিবলৈ ধৰিলোঁ। মোৰ এই চেষ্টাত নিধি লেৰি, ফাৰৱেল নামেৰে এটা দেশী খুষ্টিয়ানৰ পৰা বৰ বাধা পাইছিলোঁ। সি তাৰ গুৰু ব্ৰাউন চাহাবৰ বৰ্ণবিন্যাসৰ প্ৰণালীৰ এক আঙ্গুলো লৰচৰ হোৱাক মহা পাপ যেন ভাবিছিল। তাৰ কথাত নিষিয়ে জনচেৰেক ডাঙ্গৰীয়বো মত লৈছিল।” এনে উল্লেখত নিধিৰ প্ৰতি ন্যায় আচৰণ কৰা হৈছে বুলিব নোৱাৰি। এওঁৰ ‘বিনই বচন’ৰ নিচিনা ৰচনাত যিশু খৃষ্ট আদিৰ ঠাইত বিষ্ণু-কৃষ্ণ আদি শব্দ বলুৱালে ই বৈষ্ণৱ ধৰ্মৰ কবিতাৰ দৰে হৈ পৰিব “শুনা সৰ্বজন বিনই বচন দিয়ে দিওঁক বাস। পাপ তৰিৱৰ যিচু পদ সাৰ নাহি অনা আৰ আশ। আপুনি ইস্বৰ পূৰ্ণ ব্ৰহ্ম সনাতন। যিচু বিনে আব সকলে আসব। ভাবি দেখা সংঞ্জন।... জেন খ্ৰিখা ডালে পৰি গৈ সকল দত্ত কি দুগত থাকে। সেই ৰূপে আন নিয়ে গোলা সৱাকে। == দিপ্তিতে সঘন কৰিলে গমন অপমান নাহি হব। অন্ধকাৰে ভাই চলিলে সদাই পবতে উজন্তি যাব। খ্ৰীষ্ঠত কৰা আশ্ৰই। যিীচু বিনে আৰ নাহিকে উধাণ অলনি নিয়ে ভাই।” এই তিনিজনৰ বাহিৰেও খৃষ্টীয় অসমীয়া সাহিত্যত বণি-যোগাওঁতাৰ লেখ এলা-পেচা নহয়। ১৮৪০ ত শিৱসাগৰত প্ৰথমে এই মিসানেৰীসকলৰ প্ৰেছ স্থাপিত হয়, আৰু তাৰ পৰাই ১৮৪৪ ত াশীনাথ তামূলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ অসম বুৰঞ্জী আৰু ১৮৪৬ ব অননুৱাৰীত তোগালী বিহুৰ পাছতে “অৰুনোদই” ওলাবলৈ ধৰে। ইয়াৰ প্ৰথম সম্পাদক ওলিবৰ টি কট্টৰ; ইলষ্ট্ৰেটে পশু নিউজ কাকতৰ চিত্ৰৰ পৰা অসমীয়া খনিকৰৰ হতুৱা ব্লক কটাই এই কাকত সচিত্ৰ কৰা হৈছিল। ধৰ্ম, সাহিত্য, বুৰঞ্জী, বিজ্ঞান, দেশ-বিদেশৰ বাতৰি আদিয়ে ইয়াত ঠাই পাইছিল; আৰু ইয়াৰ ভাষা বুৰঞ্জী গদ্যৰ দৰেই সহজ, সৰল আৰু সৰ্বসাধাৰণ অসমীয়াৰ কথা-বাৰ্তা। গঢ়ত লিখা আছিল বাবে ই অতি সৰবৰহী হৈ উঠিছিল। ১৮৬৭-৬৮ ত এই কাকতৰ প্ৰাহকৰ লেখ সাত শৰ ওচৰা-চৰি হৈছিল, স্বৰূপতে ইয়াৰ ৫০/৬০ বছৰৰ পাছলৈকো ১৯ এই হে সুন মোৰ নিবেদন