পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
নতুন পোহৰত অসমীয়া বুৰঞ্জী

নাই। সেই আদিম অৱস্থাত সাহিত্য অবশ্যে কোনো শিক্ষামূলক অনুষ্ঠানৰ শহ নাছিল, কিয়নো তেনেবোৰ প্ৰতিষ্ঠানৰ জন্মৰ আগতেই সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বন-ফুল ৰূপেই সেই জন-কবিতাই জনম পায়। অৱশ্যে সাহিত্যৰ আত্মা ভাব, শৰীৰ ভাষা; গতিকে শৰীৰৰ গঢ়ত নহলেও আত্মাৰ প্ৰতিধ্বনি বা ভাব ৰূপত কিছুমান চহা গীত-সাধুত সেই আদিম অৱস্থাৰ সাহিত্যৰ যৎকিঞ্চিৎ আভাস পাওঁহ’ক। কিন্তু শত শত বছৰৰ ভিতৰেদি সেই প্ৰতিধ্বনি ইমান খীণ হৈ আহিছে, নতুন শৰীৰত পুৰণি আত্মাই এনেকৈ লুকালুকি খেলিব পাৰে যে আনৰ জাকত সেইবোৰ পোনেই চিনি পোৱা টান।

 অলপ বিবেচনা কৰিলেই আমি বুজিব পাৰোঁ অতি আদিম অৱস্থাত মানুহ প্ৰাণৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক সম্পূৰ্ণ অন্তৰঙ্গ, আৰু উদ্ভিদ-জগত আৰু জীৱ- জগতৰ আটাইৰে লগত অন্তৰৰ ঘনিষ্ঠতা নিবিড় আছিল। আধুনিক সভ্যতাৰ বিস্তাৰৰ লগে লগে মানুহ যিমানে স্বাৰ্থপৰ আৰু কৃত্ৰিম স্বভাৱৰ হৈছে, সিমানেই সেই সম্বন্ধ পাতলি আহিছে। উদাহৰণ স্বৰূপে,-

'অ' ফুল, অ' ফুল, নুফল কিয়?’
'গৰুৱে যে আগ খায়, মইনো ফুলিম কিয়?’
'অ' গৰু অ' গৰু, আগ খাৱ কিয়?’
'গৰখীয়াই যে গৰু নৰখে, মইনো নাখাম কিয়?’
'অ’ গৰখীয়া, অ' গৰখীয়া, গৰু নৰখ কিয়?’
‘ৰান্ধনীয়ে যে ভাত নিদিয়ে, মইনো ৰখিম কিয়?’
'অ' ৰান্ধনী, অ' ৰান্ধনী, ভাত নিদিয় কিয়?’
'খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?’
‘অ খৰিকটীয়া, অ' খৰিকটীয়া, খৰি নিদিয় কিয়?’
'মেঘে যে বৰষে, মইনো দিম কিয়?’
'অ' মেঘ, অ' মেষ, বৰষ কিয়?’
'ভেকুলিয়ে যে টোৰ্টোৰায়, মই নবৰষিম কিয়?’
‘অ' ভেকুলি, অ' ভেকুলি, টোৰ্টোৰাৱ কিয়?’
'বোপা-ককাৰ বৃত্তিটো এৰিম বা কিয়?’

ফুল, মেঘ, ভেকুলি আদিৰ লগত এনে আলাপৰ কল্পনা কেতিয়াও