ব্ৰহ্মাৰ দৈনন্দিন প্ৰলয় হল। লাকমি কামুতত পৃথিবী পুৰি টান পৰিলে। লাকমি
কাংসনত লাউ কলেঃ সেই বছৰতে লাউ ফুটি মনুষ্যসকল জন্মিলে। লাকমি
দাগৰাওত মনুষ্য স্ৰজিলেঃ প্ৰজা নাবাঢ়িলে। পাচে সেই বছৰত ইন্দ্ৰ দেৱতাৰ
বৰ পুত্ৰ এবাই ফালুৱে আহি বিস্তৰ মনুষ্য স্ৰজিলে৷ লাকমি ৰৈমিত শকত
সৃষ্টি স্বৰ্গলই গল। পাচে সেই বছৰতে দেওৰাজে , থাওলিপলিং থাওবাকচেং
এই দুই পণ্ডিতক পঠাই পৃথিবীত মনুষ্য শিকাই-বুজাই যাব দিলে।" (অৰুণোদই
১৮৫০-৫২ খুঃ)। “পূৰ্ব্ব প্ৰলয়ৰ অন্তে ব্ৰহ্মা তিনি বাৰ মানুহ স্ৰজিব নোৱাৰি
লাউ ৰুলত তাৰ ভিতৰত মানুহ হই লাউ ফালি ওলায়, একো নাজানে। পশু
প্ৰায় হেন দেখি ইন্দ্ৰে ব্ৰহ্মাক পাঁচি পঢ়াই দেখাই-শুনাই থাকিব দিলে।
তাৰে পৰা সকলো জানিলে শুনিলে। এই শাস্ত্ৰ মতে এয়ে প্ৰলয়। পাচে
সত্য যুগ প্ৰীতিতে গল। একে মহেঙ্গতে একে মাৱৰ পো হেন হৈ ভাত
খাইছিল। হিংসা দ্বেষ কাৰো কতো নাই।” (বাঁহগড়ীয়া বুৰঞ্জী)। আহোম
ৰজাই কছাৰী ৰজাৰ দূতৰ লগত হোৱা কথা-বাৰ্ত্তাৰ গদ্য : “বৰ্ণাহাঃ ৰাজৰ্ষি ভ্ৰাতৃ
ৰহাৰ ছোৱাদাৰ বৰুৱা, ঈশ্বৰদেৱৰ আজ্ঞায়ে সোধোঁঃ ও পাগিয়া চুংউঙ্গ , তুমি
যেখন আহা তেখন তোৰ শ্ৰীশ্ৰীহেড়ম্বৰ হেড়ম্বেশ্বৰ মহাৰাজা মহাৰাণী পাত্ৰ-
মাত্য গো-ব্ৰাহ্মণ নৰ-নাৰী প্ৰাণী-প্ৰজা থল-পৰ্ব্বতীয়া লোক সমস্তৰো কুশল?”
'ও দেৱ, আমি যেখানে আছে তেখনে কুশল’। “বাৰু, তোৰ হেডম্বৰ মহাৰাজাৰ
চতুৰ্পাশে অনেক ছত্ৰ আছে, সেয়ে বা পৰভাৱে আচৰিছে না।” “অ' দেযব,
ঈশ্বৰৰ তেজ-শক্তিৰ বলত গোসাঁই-গোসানীৰ কৃপায় কোনো ছত্ৰে পৰভাৱে
কৰিতে নাপাৰিবে। নিৰূপদ্ৰৱে গো-ব্ৰাহ্মণক স্বধৰ্ম্মে প্ৰাণী প্ৰজা সকলকো সমভাৱে
প্ৰতিপাল কৰি মহাৰাজা কুশলে আছে।” (দাঁতিৱলীয়া বুৰঞ্জী)
আহোমৰ বিবাহ-পদ্ধতি সম্পৰ্কে গদ্যঃ “ৰাজা সাতঘৰীয়া আহোমৰ ঘৰৰ যৌৱৎ ছোৱালী কুঁৱৰী কৰিবলৈ নিয়ে। যদি কোন শূদ্ৰাদি ফুকন বৰুৱাৰ ঘৰত ভাল ছোৱালী থাকে, বাপেকও দিয়ে, অকস্মাৎ তাকো কুঁৱৰী কৰিবলৈ নিয়ে। শুদ্ৰাদি ঘৰৰ ছোৱালী হলে হিন্দু মতে বিয়া কৰি নিয়ে? আহোমৰ হলে চকলং বিয়া কৰে। ৰজালৈ হলে ৰজা-ঘৰলৈকে বাপেকে সহিতে ছোৱালী নি চকলং কৰে। ৰাজাৰ জীয়ৰী ৰা অন্য আহোমৰ হলে ছোৱালীৰ ঘৰতহে চকলং কৰিব পায়।" (বাহী" ১৩ শ বছৰ, ১৬৯-৭০ পিঠি)। আহোম ৰজাৰ ৰং-ধেমালি বিষয়ে গদ্য : “চৰাই চোঙত কনুৱা ক্ৰমে আহি যিমান সৰহ হব সিমান সৰহকৈ সৰু