সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


আহোম বুৰঞ্জী বুলিব পাৰি; এই বুৰঞ্জী তুঙ্গখুঙ্গীয়া ৰজাসকলৰ ঘাইকৈ ৰাজেশ্বৰ সিংহ (১৭৫১-৬৯) পৰা কমলেশ্বৰ সিংহলৈ (১৭৯৫-১৮১০) আধা শতিকাৰ ওপৰ কালৰ হুবহু আৰু নিৰ্ভৰযোগ্য কাহিনী। ইয়াৰ লেখক শ্ৰীনাথ দুৱৰা বৰবৰুৱাই ইয়াৰ বচনাৰ সঠিক সময় দিছে; আৰু বহুত ঘটনা এওঁ প্ৰায় চকুৰে দেখা আৰু নিজে, শ্ৰেষ্ঠ বিষয়াৰূপে অনেক ঘটত ভাগ লোৱা।

 সিঁচৰতি হৈ থকা অসংখ্য বুৰঞ্জীৰ বাচকবণীয়া কেখনমান বুৰঞ্জী গদ্য অসমীয়া কথাসাহিত্যৰ ক্ৰমবিৱৰ্ত্তনৰ প্ৰমাণ উদ্ধৃত কৰা হল। উত্তৰ- বৈষ্ণৱ যুগ স্বৰূপতে পদ্যতকৈ গদ্য সাহিত্যৰ ক্ৰম-বিকাশ আৰু উৎকৰ্ষৰ যুগ; বৈষ্ণৱ-গদ্য তাৰ এফাল, আৰু বুৰঞ্জী-পদ্য আনটো ফাল। এফালে ঘাইকৈ সত্ৰ- সমূহ আৰু ইফালে আহোম ৰাজসভা, অসমীয়া গদ্যৰ এই দুই শিক্ষালয়ৰ পৃষ্ঠ- পোষক বুলি সাধাৰণভাৱে কব পাৰি। ভাৰতৰ প্ৰাদেশিক ভাষাৰ গদ্যৰ পিতা শঙ্কৰদেৱে ভাষাৰ গাম্ভীৰ্য্য, সাহিত্যৰ সৌন্দৰ্য্য আৰু শাস্ত্ৰীয় মৰ্যাদা ৰক্ষা কৰিবৰ বাবে অসমীয়াত ব্ৰজবুলি যেনেকৈ ব্যৱহাৰ কৰিছিল, পৰবৰ্ত্তী গদ্যলেখক ভট্টদেৱ ৰঘুনাথ আদিয়েও সেই হেতুকেই উড়িয়া প্ৰভৃতি ভাষাৰ অনুকৰণত “কহন্ত" “বোলন্ত" আদি অসমীয়াৰ সাধাৰণতে অপ্ৰচলিত ক্ৰিয়াৰূপ আৰু সমধিক তৎসম শব্দ ব্যৱহাৰ কৰি তেওঁলোকৰ ৰচনা তুলনাত গধুৰ আৰু সামান্যভাৱে হলেও সংস্কৃতগন্ধী কৰিবলৈ প্ৰয়াস পাইছিল, আৰু বৈষ্ণৱ লেখকৰ আধ্যাত্মিক সমতলৰ বিষয়-বস্তুৱেও প্ৰকান্তৰান্তৰে তেওঁলোকক তেনে কৰিবলৈ বাধ্য কৰিছিল। আৰু বিপৰীত ফালে, বুৰঞ্জীৰ গদ্য বৈষয়িক আৰু ৰাজকোঁৱৰ আৰু সাধাৰণতে নিৰক্ষৰ জন-গণৰ উদ্দেশ্যে লিখা বাবে অধিক ব্যৱহাৰিক নহৈ নোৱাৰিছিল। কিন্তু প্ৰায় একে বিধৰ বিষয়-বস্তুত বুৰঞ্জী-গদ্যত : “পূৰ্ব্বে ৰাজা যুধিষ্ঠিৰক পাঞ্চ ভাই ভাৰ্য্যা সহিত কূট মন্ত্ৰণা কৰি ৰাজা-সম্পত্তি হৰি লৈলেক দুৰ্য্যোধনাদি- সকলে, তত্ৰাপি কালচত্ৰৰ গতিৰ দ্বাৰায়ে যুধিষ্ঠিৰহে চত্ৰ ধৰণীমণ্ডলৰ ৰাজ- ৰাজেশ্বৰ হৈ বহিল; দুৰ্য্যোধনাদিৰ কূট মন্ত্ৰণা আপোনাৰ লগতহে গল, যশধৰ্ম্ম কিছু নৰহিল, এতেকে লোভ কৰিব নাপায়।" (কামৰূপৰ বুৰঞ্জী, ১১৩ ছেদ)। সমসাময়িক বৈষ্ণৱ গদ্যত : “নাৰদে কহন্ত, তদনন্তৰে পাত্ৰমন্ত্ৰীগণে ভৰতক ৰাজা হইতে বুলিল : ভৰতে বোলন্ত, জ্যেষ্ঠ ভাই গুৰু থাকিতে কেনে ৰাজা হুইবো, কিন্তু শ্ৰীৰামৰ চৰণ দেখিতে বনে চলিবো, এখন সৈন্য জুড়াব। হেন শুনি পাত্ৰমন্ত্ৰীগণে ৰঙ্গ মন হুই সেনা জুড়াইলা।” (কথা-ৰামায়ণ, ৰঘুনাথ)।