মাছ দিবলৈ ধৰে। সেইদৰে ক্ৰমে বনৰীয়া কনুৱা আহি, এক হাজাৰ বাৰ শ
গোটখাই থাকেহি। গধূলি উৰি যায়, ৰাতিপুৱা গোট খায়হি। এইদৰে
ছয়-সাত ঠাইত চৰাইচোং পাতে। যিফালে পুহ মাঘ মাহে শেনৰ পৰীক্ষা পাতে,
তাকে বাউলি দিয়া বোলে। প্ৰথমে কিছু অন্তৰতে পাব এটা বান্ধি ঠাৱ চকুৰ
পৰা গিলিপ গুচাই শেনৰ ভৰিত দীঘল ডোল লগাই যেই ডোল ধৰি মেলি
দিলে, যদি শেনে পাৰ কোবাই পুনৰ আহি শেনচোৱাৰ হাত পৰেহি, তেতিয়া
ভৰিৰ দীঘল ডোল গুচাই চোলা জৰীৰ নিচিনা বাটপতীয়া চুটি ডোল লগাই
মেলি চাব। তাতে যদি শেন ঘুৰি হাতলৈ আহে, তেতিয়া চকুৱে দেখা দিয়ে।
তাৰো পৰা শেন যদি ঘূৰি আহিল, তেতিয়া পাৰৰ কোষত মানুহ দুই চৈত কৰে
ক্ৰমে পাৰ থকাত। অনেক মানুহ থকাতো যদি শেন গৈ পাৰ কোবাই মাৰি
ঘুৰি আহে তেতিয়া বাউলি শেন আহিছে বুলি ৰাজা (বা) ডাঙ্গৰীয়াত
শেনচোৱা বৰুৱাই জানালে, মন গলে ৰাজা বা ডাঙ্গৰীয়া এওঁবিলাকো সমাৰোহে
গৈ সেই বাউলি চায়গৈ৷’’(“বাহী", ১৩ শ বছৰ, ৪০২-০৫ পিঠি)
আহোম ৰজাৰ মৈদাম বিষয়ক গদ্যঃ এই দেশৰ স্বৰ্গদেৱসকল পৰকাল হলে তেওঁবিলাকৰ মৃত্যু-শৰীল ৰক্ষা...... অৱস্থা আছিল! যদি মৃত্যু হল তেওঁৰ মূৰে ডাঙৰীয়াসকলে নকৈ এজন ৰজ নাপাতে মানে ৰাজাৰ-মৃত্যু-বাৰ্তা ঘৰে- পৰে কোনেও নাজানে আৰু কোনেও কব নাপায়। নকৈ হোৱা ৰজাই আজ্ঞা দিলেহে নতুন পেড়া কাটি হেঙ্গুল - হাইতালে বোলাই সোণপানী খটাই সেই পেড়াৰ ভিতৰত কাপড়-কানী তুলি-তলিচা পাৰি মৃত ৰজাৰ দেহ ভৰাই ৰাখিব পায়। আৰু সেইজনা জীয়াই থকাত তামুলি, পাঁচনি, পিক দান ধৰা, হেংদাং ধৰা, যৰা ধৰা, চোঁৱৰ ধৰা, ধনখোৱা ধৰা, চাংমাই, ৰান্ধনি, গা-চোৱা, ফুলচোৱা, লিগিৰা এইদৰে অনেকটি লা-লিগিৰা লগে সেইদৰে মৰাৰ লগত দিছিল। অতি কমেও এই দহজন লোক পৰিচালক নহলেই নহয়। সেই মানুহ লুখুৰাসন খেলৰ আনি প্ৰতিজনে সেই এক এক বিষয় দি মৰা ৰজাৰ লগত দিব পায়। কেতিয়াবা দুই চাৰিজন ঘৰফলীয়া খেলৰো দিয়ে। আৰু মৰা ৰজাৰ শৱ আৰু পেৰাৰ ভাৰ ঘৰফলীয়াই মূৰৰ ফালে আৰু লুখুৰাসনে ভৰিৰ ফালে লব পায়।” (অৰুণোদই, ১ম বৰ, ১৮৪৬ খৃঃ) নৰা, চুটিয়া, ত্ৰিপুৰা, জয়ন্তা আদি জাতিৰ জন্ম-কথাৰ গদ্যও বিতোপন, সন্দেহ নাই (অধ্যয়ন, ১৮৬-৮৭ পিঠি)। তুঙ্গখুঞ্জীয়া বুৰঞ্জীৰ গদ্য তুলনাত আধুনিকতম