পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


প্ৰবাস নানান দুখৰ সোঁৱৰণেৰে ভৰা হলেও, এওঁ একোলৈকে কেৰেপ নকৰি সেই চেঙেৰা ডেকাৰ উদ্যমেৰেই অসমত শেষলৈকে কাম কৰি গল। এই কৰ্মক্ষেত্ৰই এওঁৰ সুহৃদ আৰু সতীৰ্থ থমাছৰ ভনীয়েক কুমাৰী ৰোডা আৰু দ্বিতীয়া পত্নীকে আদি কৰি ভালেখিনি আত্মীয়ৰ সমাধি-ভূমি। তথাপি অসমত ভৰি দিয়া দিন ধৰি এদিন এখন্তেকলৈও আলাহ-দুখ নামানি নেৰানেপেৰাকৈ একুৰি দুবছৰৰ ওপৰ কাল খাটিলে। সদিয়া, জয়পুৰ আৰু নামচাঙত এওঁৰ প্ৰথম ছোৱা কাল কটাই ১৮৪১ ৰ অক্টবৰত উজনি অসমৰ পৰা নগা আদিৰ বিদ্ৰোহত খেদা খাই যেতিয়া ব্ৰঙ্গনে নগাঁৱত কিছু কাললৈ থিতাপি লয়গৈ, তেতিয়া পঢ়াশালি, ধৰ্ম-প্ৰচাৰ আৰু মাউৰাশালিৰ কামেই তেওঁৰ সকলোখিনি সময় শুহি লয়। ১৮৪৮ ত ষ্টাডাৰ্ড-দম্পতীয়ে অজৰাই দিয়াত স্বাস্থ-লাভৰ বাবে ব্ৰন্সন-দম্পতী আমেৰিকালৈ যায়, আৰু ১৮৫১ মাৰ্চত যুৱলিত পুনৰ কান্ধ পাতে। আগৰ কামৰ উপৰিও এওঁ এতিয়া খ্ৰীষ্টীয় অসমীয়া সাহিত্যৰ বাবে কঠিন পৰিশ্ৰম কৰে, আৰু বাইবেল পুথিৰ বহুত কথা আৰু খ্ৰীষ্টীয় তুতি- গান একুৰি অসমীয়ালৈ ভাঙে। বাৰ বছৰৰ কঠোৰ কষ্টৰ পাছত ২৮৬৭ ৰ আগষ্টত এওঁ প্ৰথম অসমীয়া ইংৰাজী ছপা অভিধানখনি উলিয়ায়, আৰু অসমীয়া জাতিক এই অৱদানেৰেই তেওঁ চিৰঋণী কৰে। আকৌ স্বাস্থ্য লাভৰ বাবে এওঁলোক দ্বিতীয় বাৰ আমেৰিকালৈ যায়, আৰু তাতেই ১৮৬৯ ৰ সেপ্তেম্বৰত এওঁৰ প্ৰথমা পত্নী ঢুকায়। সিমানতো জীয়েক কুমাৰী মেৰিয়াক সাৰথি লৈ ১৮৭১ ত তেওঁ ডেনফৰ্থৰ বিধৱা পত্নীক পুনৰ্বিবাহ কৰায়, আৰু তেৱোঁ ১৮৭৪ত স্বাস্থ্যলাভৰ বাবে ব্ৰহ্মদেশলৈ গৈ তাতে মৃত্যুৰ মুখত পৰে। জীয়েক মেৰিয়াছ মাহী মাকৰ লগত মান দেশলৈ গৈছিল, আৰু তাৰ পৰা নগাঁৱলৈ উলটি আহেঁতে এৱোঁ গুৱালপাৰৰ ওচৰতে হাইজাত পৰি জাহাজতে ঢুকায়। ১৮৭৮ ত এওঁ যেতিয়া শেষ বাৰ অসম এৰে, বিদায় দিওঁতাসকলক কৈছিল.. “যাবলৈ মোৰ সত যোৱা নাই। মোৰ হিয়া ইয়াতে থাকি যাব।" ইয়াৰ পাঁচ বছৰ পাছত আমেৰিকাৰ মিছিগানৰ ইটন ৰেপিড নামৰ ঠাইত ১৮৮৩ ৰ ১০ নৱেম্বৰত ৭১ বছৰ বয়সত মাইলছ ব্ৰন্সনে। চিৰশান্তি লাভ কৰে।

 ব্ৰন্সনৰ কীৰ্ত্তিস্তম্ভ এই শব্দকোষত ১৪০০০ মান অসমীয়া শব্দ আৰু তাৰ অসমীয়া আৰু ইংৰাজী অৰ্থ দিয়া আছে; আন সকলো কথা এৰিও, তেওঁ