পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৫
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


 অজ্ঞাত লেখকৰ হৰগৌৰী সম্বাদ কথা-পুথি এই যুগৰে। ই এই নামৰ সংস্কৃত গ্ৰন্থৰ ভাঙনি। ইয়াত ভাৰতৰ বিভিন্ন পীঠ আৰু মন্দিৰ, পুৰণি ভৌগোলিক বিভাগ, পুৰণি ৰজাসকলৰ বিৱৰণ, বশিষ্ঠ মুনিৰ শাপ আৰু তাৰ পৰা মুক্তিৰ কাল আনি বৰ্ণোৱা আছে। গোৰক্ষনাথৰ সংস্কৃত কামৰত্ন তন্ত্ৰ কথা-ভাঙনিৰ এখনি ১৯২৬ ত ছপা হৈ ওলাইছে; ইয়াতে লেখকৰ নাম আৰু ভাঙনিৰ কাল লিখা নাই। আৰম্ভণ : “শ্ৰীকৃষ্ণায় নমঃ। অথ শিৱ-পাৰ্ব্বতী সম্বাদ। একদিনা পাৰ্ব্বতীয়ে শঙ্কৰক সোধন্ত, প্ৰভু, কামৰত্ন তন্ত্ৰ মোত কহা৷ শঙ্কৰে কহন্ত , জানা পাৰ্ব্বতী, বশ আকৰ্ষণ বিদ্বেষণ স্তম্ভন মাৰণ শান্তি পুষ্টি আদি কৰি এই কৰ্ম্মসকল তাহাকে কহোঁ।" তন্ত্ৰ-মন্ত্ৰৰ উপৰিও এই পুথিত ঔযধৰ ব্যৱস্থাও আছে; “অথ সৰ্ব্বজন্তু বিষ নিবাৰণ। কৰচাৰ মূল গুটি সত সৰিয়হ বটি দিলে গুচে। ইতি শ্ৰীগোৰক্ষনাথ সিদ্ধ বিৰচিতম্ কামৰত্ন তন্ত্ৰ ত্ৰয়োদশ উপদেশ সমাপ্তঃ।"

 শুভঙ্কৰ কবিৰ সংস্কৃত গ্ৰন্থ শ্ৰীহস্ত-মুক্তাৱলীৰ এটি নকল কাটামুণ্ডৰ নেপাল দৰ্বাৰ লাইব্ৰেৰীত আৰু আন এটি পুৰণি মিথিলাৰ অন্তৰ্গত দ্বাৰভাঙ্গাত পোৱা হৈছে; আৰু তৃতীয় নকল এটি তাৰ অসমীয়া কথা-ভাঙনিৰে বৰ্ত্তমান কামৰূপ জিলাৰ সুচান্দ ৰায় ওজাৰ হাতত পোৱা হৈছে। এওঁ উপৰি পুৰুষসকলৰ দিনৰ পৰা বংশানুক্ৰমে প্ৰাচীন কামৰূপৰ নৃত্য-গীত পৰিচালনাত জড়িত আছে। শুভঙ্কৰৰ জন্মস্থান নিৰ্ণয় হোৱা নাই, কিন্তু কামৰূপৰ এটি কায়স্থ পৰিয়ালে তেওঁক নিজ পূৰ্বপুৰুষ বুলি দাবী কৰে। অতি পুৰণি কালৰে পৰা কামৰূপ যে নৃত্য-গীতৰ কেন্দ্ৰ আছিল, ইয়াত থকা অসংখ্য শিৱ-মন্দিৰ, দেৱদাসী প্ৰথা আৰু তাৰ পূজাৰীবিলাকৰ বৃত্তিৰূপে দিয়া মাটি-দান পত্ৰ আদিয়েই দেখুৱায়; নৱম শতিকাৰ বনমাল বৰ্মা ৰজাৰ তামৰ ফলি আদিয়েই ইয়াৰ প্ৰকৃষ্ট প্ৰমাণ। এই গ্ৰন্থত এখন হাতৰ, দুখন হাতৰ আৰু শৰীৰে সৈতে দুই হাতৰ নাচ এই তিনি ভাগত ৩৯ প্ৰকাৰ নাচৰ বৰ্ণনা দিয়া আছে। এই অসমীয়া কথা-ভাঙনিটিও বিতোপন আৰু প্ৰাঞ্জল (অধ্যয়ন, ১৮১ পিঠি):

 “এমত প্ৰকাৰে শুভঙ্কৰ কৰি আশীৰ্বাদ বিধান কৰি গ্ৰন্থ নিবন্ধনক প্ৰতি প্ৰতিজ্ঞা বোলে। শুভঙ্কৰ কবি ৰসিকসকলৰ সন্তোষৰ নিমিত্তে "শ্ৰীহস্ত-মুক্তাৱলী" নামে গ্ৰন্থক নিৰূপণ কৰে। কামত শুভঙ্কৰ কবি; আক কহি : যে বুদ্ধিক সহায় কৰিয়া গুণ-সমুদ্ৰত অতি দুষ্কৰ দৃঢ় মজ্জন কৰিছে : নৰ্তক-নৰ্ত্তকীৰ দ্বাৰায়ে অতি