পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
নতুন পোহৰত অসমীয়া বুৰঞ্জী


 কিন্তু অন্ততঃ এবিধ চহা সাহিত্য আছে মৌখিক হলেও অলপ ঢিলা- সোলোকাকৈ তাৰ যুগ নিৰ্ণয় কৰা কঠিন 'নহয় : সেয়ে হৈছে চহা গীত-কাব্য। ই আখ্যানমূলক যেতিয়া আখ্যানৰ নায়কজনৰ পাছত এশ মান বছৰৰ ভিতৰতে সেই গীত-কাব্যই প্ৰথম গঢ় লয় বুলি সাধাৰণতে ধৰিব পাৰি। প্ৰমাণৰূপে, বদন বৰফুকনৰ গীত আৰু মণিৰাম দেৱানৰ গীত নিশ্চয় তেওঁলোকৰ মৃত্যুৰ কেইবছৰ মানৰ ভিতৰতে ৰচিত হৈছিল; কিন্তু আখ্যানৰ নায়কজন যিমান পুৰণি, গীতৰ সম্পূৰ্ণ গঢ় লোৱা কালো সেই অনুপাতে দীঘলীয়া হয়। মণিকোঁৱৰ আৰু ফুলকোঁৱৰ গীত দুটিকেই আটাইতকৈ পুৰণি বোলা হয়, কিয়নো এই দুটি গীতৰ লগত প্ৰাক্-ঐতিহাসিক যুগৰ এজন অসমীয়া ৰজা জড়িত আছে—

শঙ্কলদেৱ ৰজাৰে পুতেক মণিকোঁৱৰ, কোলাতে খতি-খুণ নাই।
এবেলা দোলাতে, এবেলা ঘোৰাতে, এবেলা খেৰি খেলায়॥”

 মহম্মদ কাছিম ফেৰিষ্টাৰ মতে প্ৰাচীন অসমৰ ৰজা শঙ্কলাদিৱ বা শঙ্কলদেৱ কৈকোছ আৰু কৈখুশ্ৰুৰ সমসাময়িক। উত্তৰ ভাৰতৰ ৰজা কেদাৰ ব্ৰাহ্মণ আদিতে এওঁলোকৰ কৰতলীয়া আছিল। পাছত শঙ্কলাদিবে কেদাৰৰ ৰাজ্য কাঢ়ি লৈ লগতে বঙ্গ আৰু বেহাৰ জয় কৰি লক্ষণাৱতী গৌড় নগৰ প্ৰতিষ্ঠা কৰে। ত্ৰয়োদশ শতিকাত মোগলে ভাৰত আক্ৰমণ কৰি টুন্ডালৈ স্থনান্তৰিত নকৰালৈকে দুই হাজাৰ ই বঙ্গৰ ৰাজধানী আছিল। এয়ে হলে শঙ্কলাদিৱ অবশ্যে খৃষ্টপূৰ্ব সপ্তম শতিকাৰ ৰজা বুলি প্ৰমাণিত হয়।

 চাৰি লাখ পদাতিক এক লাখ অশ্বাৰোহী আৰু চাৰি হাজাৰ গজাৰোহী সৈন্য লৈ প্ৰৱল প্ৰতাপী বা শঙ্কলাদিৱে কেদাৰ ব্ৰাহ্মণৰ দৰে কৰতলীয়া হৈ থাকিবলৈ অমান্তি হোৱাত পাৰস্যৰ ৰজা আফ্ৰছিয়াৰৰ লগত ৰংপুৰৰ ঘোৰাঘাট পৰ্বতত দুইৰো ঘোৰ যুদ্ধ হয়। সেই যুদ্ধত পোনতে আফ্ৰছিয়াৰ ঘাটিব লগা হৈছিল যদিও নতুন এদল সৈন্য আহি আক্ৰমণ কৰাত শঙ্কলাদিৱৰ পৰাজয় ঘটে, আৰ শেষত পাৰস্যৰ বীৰ ৰুস্তুমৰ হাতত তেওঁৰ মত্যু হয়। ৰুস্তুমৰ কাল খৃষ্টপূৰ্ব সপ্তম শতিকাত সুপ্ৰতিষ্ঠিত বুলি ধৰা হয়, আৰু তেতিয়া হলে দুইটা ঘটনাৰ সম্পূৰ্ণ মিল হয়। কিন্তু ফিৰদৌছীৰ শ্বাহনামা মতে চতুৰ্থ খৃষ্টীয় শতাব্দীৰ ছেছানীয় ফৈদৰ পাৰসীয় ৰজা বাহৰাম গৌৰৰ আক্ৰমণ প্ৰসঙ্গতহে ভাৰতীয় ৰজা শঙ্কলাদিৱৰ উল্লেখ আছে। এই প্ৰায় এক হাজাৰ বছৰৰ প্ৰভেদৰ কাৰণ, এডৱাৰ্ড গেইটৰ মতে, আফ্ৰছিয়াৰ কোনো এজন ৰজাৰ গুটীয়া