২৪৮ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পলাশৰ গো জাত মমিশ্ৰ নামে খ্যাত দিকে গ্ৰামে আহাৰ বসতি। আঙ্গা পাই হিত-উপদেশ চাই বিঢ়াৰিলো পদ মথামতি॥ মমিশ্ৰণ এই পৃষ্ঠপোষক ভদ্ৰসেন ফুকনৰ পৰিয়ালৰ এজনী ছোৱালীক এজন গড়ণ ৰজাই বিয়া কৰাইছিল; কাৰে কাৰো মতে এওঁ চুক্ৰেং (১৫৩৯- ৫২), আৰু কাৰৰ কাৰৰ মতে জয়ধবজ সিংহ (১৬৪৮-৬৩)। গতিকে বামমিশ্ৰ ষোড়শৰ ৰা সপ্তদশ শতিকাৰ মাজছোৱাৰ কবি, আৰু হিতো- পদেশৰ ভাওনিৰ উপৰিও এওঁ মহাভাৰতৰ ভীষ্ম পৰ্ব আৰু পুতলা-চৰিত্ৰৰ পদ বটিছিল। এওঁৰ পিভাক মাধৱ কন্দলী ( পৰবৰ্তী ), ককাক হৰিভাথী আৰু আজোককাক কলাপচন্দ্ৰ দ্বিজ বুলি পোৱা হয়। তেন্তে এই ওপৰত কোৱা কোন- জন কলাপচন্দ্ৰণ আজোনাতি? ৰঘুনাথ এই যুগৰ এজন্য প্ৰধান লেখক। এওঁৰ ৰচিত “কথা ৰামায়ণ আৰু "অদ্ভুত ৰামায়ণ" প্ৰসিদ্ধ। ১৬৫৮ মনত লিখা পদ-পুথি “শ্যুঞ্জয়" এওঁ ৰামায়ণ কিষ্কিন্ধ্যা কাণ্ডৰ অন্তৰ্গত বালি-বধ কাহিনী আৰু অদ্ভুত-ৰামায়ণত মুল কাহিনীবোৰৰ সাৰাংশ দিয়ে। শqয়ৰ ভণিতাত আছে, কৃষ্ণৰ কিঙ্কৰ বভক্ত বংশে জাত। অল্পমতি ৰঘুনাথ নামত প্ৰখ্যাত॥” শঙ্কৰদেৱ তীৰ্থভ্ৰমণলৈ যাওঁতে বাটত সতানন্দ নামৰ এজন লোক শৰণ ভক্সায় “বৰ ভকত" নাম দি; এওঁৰ অৰ্দ্ধতন ষষ্ঠ পুৰুষেই ৰঘুনাথ। ৰঘুনাথৰ পিক কৃষ্ণনাথ আৰু ককাক দৈয়াং এলেঙী সত্ৰ পাতোতা বিখ্যাত সংস্কৃত পণ্ডিত হৰিকৃষ্ণ। ১৬৫৮ মানতে লিখা ৰঘুনাথৰ কথা-নামায়ণ ভট্টদেৱ কথা-সীতা আৰু কথা-ভাগৱতৰ দৰেই এই মুগৰ অসমীয়া সাহিত্যৰ অন্যতম কীপ্তি। কথা-সামায়ণৰ আৰম্ভণ! ' আমাৰ ইটো অনুচিত কৰ্ম জানি নিন্দা নুবুলি কুপা-বস উচিত হয়। পুনু শ্ৰীৰামচৰণত মোৰ কোটি প্ৰণাম। হে প্ৰভু ৰাম, তুমি পূৰ্ণকাম, কোটি ব্ৰহ্মাণ্ডৰ কাৰণ নিৰঞ্জন নিৰাকাৰ যাক বেদান্তয়ে প্ৰত্যক্ষ কৈতে নপৰিলা, কিন্তু অন্ধয় ব্যতিৰেকে নানা উপাৰে নিৰ্দেশ কৰিহে তোমাক কহিছে।” মাধৱ কন্দৰ ৰামায়ণত বৰ্ণো সীতা-কাক কাহিনী ৰঘুনাথৰ ৰামাণিজ্যে কৈছে (অধ্যয়ন ১৮০-৮১ পিঃ)। কথা-ৰামায়ণৰ সামৰণি “তুমিয়ে দীনবন্ধু কৃপাসিন্ধু পতিত পাবন সকজ, ইহাক জানি কাতৰ কৰিছে। মোৰ মন্দ বুদ্ধি দূৰ কৰি নিজ দাস কৰি লৈয়ো, এতেকে কৃতাৰ্থ হওঁ। হে সভাসদ, ওহি শ্ৰীৰাম কথা সমস্ত ধৰ্ম্মত গৰিষ্ঠ। আক একচিত্তে যিজনে পান কৰে, সংসাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫০
অৱয়ব