পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৯
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


ভৰিব ই কি বিচিত্ৰ, বংশকো উদ্ধাৰ কৰি পৰম্পদ পায়। এতেকে ইয়াক সদা শ্ৰৱণ-কীৰ্ত্তন কৰি উচ্চ কৰি হৰি বোল হৰি।"

 ইয়াৰ লগত ৰঘুনাথৰ প্ৰায় একুৰি-দেঢ়কুৰি বছৰৰ আগৰ ভট্টদেৱৰ (১৫৫৮- ১৬২৮) গদ্য তুলনা কৰি চাবলগীয়া। কথা-ভাগৱতৰ বৰ্ষা-বৰ্ণনত লিখিছেঃ “পাছে বাৰিষা কাল প্ৰৱৰ্ত্তিলাঃ যাত সৰ্ব্ব প্ৰাণীৰ উদয় হয়। দশেদিশ প্ৰসন্ন হৈলঃ যেন তিনি গুণাচ্ছন্ন হুয়া জীৱ প্ৰকাশ কৰে তেমনে মেঘাচ্ছন্ন আকাশো প্ৰকাশ কৰিলঃ যেন ৰাজা সুখ কালতে লোকৰ কৰ লৱেঃ দুখ কালত দেয়ঃ তেমনে সূৰ্য্যেৱো ভূমিৰ আঠমাস যি জল শোষিছা তাক এড়িবে আৰম্ভিলাঃ যেন কৃপালু সৱে লোকৰ দুঃখ দেখি আপোনাৰ জীৱন এড়েঃ তেমানে মেঘসৱ লোকৰ কৃপায়ে জল বৃষ্টি কৰিলঃ যেন সকামী তপসী সৱে তপৰ ফল পাইলে দেহ বৃদ্ধি হয়ঃ তেমনে গ্ৰীষ্ম কালত তাপিত ভূমিয়ো বৃষ্টিজলপায়া তুষ্ট হৈলাঃ যেন কলি যুগত পাপে পাষণ্ড প্ৰকাশ কৰেঃ বেদে নকৰেঃ তেমনে বাৰিষা কালৰ ৰাত্ৰিত খদ্যোতেসে প্ৰকাশ কৰে।" কথা-গীতাত লিখিছে। “সঞ্জয়ে কহন্ত--- অৰ্জ্জুনে নুযুঝিম বুলিয়া মৌনে ৰহিলা। হৃষিকেশ ভগৱন্তো হাস্যবদনে দেহাত্ম বিবেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলাঃ হে সখি অৰ্জ্জুন, তুমি শোকৰ অবিষয় বন্ধুসৱক শোক কৰাঃ তাত মঞি বোধ দিলেও পণ্ডিতসৱৰ বাদসৱ কহাঃ তুমি পুনু পণ্ডিত নহৱাঃ যি পুনু পণ্ডিত হয় সি জীৱন্তা মৰন্তা দুইকো শোক নকৰে। তাৰ হেতু শুনা : যেন মঞি অনাদি ঈশ্বৰঃ লীলা তনু ধৰিতে এড়িতেয়ো , নাইকা নহোঃ কিন্তু সদায়ে থাকোঁঃ তুমি এই ৰাজাসৱো উপজি মৰিও মোৰ অংশ পদে নাইকা নহৱাঃ কিন্তু সততে থাকা। পৰমাৰ্থত জন্ম মৰণ নাই নিমিত্তে শোক নকৰিবাঁ। যদি বোলাঁ , ঈশ্বৰৰ জন্ম-মৰণ নাই ই সত্য হয়ঃ জীৱৰ পনু জন্ম মৰণ প্ৰসিদ্ধ আছে, তাত শুনা। যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ যৌৱন জৰা অৱস্থা হয়, দেহান্তৰ প্ৰাপ্তিকো তেমনে বুঝিবা। এতেকে যি ধীৰ হয়, সি দেহৰ উৎপত্তিত বিনাশত মোহ নযায়।”

 বেণুধৰ ৰাজখোৱাৰ সংগৃহীত সম্ভৱ সপ্তদশ শতিকাৰ আগভাগত লিখিত এখন কথা গুৰু চৰিতৰ গদ্য ইয়াতকৈ অৰ্বাচীন বুলি ধৰিব পাৰি (অধ্যয়ন, ১৮১ পিঃ }। হেমচন্দ্ৰ গোস্বামীৰ সম্পাদিত পুৰণি অসম বুৰঞ্জী ১৫৩৩ খৃঃৰ বুলিলেও সম্ভৱ প্ৰকৃততে যোড়শ শতিকাৰ শেষ বা সপ্তদশ শতিকাৰ আগভাগত ৰচিত; তাৰ গদ্যও তুলনাত অৰ্বাচীন যেন লাগে। (অধ্যান, ১৮৩ পিঃ)