পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৭
উত্তৰ নৱজন্ম যুগৰ অসমীয়া সাহিত্য


 আহোমবিলাকেই যদিও বুৰঞ্জী লিখা প্ৰথা আদিতে অসমত সুমুৱায়, তথাপি পোনতে তেওঁলোকে কেতিয়া অসমীয়াত বুৰঞ্জী লিখিছিল ঠাৱৰ হোৱা নাই; কিয়নো পোনতে তেওঁলোকে নিজ ভাষাতহে লিখিছিল, আৰু অসমীয়া আয়ত্ত কৰিবলৈ তেওঁলোকৰ অনেক কাল লাগিছিল নিশ্চয়। চুহুংমুং বা দিহিঙীয়া ৰজায়ে (১৪৯৭-১৫৩৯) জয়ে জয়ে স্বৰ্গনাৰায়ণ বুলি হিন্দু উপাধি লোৱা কথাই তেওঁৰ হিন্দুৱানী মনোবৃত্তি স্পষ্টভাৱে দেখুৱাই বুলি ধৰিব পাৰি। হেমচন্দ্ৰ গোস্বামীয়ে গোলাঘাটৰ ঢেকিয়াল মৌজাত পোৱা স্বৰ্গনাৰায়ণ মহাৰাজাৰ আখ্যান বোলা পুথিখনেই অতি পুৰণি বুলি অনুমান কৰা হয়; আহোম , ৰজাসকলৰ উৎপত্তিত আৰম্ভ কৰি চুটিয়া ৰাজ্য আৰু ধনসিৰি পৰ্য্যন্ত ১৪৪৮ শকত (১৫২৬ খৃঃ) কছাৰী ৰাজ্য অধিকাৰ কৰালৈকে ইয়াত সকলো ঘটনা অসমীয়াত লিখা হৈছে: গোস্বামীয়ে এই বাবে এই পুথিৰ কাল ১৫২৬ খৃঃ বুলিছে; যেন ইয়াক দৈনিক টোকাৰ দৰে লিখা হৈছিল আৰু ই কোনো অসমাপ্ত কাৰ্য্য নহয়। এই মত সম্পূৰ্ণ হৰিভৰ দিয়া কঠিন হলেও আহোমবিলাকে যে অসমীয়া ভাষা আয়ত্ত কৰোতে আঢ়ৈশ বা তিনি শ বছৰতকৈ সৰহ কাল নিশ্চয় নালাগিছিল তাত সন্দেহ নাই; গতিকে পঞ্চদশ শতিকাৰ শেযভাগৰ পৰাই তেওঁলোকে অসমীয়া বুৰঞ্জী লিখাৰ চেষ্টা কৰা বুলি সহজে ধৰিব পাৰি। ইয়াৰ বাহিৰে “অৰুণোদই” কাকতত ১৮৫০ ৰ আগষ্টৰ পৰা ১৮৫২ ৰ আগষ্টলৈকে ধাৰাবাহিকভাৱে পুৰণি অসম বুৰঞ্জী ওলায়; ই অন্ততঃ ষোড়শ শতিকাৰ শেষ বা সপ্তদশ শতিকাৰ আগছোৱাৰ গদ্য। সাঁচিপাতৰ লিখা চক্ৰধ্বজ সিংহৰ (১৬৬৩-৭০) কাললৈকে থকা আহোম দিনৰ বুৰঞ্জী “স্বৰ্গনাৰায়ণদেৱৰ যুদ্ধৰ চৰিত আৰু ৰুদ্ৰসিংহৰ (১৬৯৬-১৭১৪) কাললৈকে পোৱা আন এখন সাচি- পতীয়া পুথি “স্বৰ্গনাৰায়ণদেৱ মহাৰাজৰ জন্ম চৰিত্ৰ" গদ্য অষ্টাদশ শতিকাৰ আগছোৱাৰ হোৱা অসম্ভৱ নহয়, তাৰ পাছৰ হব নোৱাৰে। ইয়াৰ বাহিৰেও অসমৰ বুৰঞ্জী পুৰাতত্ব বিভাগে কিছুমান বুৰঞ্জী প্ৰকাশ কৰিছে। দাঁতিয়লীয়া বুৰঞ্জীৰ গদ্য আদিৰ বিজ্ঞানসম্মত আক তুলনামূলক আলোচনা নহলে অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ইতিহাস থিৰ কৰা কঠিন (অধ্যয়ন, ১৮৪-৫৬ পিঠি)।

 এই পুৰণি বুৰঞ্জীবিলাকৰ ঠায়ে ঠায়ে অসমৰ সামাজিক বুৰঞ্জীৰো যথেষ্ট সজুলি আছে। ইন্দ্ৰবংশৰ উৎপত্তিৰ প্ৰসঙ্গত : “শ্ৰীকৃষ্ণায় নমো নমঃ। আগৰ ৰূপত। শ্ৰীল স্বৰ্গদেৱ বীৰ্য্যনৃপস্য কৰ্তব্যম্ মুক্তম্। লাকৃমি তাংসিং শকত