পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫২ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী নমোহে শালদেৰ মাধৱ সহিতে দুইকো মোৰ ইষ্ট দেৱ দুই ফ্লন। মাৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজো হৰি বন্দো হেনা ও চুৰুণ॥২। মাধৱ বৈকুণ্ঠে গৈলা গোপাল উদয় ভৈলা ভকতি সৰ্বস্ব মনে ধৰি। পৰম কৃপায়ে (তেওঁ) জাতক উদ্ধাৰিলা ভকতি -অমৃত বৃষ্টি কৰি॥ ৩। দৈত্যাৰি ঠাকুৰ আৰু তেওঁৰ গুৰুচৰিতৰ উল্লেখ আৰু উদ্ধৃতি অনেক বাৰ কৰি অহা হৈছে। এওঁৰ পিতাক ৰামচৰণ অন্ততঃ মাধৱদেৱৰ (১৪৮৯-১৫৯৬) মৃত্যু কাললৈকে অবিবাহিত আছিল বুলি চৰিকাৰৰ পৰা বুজিব পাৰি। গতিকে পিতাকৰ বহুত বয়সত সপ্তদশ শতিকাৰ মাজ ছোৱাত দৈত্যাৰিৰ জন্ম বুলি ধৰিব লাগিব। পিতাকৰ ৰচিত শঙ্কৰ-চৰিত নেদেখাকৈয়ে এও দ্বিতীয় গুৰুচৰিত লিখা কথাও ইয়াৰ পৰাই সম্ভৱপৰ বুলি ভাবিব পাৰি। এওঁৰ “নৃসিংহ-যাত্ৰা " নটৰ গন্যও বিতোপন, (অধায়ণ, ১৭৯ পিঃ)। ৰামানন্দ দ্বিজ শঙ্কৰদেৱৰ তৃতীয় ঢৰিত-লেখক, কিন্তু এওঁৰ ভণিতাৰ শঙ্কৰদেৱ-চৰিত, গোপালদেৰ-চৰিত, মহামোহ কাব্য, সম্ভ, সন্তসাৰ, ভাগৱতী- চৰিত, সাধুসঙ্গ-নিৰ্ণয় এই আটাইবোৰ পুথিৰ ৰচয়িতা কেবাজনো নে উজনিৰ চেচা সত্ৰ -পাতোতা এই একে জনেই তাকে ভাবি চাবলগীয়া। শঙ্কৰদেৱ চৰিত ৰচয়িতা ৰামানন্দৰ যথেষ্ট উল্লেখ আৰু উদ্ধৃতি আগতে দিয়া হৈছে গোপাল আতাৰ চৰিত-লেখক ৰামানন্দ দাস এজন সুকীয়া লোক বুলিব লাগিব। কুলুৱাবাহী সত্ৰ পাৰ্তোজা গোপাল দেৱৰ চৰিতৰচয়িতাও ঠিক একেজন যেন নালাগে; আৰু পাৰ্থিৱ প্ৰণয়ৰ পৰিণামদৰ্শী পুথি “মৃগাৱতী চৰিতৰ ভণিতাত আছেঃ= বিষয় বিষম বিষে হৈয়ে বিবতি। সাধুসঙ্গে হবিপদে কৰিয়ে ভকতি। ঘোৰ সংসাৰৰ দুঃখ এড়িবে তেথনে। হে দ্বিজ ৰাম ৰাম বোলা সকজনে॥ খণ্ডিত বিষয় তাত সুখ নাহিকয়। অখণ্ড সুখক সাধ ভজি কৃপাময়॥ কুৎসিৎ বিষয় আৰ ছাড়িও সকাম। কহে দি ৰাম ডাকি বোলা ৰাম নাম॥" ইয়াত সহজে মন কৰিব পাৰি কবিয়ে সদায় নিজৰ নাম দ্বিজ ৰাম হে বুলিছে, 44