পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
বৰ্ত্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


সচা বুলি ভাবিব নোৱৰা হৈছিল, আৰু আজিলৈকে এইসকলৰ মহত্ত্ব সম্পূৰ্ণভাৱে উপলব্ধি কৰিব পাৰিছে বুলি কব নোৱাৰি। আৰু নিজৰ ছাঁটোকে দেখি যেন অসমীয়াই নিজেই চক্ খাই উঠিছিল, আৰু এতিয়ালৈকে সেই স্বভাৱ একেবাৰে দূৰ হৈছে বুলি কবলৈ টান! মুঠতে অসমীয়াৰ মনলৈ সম্পূৰ্ণ আত্মবিশ্বাস নাহে মানে এই নতুন স্বাধীনতাৰ কালতো অসমীয়াই নিজ উজ্জ্বল অতীতৰ সম্পূৰ্ণ উত্তৰাধিকাৰী বুলি চিনাকি দিব পৰা কঠিন; ক'বলৈ দুখ লগা নিষ্ঠুৰ সত্য হলেও, ইয়াক কবই লাগিব।

 (গ) সাহিত্যিক জাগৰণ। অসমৰ বৈষ্ণৱ সাহিত্যৰ অভ্যুত্থান অকল অসম বা ভাৰততে নহয়, পৃথিবীৰ যেই সেই দেশৰ সাহিত্যৰ লেখৰ জাগৰণৰ লগত ফেৰ মাৰিব পৰা কথা যে ই ধ্ৰুব সত্য; তাৰ পাছত অসমীয়া সাহিত্যৰ জাগৰণ, কিয়, প্ৰকৃত প্ৰাণ স্পন্দন কিবা আছে নে নাই, ই মত সাপেক্ষ। উত্তৰ- বৈষ্ণৱ যুগৰ ৰাজনীতি আৰু সমাজনীতি ক্ষেত্ৰত হোৱা মায়ামৰা আন্দোলনৰ দৰেই সাহিত্য ক্ষেত্ৰত হোৱা অসমীয়া গদ্যৰ অভূত্থান অৱশ্যে সেই একে বৈষ্ণৱ জাগৰণৰ প্ৰমাণ যে সন্দেহ নাই। ইংৰাজ আমোলত অসমীয়া সাহিত্যৰ সেই পুৰণি যোগসূত্ৰ ছিগিল নিশ্চয়; নতুনক সংলগ্ন কৰাত এই সাহিত্য কিমান আগ- বাঢ়িছে সিয়েই বৰ্ত্তমান বিচাৰৰ বিষয়। পৰ্বতৰ লগত টিলাৰ তুলনাৰ দৰে সেই বৈষ্ণৱ সাহিত্যৰ জোৱাৰৰ লগত “অৰুণোদই” আৰু “জোনাকী’’ৰ লগত উঠা সামান্য দুটি ঢৌৰ কথাই মাত্ৰ এই যুগত নাম কব পৰা ঘটনা; আৰু দুইটাই (প্ৰকৃততে এটাহে) বঙলা ভাষাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া মাত্ৰ, আৰু সেই- ৰূপেই সীমাবদ্ধ। এখন আত্ম-চৈতন্যশীল সমাজ আৰু এটা উঠন-মুখী জাতি নহলে যদিও উন্নত সাহিত্য হব নোৱাৰে, সাহিত্যয়ো সেইদৰেই সহাৰি নিদিলে তেনে সমাজ আৰু জাতিৰ জাগৰণ আকস্মিক বা অভাৱনীয়ৰূপে আহিবলৈ আশা কৰা বিড়ম্বনা মাত্ৰ। অসমীয়া জাতি আৰু অসমীয়া সাহিত্যৰ মাজত সেই “হিছাপ-নিকাছৰ" সময় কেতিয়াবাই আহিল; দুখৰ কথা, কোনেও তালৈ কাণ দিয়া নাই। ঢেকিয়াল ফুকন, গুণাভিৰাম, হেমচন্দ্ৰ, কমলাকান্ত লক্ষ্মীনাথ আদি কেইবাজনেও বাৰে বাৰে নিজ ৰচনাৰ ভিতৰেদি এই প্ৰসঙ্গ উত্থাপন কৰি গৈছে; তাক সমৰ্থন কৰিবলৈ কেও ওলোৱা নাই। কব পাৰি, অসমীয়া ভাষাত বৰ্তমান বহুত বুজনকৈ আৰু ধুনীয়াকৈ কিতাপ ওলাইছে; তাৰ বাবে যদি এই ভাষা গৰ্ভৱতী হৈছে বোলা হয়, তেন্তে কব লাগিব ই ভুৱা