পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


তাসম্বাৰ আত্মা-মুক্তামালা শিৰে ধৰি।  শ্ৰীকবিশেখৰ ভট্টচাৰ্য্য দ্বিজ হবি॥
ভাষা-বন্ধে নিবন্ধিত হবিবংশ পদ।  শুনা নিঃশবদে শুদ্ধ বুদ্ধ সভাসদ॥”

 এইসকলৰ উপৰিও সৰু-সুৰা অনেক লেখকৰ পুথি আছে। আদি-পৰ্ব মহাভাৰতৰ কোনো পুথিত ৰাম সৰস্বতীৰ, আৰু কিছুমানাত ৩৮৮ পদলৈ অনিৰুদ্ধ দাসৰ , ১০৪ পদলৈ শ্ৰীনাথ দ্বিজৰ, আৰু ১৫০৫ পদলৈ দামোদৰ বিপ্ৰৰ ভণিতা আছে; শ্ৰীনাথে কোচ ৰা প্ৰাণনাৰায়ণৰ (১৬৩৩ -৬৬ খৃঃ) উল্লেখ কৰিছে। শৈল পৰ্ব মহাভাৰতৰ আৰম্ভণিত “ধৰ্মনাৰায়ণ ৰঘুদেৱৰ সন্তান। পৰম সুন্দৰ বীৰ সৰ্বৰসজ্ঞান॥" আৰু সামৰণিত “মনুষ্য হৈবাৰ জানা এহি মানে কাম। দ্বিজ দামোদৰে ভণে বোলা ৰাম ৰাম॥" আকৌ আন এঠাইত, "বিপ্ৰ দামোদৰ কহে নিৰন্তৰ” ইত্যাদি। এই দ্বিজ বা বিপ্ৰ দামোদৰে নিজ পৃষ্ঠপোষক ৰূপে উল্লেখ কৰা ৰজা মকৰধ্বজ সম্ভৱ ৰঘুদেৱৰ সমসাময়িক মহেন্দ্ৰনাৰায়ণ (১৬৩৭-৪৩ খৃঃ)। অশ্বমেধ পৰ্ব মহাভাৰতৰ তিনিজন লেখক গঙ্গাদাস সেন, সুবুদ্ধি ৰায় আৰু ভৱানী সেন। সেই কালত এই বঙালী লেখকৰ অসমীয়া ৰচনা কৌতুহলৰ কথা নিশ্চয়। ১৭৬৪ খৃঃ মানত লক্ষ্মীনাথ দ্বিজই শান্তিপৰ্ব মহাভাৰত ৰচে; এওঁ কামৰূপৰ হেলেচাৰ সংস্কৃত পণ্ডিত। সৰ্বানন্দৰ নাতিয়েক ব্ৰহ্মাচাৰী অলকানন্দৰ অৰ্জুন-গীতা, বৈষ্ণৱ-গীতা আক গুপ্তসাৰ নামৰ তিনিখন পুথিও পোৱা হয়। গুপ্তসাৰ আদিত শঙ্কৰদেৱৰ ৰচনা আৰু শিৱৰ জুনা পুথিত শঙ্কৰদেৱৰ ভণিতা নিশ্চয় জাল! নৰোত্তম ঠাকুৰৰ ভক্তি-প্ৰেমাৱলী শঙ্কৰ-মাধৱৰ কীৰ্ত্তন-ঘোষাৰ অনুকৰণত লিখা; কিন্তু ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ এখনৰ পদত নৰোত্তম বিপ্ৰ, নৰোত্তম দ্বিজ, আৰু নৰোত্তম দাসৰ আৰু এখনত বলোৰাম, নন্দীশ্বৰ আৰু খগেশ্বৰ দৈৱৰ ভণিতা পোৱা হয়। হৰিদাস বিপ্ৰই অশ্বমেধ পৰ্ব মহাভাৰতৰ আৰু নাৰায়ণ দাসে অৰ্জুন-সম্বাদৰ পদ কৰিছিল; “শুনা সভাসদ , গীতা ভাগৱত, কৃষ্ণে অৰ্জুনক কৈলা। গুৰুৰ আজ্ঞাত, নাৰায়ণ দাসে, পদবন্ধে নিবন্ধিলা।" বিষ্ণুৰাম দ্বিজই দাতাকৰ্ণৰ পদত লিখিছে "দ্বিজ বিষ্ণুৰামে কহে বিষ্ণুৰ আদেশে। কৰ্ণে কৃপা কৈলা প্ৰভু ব্ৰাহ্মণৰ বেশে। লক্ষ্মীচৰিত্ৰ পুথি এখনত ৰাম সৰস্বতীৰ আৰু আন এখনত জগন্নাথ দ্বিজৰ ভণিতা পোৱা হয়। ভৱদেৱ বিপ্ৰই নাগাক্ষ যুদ্ধ কাব্যত হনুমানৰ নাগাক্ষৰ লগত যুদ্ধৰ বৰ্ণনা দিছে। ৰুদ্ৰৰামে নীতিৰত্নৰ পদত বিক্ৰমাদিত্যৰ নবৰত্নৰ সভাত হোৱা বুলি নীতিৰ আলোচনা কৰিছে।