উক্ত নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য পুৰাণৰ শ্ৰেষ্ঠ ব্ৰহ্মাণ্ঠে পুৰাণ। কৃষ্ণম খণ্ড তাতে পৰম প্ৰধান॥ তথাপিতো পবন্ধে দেশ-ভাষা ধৰি। মতি অনুসাৰে বিবটিলো যত্ন কবি॥” ফুলেশ্বৰীৰ আদেশ মতে এৱেই গতি-গোবিন্দৰ পদ কৰে বুলি কয় (৯৮ পদ), কিন্তু তাৰ ভণিতাৰ পৰা সি প্ৰমাণিত নহয় : “ভণে দ্বিজবৰে, শুনা সৱ নৰে, চাড়া ভাষ-ভুষ কাম॥” “ভগে কবি দ্বিজবৰে এখ। অন কাম।" আনিত কতো কোনো বামনাৰায়ণ বা কবিৰ নাম নাই। এজনাথ দ্বিজৰা শিসিংহৰ আমোলতে অঃ ১৭২০ত ধৰ্মসংৰল কা] লিখে; ধৰ্মৰাজ যমে চণ্ডাল বেশেৰে পুতেক যুধিষ্ঠিৰক কৰা প্ৰশ্নাদিৰ বিৱৰণ সুন্দৰ। ভণিতাত নিছে “অশ্বমেধপৰ ভাৰতৰ মধ্যে সাৰ। শ্লোক অৰ্থ চাই, পদ নিবন্ধিলো তাৰ॥ শিৱসিংহ ধৰ্মৰাজ গুণে নাৰায়ণ॥ কন্ত ভকতি সদা কুফৰ চৰণ॥ তাহান আদেশ পাই দ্বিজ শুভনাথে। বাচিনা পাৰ হৰিপদ ধৰি মাথে॥” সোণাৰাম চৌধাৰীৰ মতে ওপৰৰ তৃতীয় শাৰী পদ হব লাগে “শিৱবংশে ধৰ্ম ৰাঙ্গা হৱে নাৰায়ণ", আৰু সেইদেখি শুভনাথে যোড়শ শতিকাত নৰনাৰায়ণৰ আদেশত ইয়াক লিখা! এনে অনুমানত যুক্তিৰ বলতকৈ গাৰ বলহে দেখা পোৱা হয়, আৰু পদযাকিও তেনেদৰে থৰক-বৰক হয়। বামসম্বৰ্তী প্ৰমুথ্য কোনেও নৰনাৰায়ণৰ বিষয়ে এনে দুৰ্বলভাৱে লিখা নাই; আৰু শিৱবংশে” “হৰে নাৰায়ণ” আদি শব্দ-গাঁথনিও সন্দেহজনক। দৰং-ৰাজবংশাৱলীত বৰ্ণোৱা নৰনাৰায়ণৰ সভাকবিবোৰৰ মাজতো শুনাথৰ ঠাই নাই, আৰু “ধৰ্মসংকাদো" তেনে পুৰণি যেন লাগে। ৰাময়ৰ পুতেক কেশৱদেৱে আঃ ১৭৪৩=৫৩ সপ্তম আৰু নৱম স্কন্ধ ভাগৱতৰ পণ ভাতে; ভণিতাত আছে, “শ্ৰীমন্ত শঙ্কৰ যিফটো, কুলত কায়স্থ তেহো, পৰম পাণ্ডিত গুণশীল। ভাহান ভ্ৰাতৃৰ নাতি, যদি আমাক বোলে, তথাপিতো তাহান কিন্তু ৰ। .. শিক্ষা অনুসৰি, টীকা-ভাষ্য মত ধৰি, পদ কৈলো নৱম ৰ।" বিদ্যাচ কৰিশেখৰ নামে এস নেত্ৰ আঃ ১৭৬০ হৰিবংশব পদ কৰে; ভণিতাত আছে সৰ্বদেশে বাজা ভৈলা সেহি দিনে ধৰি। ইন্দ্ৰৰ প্ৰভাৱে পাইলা দেশ-দেশান্তৰি॥ সেহি বংশে ৰাজেশ্বৰ সিংহ নবপতি। শান্ত দান্ত শিষ্ট মিষ্ট অতি শুদ্ধমতি॥ তাহান তনয় চাৰু সিংহ মহামতি। গুণীগণ মধ্যে শ্ৰেষ্ঠ বিপুল শতি॥ ভান পত্নী প্ৰেমদা নামত মনোনীতা। সৰ্ব গুণৱতী যেন দুলাল-দুহিতা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬১
অৱয়ব