পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


গুচাই আকৌ তাৰ ঠাইত অসমীয়াক পুনৰ অভিযেক কৰিবলৈ তেওঁলোকে শাসক জনালে। সদ্যহতে তাৰ ফল নধৰিল যদিও, অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ তেওঁলোক উঠি-পৰি লাগিল; আৰু তাৰ সুফল স্বৰূপে কেৰী আদি শ্ৰীৰামপুৰৰ পাদ্ৰীসকলে বঙলা ভাষা পতাৰ দৰে, এওঁলোকেই বৰ্ত্তমান অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ়ৰূপে থাপনা কৰিলে।

 ( খ ) আত্মবিশ্বাসহীনতা : এই যুগৰ পাতনিত অসমীয়া জাতি মৰি শালিৰ পৰা অহা মানুহৰ দৰে আনন্দ-বিহীন আৰু উৎসাহ-শূন্য। মান ৰজাই কেতিয়াও অসম নিয়মিতভাৱে অধিকাৰ কৰা নাছিল; অথচ যেতিয়া য়াণ্ডাবু সন্ধিমতে ইংৰাজে অসম অধিকাৰ কৰি বহিল, অসমীয়াই তাক দেখিও নেদেখিলে : তাৰ বিৰুদ্ধে মাত এষাৰ মতা যে দূৰৰ কথাই! মাতৃভাষাৰ বিষয়েও সেই একেটি সাধুৱেই; ইংৰাজ শাসনৰ বিৰুদ্ধে অকলশৰীয়াকৈ হলেও গুজৰি-গুমৰি থকা মণিৰাম দেৱানৰ (১৮ো৬-৫৮) দৰে, বঙলা ভাষাৰ শাসনৰ বিৰুদ্ধে পাদ্ৰীসকলৰ লগত পোনতে যোগ দিওঁতা একমাত্ৰ অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৫৮)। কিন্তু এটি কুলি চৰাইৰ মাততে যেনেকৈ বসন্ত কাল নাহে, সেইদৰে জাগ্ৰত এই দুজন-এজন অসমীয়াই সেই কালৰ সৰ্বসাধাৰণৰ আত্মবিস্মৃতিৰ কথাহে সুপ্ৰমাণিত কৰে; স্বৰূপতে অসমীয়া জাতিৰ সেই জড়তা ভাগিবলৈ আধা শতিকাৰ ওপৰ কাল লাগিছিল নিশ্চয়; কিন্তু সেই জড়তাৰ মোহ আজিও অৱশ্যে একেবাৰে আঁতৰিছে বুলিব নোৱাৰি। মানৰ আক্ৰমণৰ বিভীষিকাৰ দৰে বঙ্গ-ভাষাতঙ্কয়ো ভূতৰ ভয়ৰ নিচিনাকৈ অসমীয়াৰ মনত এতিয়ালৈকে আধিপত্য কৰিছিল। তাৰ পৰিণাম ৰূপে 'দিন ভিক্ষা প্ৰাণ- ৰক্ষা'ৰ বাহিৰে অসমীয়াই এই যুগত বিশেষ মহৎ কাম একো সাধিব পৰা নাই। বুৰঞ্জীয়ে ঢুকি পোৱা আৰু নোপোৱা কালৰে পৰা বলবীৰ্য্যত অসমীয়া চিৰকাল কেনে অতুলনীয় আছিল, পুৰাণ-প্ৰসিদ্ধ নৰকাসুৰ-ভগদত্তৰ কাহিনী এৰিও বুৰঞ্জীপ্ৰখ্যাত ভাস্কৰ বৰ্মা (৫৯৪-৬৫০), হৰ্ষবৰ্মা (৭০০-৭৫০), হৰ্জৰ বৰ্মা(৮০০- ৮৫০), ব্ৰহ্মপাল (৯৫০-১০০০), দুৰ্লভনাৰায়ণ (১১৫০-১২০০), নীলধ্বজ (১২০৪-৫৬), ৰত্নধ্বজ (১২২০-৫০), নীলাম্বৰ (১৪৫৫-৯৮), নীতিপাল (১৫২০-৫০?) নৰনাৰায়ণ (১৫৪০-৮৪), আৰু ৰুদ্ৰসিংহৰ (১৬৯৫-১৭১৪) নিচিনা চিৰস্বাধীন অসমৰ চক্ৰবৰ্ত্তী ৰজাসকল, চিলাৰায়-লাচিতৰ নিচিনা বীৰ, শঙ্কৰদেৱৰ (১৪৪৯-১৫৬৮) নিচিনা অভ্ৰভেদী ব্যক্তিত্বৰ কথা তেতিয়া অসমীয়াই