পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


প্ৰকাশমান নাটক শাস্ত্ৰত উৎসুক হইছে। আৰ পণ্ডিতসমূদ্ৰত চন্দ্ৰ সদৃশ হৈয়া গীত মুক্তাপংক্তিক নিৰ্ম্মল কৰিছে।” সামৰণিত, “এখন শুভঙ্কৰ কবি গ্ৰন্থৰ সমাপ্তিত নৃপাদিৰ আশীৰ্বাদ বিধান কৰে। সময়ে জয়যুক্ত ৰাজাসকলৰ পৰস্পৰে মৈত্ৰি বাঢোক, কীৰ্তিও বাঢ়োক, সন্ত-সকলৰো আপদ নষ্ট হওক, পুণ্যৱন্তসকলৰো কীৰ্ত্তি বৃদ্ধি হোক। নীতিও বেশ্যা স্ত্ৰীৰ সদৃশ আনন্দপূৰ্ণ বদন হইয়া সদায়ে হাত আৰ্শীষ কৰিয়া প্ৰতি দিবসে মন্ত্ৰীসকলৰ বদনক চুম্বন কৰোক।'’

 কবিৰাজ চক্ৰবৰ্তীৰ ৰামনাৰায়ণৰ ভাস্বতীৰ কথা-ভাঙনি ১৬৯৫ খৃঃ মানত ৰাজকোঁৱৰসকলৰ শিক্ষাৰ বাবেই ৰুদ্ৰসিংহই লিখোৱা বুলি বুজিব পাৰি; এই জ্যোতিষ শাস্ত্ৰখনি জোন-বেলি গ্ৰহ-তৰা আদিৰ স্থা নিৰূপণত আৰম্ভ কৰি চন্দ্ৰগ্ৰহণ-সূৰ্য্যগ্ৰহণ শেষ কৰা হৈছে। সুকুমাৰ বৰকাঠৰ সুচিত্ৰিত হস্তী-বিদ্যাৰ্ণৱ কথা-পুথি মহাবাদ শিৱসিংহ (১৭১৪-৪৪) আৰু তেওঁৰ ৰাণী অম্বিকাৰ আদেশত লিখা, আৰু দিলবৰ আৰু দোসাই নামৰ দুজন শিল্পীয়ে অতি বিতোপনকৈ চিত্ৰিত কৰা। ইয়াত হাতীৰ বিবিধ জাতি, ইহঁতৰ ৰোগ চিকিৎসা আদিৰ কথা বৰ্ণোৱা আছে; আৰু অন্যান্য চিত্ৰৰ উপৰিও আহোম ৰাজসভাৰ চিত্ৰ বিশেষৰূপে দিয়া হৈছে। ইয়াৰ ভাষাও প্ৰাঞ্জল (অধ্যয়ন, ১৮২ পিঠি)।

 অজ্ঞাত কোনো লেখকে আঃ ১৭৪০ ত ঘোৰা-নিদান পুথি লিখে; ইয়াত নানা জাতিৰ ঘোৰাৰ বিৱৰণ, সিহঁতৰ ৰোগ আৰু চিকিৎসা সম্পৰ্কে আলোচনা কৰিছে, যেনে, জিঞ্জিনিয়া বাত হলে তিনি খোজ মানক লাগি ঠেঙ্গ চোচোৰাই। যত বাখৰ আছে মানে সৱাকো লব আৰু কলা খাৰ মাহডালি সহিতে ৰান্ধি খুৱাব।” কাশীনাথৰ অঙ্কৰ আৰ্য্যা কথা-পুথিও ঠিক এই যুগৰে। বাগীশ এজনে কামন্দকৰ সংস্কৃত নীতিসাৰৰ কথা-ভাঙনিৰূপে নীতি-লতাঙ্কুৰ কমলেশ্বৰ সিংহৰ (১৭৯৫-১৮১০) ৰাজত্বত ৰচে। -

নীতিৰ সাগৰ ইটো শাস্ত্ৰ মনোহৰ।  তাঙ্ক পঢ়ি শুনি জ্ঞানী হোৱে সৱে নৰ॥
জয়তু কমলেশ্বৰ সিংহ নৰপতি।  বিশুদ্ধ সেৱক পাত্ৰ-মন্ত্ৰী সমন্বিতি॥
ৰাজ জননীৰ আজ্ঞা যত্নে শিৰে ধৰি।  ভণতি বাগীশ দ্বিজে বোলা হৰি হৰি॥”

 সি সম্প্ৰতি অসম বুৰঞ্জী পুৰাতত্ত্ব বিভাগৰ পৰা প্ৰকাশিত হৈছে। তাৰ গদ্য প্ৰাঞ্জল। (অধ্যয়ন, ১৮৩ পিঠি)