পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

পূৰ্ব-ঐতিহাসিক যুগৰ সেই কাহিনী মানুহৰ মনত চিৰ-সেউজীয়াকৈ ৰাখিছে। এনে উক্তি অলপ অতিশয় অবিবেচিত যেন লাগে; কিয়নো অসমীয়া সাহিত্যৰ চানেকি'’ত দিয়া বিয়ানামৰ উদ্ধৃতিত অকল কৃষ্ণ-ৰুক্মিণীৰ নামেইহে আছে এনে নহয়, হৰ-গৌৰী আৰু ৰাম-সীতা আদিৰ নামো তাত সামৰিছে; আৰু অলপ চকু ফুৰালেই দেখি সেইবোৰো সমানে “চিৰ সেউজীয়া।" ওখ কল্পনা-বিলাসী এই জাতিৰ “নৱনৱোন্মেষশালিনী বুদ্ধি” বা সৃজনমূলক প্ৰতিভাই তাৰ কাৰণ, আন একো নহয়; আৰু বিশেষকৈ এই পৌৰাণিক কাহিনীবোৰ সম্পূৰ্ণ ঐতিহাসিক ভেটিত বহুৱাবলৈ এতিয়াও বহুতখিনি বাকী। তদুপৰি, উপমা স্বৰূপে, আজি আমি এশ বছৰৰ আগৰ কেচুৱা এটি চাবলৈ বিচাৰিলে কোনোবাই এশ বছৰীয়া বুঢ়া এটি উলিয়াই দিলেহি নহব; যি হিতুকে এশ বছৰৰ আগত তেওঁ কেচুৱা আছিল যদিও তেওঁৰ আজিৰ আঁহ-পাহ কেচুৱাৰ নিশ্চয় নহয়, এশ বছৰ বয়সীয়া বুঢ়াৰহে।

 অসমীয়া এই চহা সাহিত্যৰ পদ-মাতবোৰক কেতিয়াও গীত বা গান বোলা নহয়; ধাই নাম, আই নাম, বিয়া নাম, বিহু নাম, গৰখীয়া নাম বা বন ঘোষা। এনে নামকৰণেই এইবোৰৰ ওপৰত বৈষ্ণৱ প্ৰভাৱৰ মচ নোযাৱা চাব-মোহৰ যে সন্দেহ নাই। ধাই নাম বিহু নামৰ দৰে বৈষয়িক গীতবোৰ, আৰু আই নামৰ দৰে অনা-বৈষ্ণৱ শাক্ত-তান্ত্ৰিক গীতবোৰ বৈষ্ণৱ ধৰ্মৰ লিপি-পুচি নিকা আৰু শুচিকৈ লোৱা অসমীয়া সমাজৰ বৰঘৰৰ মজিয়াত বৰপিৰা পাৰি যে বহিবলৈ পালে তাৰ হেতুৱেই হল সম্ভৱ নাম-ধৰ্মৰ “নাম”ৰ মালা মূৰত লৈ অহা কথাই।

 এই বিয়া-নামবোৰত সদায় লাগি থকা অসমীয়া ৰামায়ণ মহাভাৰত আৰু ৰুক্মিণীহৰণ আদিৰ পদবোৰেই প্ৰমাণ কৰে বৈষ্ণব ধৰ্মই এই বিয়া নামবোৰৰ হাড়ে-হিমেজুৱে ভেজি আছে। বিয়ানাম আৰু সেইদৰেই অসমীয়া আন চহা গীতবোৰ অষ্টাদশ শতিকাৰ পিছলৈ নাহিলেও অন্ততঃ বৈষ্ণৱ যুগৰ আগত যে বৰ্ত্তমান গঢ়লৈ অহা নাছিল, তেনেবোৰ হেতুৰ পৰাই আমি এনে সিদ্ধান্তলৈ সহজে আহিব পাৰোঁ নিশ্চয়৷

 লৰালি কালত মানুহে যেনেকৈ খোজ কঢ়াতকৈ নাচি-বাগি যাবলৈ আৰু কথা কোৱাতকৈ জাত লগাই নাম গাবলৈহে ভাল পায়, আদিম যুগ ৰূপ জাতিৰ শৈশৱতো সেইদৰে এনে গীত-মাতবোৰৰ ভিতৰেদি নিজ সঙ্গীত-প্ৰিয়তাৰ আৰু প্ৰকৃতি-পুৰাণবোৰৰ ভিতৰেদি আপোন কল্পনা-বিলাসিতাৰ প্ৰমাণ দিয়ে যে