পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


 কথা ৰামায়ণৰ, তথা কথা-ভাগৱতৰ আৰু কথা-গীতাৰ, গদ্যৰ লগত চৰিত আৰু বুৰঞ্জীৰ গদ্য মিলাই চাই ইয়াকেই কব পাৰি, ধৰ্ম্মমূলক গদ্য আৰু বৈষয়িক গদ্যৰ ৰচনাৰীতিৰ পাৰ্থক্য আলোচ্য কথাৰ সমতল ওখ- চাপৰ অনুসাৰেই হীন- ডেঢ়ি হয়; তাৰ বাহিৰে সময়ৰ অগ-পিছাৰ বাবে বঢ়া-টুটা যৎসামান্য বুলিব পাৰি। যিহওক , ৰঘুনাথৰ বংশৰে ১৭০৮ খৃঃ মানত সন্ত-মুক্তাৱলী পুথি প্ৰণেতা ৰামনাথ। শৰণ ভজাই শঙ্কৰদেৱে একাদশ স্কন্ধ পুথিখন দি সৰ্বসাধাৰণৰ মাজত ভক্তিধৰ্ম প্ৰচাৰিবলৈ আৰু পোনতে নিজ চাৰি পুত্ৰক শৰণ লগাবলৈ বৰভকত সতানন্দক কেনেকৈ আদেশ দিছিল, এই পুথিখনত সবিশেষ সকলো বৰ্ণোৱা আছে। “মহাযত্নে শ্লোক ভাঙি কৰিছো পদক। তোমাক দিলোহোঁ আজি চলিয়ো গৃহক। নামমাত্ৰ জপিবাঁহা হাতে মালা ধৰি। লোককো শিখাইবা আৰু অতি যত্ন কৰি॥ চাৰি তনয়ক তুমি কৰাইবাহা সেৱা। গোপ্য কৰি নাম মন্ত্ৰ চাৰিকো কহিবাঁ॥" বৰ ভকতৰ এই চাৰি পুতেক যথাক্ৰমে জয়কৃষ্ণ, শ্ৰীকৃষ্ণ, ত্ৰাহিকৃষ্ণ আৰু মহাকৃষ্ণ; মহাকুষ্ণৰে আজো নাতিয়েক ৰামনাথ আৰু এৱেঁই বৰগঞা গোসাঁইৰ পূৰ্বপুৰুষ আৰু তেজপুৰৰ বৰকলা সত্ৰ পাতোঁতা।

 পুৰুষোত্তম ঠাকুৰ শঙ্কৰদেৱৰ বৰ-পো ৰামানন্দৰ ফালৰ নাতি। মাধৱ- দেৱৰ থাপিত বৰপেটা সত্ৰৰ ভকতসকলৰ লগত এওঁৰ থাপিত জুনীয়া সত্ৰৰ ভকতসকলৰ কিছুদিন মনোমালিন্য থকাৰ ভিতৰতে পুৰুষোত্তমে নামঘোষা শাস্ত্ৰখন খুজি বৰপেটালৈ মানুহ পঠিয়ায়; বিবাদৰ বিষত বৰপেটাৰ ভকতসকলে কিবা-কিবি বুলি শাস্ত্ৰখন নিদি মানুহজন ঘুৰাই পঠোৱাত ঠাকুৰে দুখ পাই নিজে ন-ঘোষা বুলি এখন নতুন হাজাৰী ঘোযা লিখিলে। পাছত গোপাল আতাৰ নিৰ্দেশ মতে নাৰায়ণ ঠাকুৰৰ পুতেক পৰমানন্দই দুই দলক মিলাই দিয়ে। তেওঁৰ ৰচিত ন-ঘোষা ভুলতে কোনোবাই নামঘোষাৰ প্ৰতিদ্বন্দ্বী হেন ভাবিব পাৰে বুলি ভাবি তেতিয়াই পুৰুষোত্তমে নিজৰ পুথিখন জুইত দিলে; এনেতে ভকত এজনে দেখা পাই আধা-পোৰা অৱস্থাত ন-ঘোষা উদ্ধাৰ কৰে। প্ৰতিদ্বন্দ্বী নহয় সচা, কিন্তু ই যে নামঘোষাৰ উপযুক্ত অনুসঙ্গী তাত সন্দেহ নাই। “শঙ্কৰ স্বৰূপে হৰি, নিজ-অংশে অৱৰি, ভকতি-প্ৰদীপ লগাই থৈলা। মাধৱ স্বৰূপে আসি, তৈতে তৈল দিয়া বাকি, অজ্ঞান আন্ধাৰ দূৰ কৈলা॥ ১৪৪।” এনে ৰচনা নিশ্চয় শঙ্কৰদেৱৰ পো-নাতিৰ অনুপযুক্ত হব নোৱাৰে। এইদৰেই, “দুৰ্ঘোৰ সংসাৰ সাগৰত , পৰি আছে আত লোক যত, তাহাক কৃপায়ে