আধুনিক যুগত স্বাভাৱিক নহয়; তাৰ বাৰে বৰ্তমান মানুহৰ মনৰ থাউনি কত? গতিকে ভাষাত নহলেও ভাবত এনেবোৰ গীতৰ জন্ম নিশ্চয় বহুত পুৰণি।
“শিয়ালি এ', নাহিবি ৰাতি। তোৰে কাণ কাটি লগাম বাতি।৷
শিয়ালিৰ মূৰতে মৰুৱা ফুল। শিয়ালি পালেগৈ ৰতনপুৰ৷৷”
“জোনবাই এ', তৰা এটি দিয়াঁ পাত নাই, চোত নাই, কিহতকৈ দিম?
হালধীয়া চৰায়ে বাওধান খায়। শহুৰৰ পুতেকে নাও মেলি যায়।
নাৱে বোলে টুলুংভুটং, বঠাই বোলে টলুংভুটুং। গধুলিতে ডবা কোবায়।"
এনেবোৰ নিচুকনি বা ধাই নামৰ বাহিৰেও প্ৰকৃতি-পুৰাণ বুলিব পৰা কিছুমান চহা অসমীয়া সাধুত এই কথাৰ প্ৰমাণ পোৱা হয় :—
ওকণী সখী মৰি গল, বগে বৰত কৰে।
লুইত ফেনা, মহ মেনা।৷ গছ নিপাতী, কপৌ কণা।"
ওকণী, বগ, মহ, কপৌ, গছ, লুইত আদিৰ পৰম্পৰ এনে নলে-গলে লগা সম্পৰ্কৰ সাধুও ঠিক একদৰেই সেই কোনোবা সত্যযুগৰ বুলি অনুমান কৰিব পাৰি।
'টোপনি চিকুণ পুৱা, কটাৰি চিকুণ গুৱা।
জকাই বাওঁতে ছোৱালী চাবাঁ দেখি কেনেকুৱা।’
বুঢ়ী আই ঐ! নহিলি সুখৰ কালত।
সাতজনী নিগনী খীৰাই খাইছিলোঁ, গেৰেলাক বাইছিলোঁ হালত।
এনে কিছুমান যোজনা-পটন্তৰৰ ভাবত যথেষ্ট প্ৰাচীন-গন্ধী যেন লাগে। তদুপৰি—
কথিলেই কথা মথিলেই ঘিউ। ভাতত দিয়া হাঁহকণীৰ কেনি যায় জীউ।”
‘বাৰ হাত জালৰ তেৰ হাত ফটা। ভাল মাৰিলি বাপৰ বটা॥
ৰউ-বৰালি সৰকি গাল। পুঠি-খলিহা পাহে পাহে ৰল।”
এনেবিলাক ফকৰাৰ ভকতীয়া অৰ্থ-ব্যাখ্যা আদি দিয়া হলেও এইবোৰ বৈষ্ণৱ বা প্ৰাক্ বৈষ্ণৱ যুগৰো পূৰ্বকালৰ যেন অনুমান হয়। কিন্তু ই অনুমান মাত্ৰ, আৰু এই অনুমানো কেৱল কিছুমান ফকৰা ভাবত প্ৰাচীন হব পাৰে বুলি: এইবোৰৰ ভাষা অৰ্বাচীন নিশ্চয়। মুঠতে পাৰদৰ দৰে চহা সাহিত্য এনে চঞ্চল যে তাক কোনো নিৰ্দিষ্ট যুগত সুমুওৱা টান; বা, ডক্টৰ জুলছ্ ব্লখে কবৰ দৰে চহা-সাহিত্যৰ কোনো যুগ নাই।