পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬১
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


জনমে জনমে হোক ৰামত ভকতি। অদ্ভুত আচাৰ্য্য কবি মধুৰ ভাৰতী॥”

এই ভণিতাৰে এজনে লঙ্কা কাণ্ড ৰামায়ণৰ পদ কৰিছে। কামৰূপ অনুসন্ধান- সামিতিত থকা স্বপ্নধ্যায়ৰ পদত এজন অজ্ঞাত কবিয়ে লিখিছে :-

“প্ৰথম প্ৰহৰে স্বপ্ন যিজনে দেখায়।  বৎসৰেক মানে তাৰ ফলক পাৱয়।৷
দ্বিতীয় প্ৰহৰে স্বপ্ন দেখে যিটো জন। তাৰ ফল পায় জানা ছয় মাস মান॥"
"স্বপ্নত ৰুধিৰ বহে যাহাৰ শৰীৰে।  নুহিবা ৰুধিৰ স্নান কৰে যিটো জনে॥
স্বপ্নত ইসৱক দেখে যিটো নৰে।  ব্যাধি গুচি কল্যাণক পাৱয় অচিৰে॥"

 অম্বৰীশ দ্বিজই জয়ধ্বজ সিংহৰ কালত (১৮৪৮-১৬৬৩) আউনিআটী সত্ৰাধিকাৰ কেশৱদেৱৰ, আৰু বিদ্যানন্দ ওঝাই ঠাকুৰ-চৰিত বুলি শঙ্কৰদেৱৰ পুতেক ৰামানন্দৰ ফালৰ নাতি পুৰুষোত্তম আৰু সৰু পুতেক হৰিচৰণৰ ফালৰ নাতি চতুৰ্ভুজ ঠাকুৰৰ জীৱনী লিখে। এই অনুক্ৰমে আৰু বহুত সৰু- সুৰা লেখক আৰু পুথি আছে।

 মহাভাৰতৰ মূল পৰ্ব ৰচোঁতা পৃথুৰাম দ্বিজই লিখিছে, “জয়যুক্ত প্ৰতাপবল্লভ মন্ত্ৰীবৰ। সন্ধিক বংশত জন্ম গুণৰ মন্দৰ॥ মুনি চন্দ্ৰ সিদ্ধ চন্দ্ৰ শকে মন্ত্ৰীক পাইলা। ৰণ কৰি শত্ৰু নাশি যশক ৰাখিলা॥" নিয়মমতে সিদ্ধনষ্ট ধৰিলে ই ১৪১৭ শক (১৪৯৫ খৃঃ); কিন্তু সিদ্ধ-মুনি বুলিলে ১৭১৭ শক (১৭৯৫ খৃঃ) হয়। পঞ্চদশ শতিকাত কোনো আহোম ৰজা-মন্ত্ৰীয়ে অসমীয়া সাহিত্যৰ পৃষ্ঠপোষকতা কৰা সম্ভৱ নহয়; তাৰ লগতে ভাষা আদি আভ্যন্তৰিণ প্ৰমাণ ধৰিলে এই পুথি অষ্টাদশৰ শেষভাগৰ। এনে বেমেজালিৰ আন এখন জনাজাত পুথি দীপিকাচন্দ্ৰ; "চাৰি ৰূপ ধৰি শ্ৰীৰাম লক্ষ্মণ ভৰতাই শত্ৰুঘন। তাহান বংশত জন্ম ভৈলোঁ মই পামৰ পুৰুষোত্তম।" এই পুৰুষোত্তম গজপতিৰ নামৰ পুথিখনি কোনোৱে ত্ৰয়োদশ, কোনোৱে একাদশ বা কোনোৱে ষষ্ঠ শতিকাৰ কোনো অসমীয়া কবিৰ মূল পুথি বুলি আহিছিল, কিয়নো তেওঁলোকে ওপৰৰ ভণিতাৰ সম্পূৰ্ণ তাৎপৰ্যলৈ আওকাণ কৰি অসমৰ জিতাৰি ফৈদৰ কোনোবা ৰামচন্দ্ৰ ৰজাৰ বংশধৰে এই পুথি লিখা বুলি আকোৰ-গোজালিকৈ ধৰি লৈছিল। কিন্তু মাধৱদেৱৰ অনূদিত নাম-মালিকাৰ ৰচয়িতাও যে পুৰুষোত্তম গজপতি নামৰ এজন উড়িষ্যাৰ ৰজা, আৰু তেওঁৰ এই সংস্কৃত গ্ৰন্থৰ নকল এটি কোনোবা জগন্নাথ-যাত্ৰীৰ যোগেদি আহিহে শঙ্কৰদেৱ-মাধৱদেৱৰ হাতত পৰিছিল, আৰু উক্ত ভণিতাত বৰ্ণোৱা ৰামচন্দ্ৰ দশৰথ-পুত্ৰৰ বাহিৰে আন যেতিয়া হব নোৱাৰে।