নাম পোৱা হয়। সপ্তম শতিকাৰ আগছোৱাৰ নিধনপুৰ লিপিত “কৌশিকো"
নহৈ ‘কোশিকো', “ছান্দোগ্য" নহৈ "ছন্দোগ্য”, আদি অসমীয়া ব্যাকৰণ দীৰ্ঘ
স্বৰৰ হ্ৰস্ব উচ্চাৰণ কৰা বিশেষত্ব : “হৰ্য্যদ্ভূত" নহৈ হৰি অদ্ভূত", “তেভ্যোহ-
ক্ষৰাণি” নহৈ "তেভাঃ অক্ষৰাণি" আদিত আকৌ অসমীয়া ব্যাকৰণৰ সন্ধি-
হীনতাৰ বৈশিষ্ট্য লক্ষ্য কৰিব লগীয়া। তদুপৰি বৌদ্ধ গান আৰু দোহা বা
বা চৰ্যাপদবোৰত অসমীয়া শব্দাৱলী আৰু ব্যাকৰণৰ গঢ় বিশেষ মন কৰিব
লগীয়া; আৰু এইবোৰৰ ওপৰত উড়িয়া, বঙালী বা মৈথিলীতকৈ অসমীয়াৰ
দাবী হীন নহয় নিশ্চয়।
১। বৈষয়িক সাহিত্য—চহা গীত-সাধু আদি
জগতৰ সদৌ জাতিৰ সাহিত্যৰ দৰেই আদিম অসমীয়া সাহিত্য অৱশ্যে
অলিখিত বা মৌখিক আছিল। চহা (পেষ্টৰেল) গীত, কাব্য (বেলেড্) আৰু
আদিম মানুহৰ আদিম ধৰ্মস্বৰূপ প্ৰকৃতি-পুৰাণ (নেচৰ্ মীথ) আদিয়েই সেই
আদিম সাহিত্যৰ সৰ্হব আছিল নিশ্চয়। গতিকে সেই অতি পুৰণি জগতত
আন আন পুৰণি জাতিৰ দৰেই অসমীয়াও অৱশ্যে এক 'গায়ক জাতি' আছিল
বুলি আমি সহজে ধৰি লব পাৰো; কেৱল সেই গীত, কাব্য আৰু সাধুবোৰহে
সৌ সিদিনালৈকে লিখিত ৰূপলৈ অহা নাছিল। এই গুণেই সেই গীত-মাত
আৰু সাধু-কাব্যবোৰে হাজাৰ-দুহাজাৰ বছৰ পৰুষানুক্ৰমে মুখে মুখে বাগৰি
আহি স্বভাৱতে আদিম স্বৰূপ হেৰুৱালে, আৰু বৰ্ত্তমান কালত লিপিবদ্ধ হবলৈ
ধৰাৰ আগে আগে ভাব-ভাষা সকলোতে সেইবোৰ প্ৰায়েই সময়োপযোগী অৰ্থাৎ
আধুনিক হৈ পৰিল। এতেকে আজি আমি বিচাৰৰ চালনিৰে চালি আৰু
যুক্তিৰ কুলাৰে জাৰি নোলোৱাকৈ এই চহা সাহিত্য সাধাৰণভাৱে সেই সুদূৰ
সত্য যুগত থাপিবলৈ গলে বৈজ্ঞানিক বিবেচনাত ঘাটি লগোৱা হব যে সন্দেহ
নাই।
কোনো-কোনোৱে কব খোজে : 'অসমৰ বিয়া নামবোৰ আৰু কেতখিনি চহা গীত-কাব্যই বৰ্ত্তমান যুগলৈ বাগৰি অহা প্ৰাচীন যুগৰ সাহিত্য-সম্পদ। কিছুমান বিয়া নাম নৰক আৰু বাণ অসুৰৰ সমসাময়িক সদিয়াৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীৰ হৰণৰ কালৰ বুলি অনুমান কৰা হয়; এই বিয়া নামবোৰেই