পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুথি পাঁচ

বৰ্ত্তমান যুগৰ নৱ আবিষ্কাৰৰ অসমীয়া সাহিত্য

আগকথা— (ক) ইংৰাজ শাসন। মায়ামৰা বিদ্ৰোহ (১৭৬৯ = ৯৪) আৰু দ্বন্দুৱা দ্ৰোহ (১৮১০) আদিৰ পাছত মানৰ মাৰণ আৰু অপশাসনে (১৮১৬ ২৪) অসম আৰু অসমীয়াক যেনেকৈ জুৰুলা কৰিলে সৰহ নালাগে মোগলৰ লেখি লেখি সোতৰটা আক্ৰমণেও (১২০৬-১৬৮২) অসমক তেনে একো কৰিব নোৱাৰিছিল। ১৮২৬ৰ ২৫ ফেব্ৰুৱাৰীত ইংৰাজ আৰু মান ৰজাৰ সন্ধি হল, আৰু মাজতে বিনা কাৰণত অসমখন ইংৰাজৰ হাতলৈ গল। অৱশ্যে পুৰন্দৰ সিংহক ১৮৩৮ৰ অক্টবৰলৈকে উজনি অসমৰ ৰজা বুলি মানি লোৱা থৈছিল; কিন্তু তাৰ পাছত তেওঁক ৰজা ভাঙি উজনি নামনি লগ লগাই ইষ্টইণ্ডিয়া কম্পেনীয়ে গোটেই অসমৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ ললে। তদুপৰি পোনতে সহজ নিয়মে শিক্ষা আৰু বিচাৰৰ বাহনৰূপে ইংৰাজে অসমীয়াকে চলাইছিল। কিন্তু ১৮৩৬ত হঠাৎ তেওঁলোকে বৰ ঘৈণী অসমীয়াক অসমৰ স্কুল আদালতৰূপ বব-ঘৰৰ পৰা উলিয়াই চাপনী বঙলা ভাষাক, ইয়াত সুমুৱালে। ১৮৩৭ৰ আইন আৰু দণ্ডবিধিৰ ৩৩৭ ধাৰামতে দেৱানী আৰু ৰাজহ বিষয়ত প্ৰত্যেক প্ৰদেশত নিজ ভাষাহে চলাব লাগিছিল; পিছে অসমৰ বেলিকা সেইবোৰ বিধিও বিড়ম্বনা মাত্ৰ হ’ল। এনে ঘোৰ অন্যায়ৰ বিৰুদ্ধেও কোনো অসমীয়াই আঙুলি এটা টোওৱা দেখিবলৈ পোৱা নহল। এনেতে জানিবাঁ ঘোপমৰা ডাৱৰৰ মাজত বিজুলীৰ এছাটি পোহৰৰ দৰে সেই ১৮৩৬তে আমেৰিকাৰ বেপটিষ্ট মিস্যনেৰীৰ অসমলৈ শুভাগমন হয়। তেওঁলোকে যদিও পৰ্বতীয়া জাতিৰ মাজত যীশুৰ ধৰ্মৰ পোহৰ বিলাবলৈহে অসমলৈ আহিছিল, সেই মানুহবিলাকৰ অত্যাচাৰত পোনতে সেই ঠাইবোৰত সৰহ কাল ঠাৱৰিব নোৱাৰি সমতললৈ তেওঁলোক নামি আহিবলৈ বাধ্য হল। ইয়ালৈ আহি যেতিয়া দেখা পালে অসমীয়া মানুহে দিনেকীয়া জীৱনত এটা ভাষা কয়, আৰু শিক্ষা আৰু বিচাৰত আন এটা ভাষা চলায়, তেওঁলোক বিচুৰ্ত্তি হল; আৰু এই বৈষম্য দূৰ কৰি বঙলা