পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য ২৪ , ৰাম ৰাম ফা। ২২৪৫। আকৌ, শামসৰস্বতীয়ে জয়দেৱৰ গীতগোবিন্দ কাব্যৰ ভাশুনি ৰছিল, আৰু তেওঁৰ কলাপচন্দ্ৰ নামৰ পুতেকে সম্ভৱ ব্ৰহ্মৱৈ পুৰাণৰ কাহিনী লৈ লিখা ৰাধা-চৰিত্ৰ নামৰ ৩১৫ পদৰ পুথিখনৰ ভণিতাত লিখিছে "শ্ৰীৰাম সৰস্বতী, যাৰ সদা শুদ্ধ মতি, ভাগৱত শাস্ত্ৰে যাৰ ৰতি। তাহান তনয় অতি, জ্ঞানশূন্য অল্পমতি, কোন কাম কৰিলে। তথাপি॥২০১।” কিন্তু নৰনাৰায়ণৰ সভাকৱি ৰামসৰস্বতীৰ পুতেক কলাপচই নৰনাৰায়ণৰ “প্ৰসাদত ভাগৱত ভঙা সদ্ভৱ নহয়; কিয়নো নৰনাৰায়ণৰ কালত (১৫৪০-৮৪) ৰাম- সৰস্বতীয়েই লৰা মানুহ আছিল। আকৌ কোনো কোনোৱে ৰামায়ণ-চন্দ্ৰিকাৰ কবিজনক কলাপ কেশৰী বুলিব থোজে, আৰু ৰামানন্দৰ গুৰুচৰিতত এওঁক শঙ্কৰদেৱৰ প্ৰথম শিক্ষাগুৰু বুলিছে। “কলাপ-কেশৰী, নামে এক ওজা, আছন্ত সেই গ্ৰামত। আগত শঙ্কৰ, পাছে সুৰ্যবৰ, ভৈলা তান উপগত॥১৩২।” আকৌ ই খেলিমেলি বঢ়ায়হে। গতিকে কালশিলা বংশাৱলীৰ কথা সচা হলে ৰামায়ণ- ঢন্দ্ৰিকা লেখক কলাপচন্দ্ৰ কোনো উত্তৰ - বৈষ্ণৱ কবিয়েই হব। বামমিশ্ৰৰ পৰিচয় এইদৰেই ধূৰ্বলিকুঁৱলীত। মহাভাৰতৰ কোনো কোনো হাতে-লিখা পুথিত প্ৰথম ছয় দিনৰ যুদ্ধৰ বৰ্ণনাত ৰাম-সৰস্বতীৰ সপ্তমৰ পৰা নৱমলৈ তিন দিনৰ বৰ্ণনাত বিদ্যা পঞ্চানন; কিন্তু আন কিছুমানত নৱম দিনৰ যুদ্ধলৈকে ৰামমিশ্ৰৰ আবু দশম দিনৰ যুদ্ধৰ বৰ্ণনাত আকৌ ৰাম- সৰস্বতীৰ ভণিতা। “নিগদতি ৰামমিশ্ৰ সৱাৰে আগত। নৱ দিনা যুদ্ধ এহি মনে সমাপত॥ দশ দিনা পদ কৈলা বাম সৰস্বতী। আমাৰ কৃত এহি মানে সমাপতি॥ আকৌ বিযুঃ শৰ্মাৰ সংস্কৃত হিতোপদেশৰ ভানিত ৰামমিশ্ৰ। আৰ-পৰিচয়ৰ ভণিতা "গড়গ্ৰাম নগৰৰ ৰাজাৰ শৰ বৰ নেয়োগৰ মধ্যম নয়। মন্ত্ৰী মাঝে অগ্ৰগণী পক্ষীৰ পৰুড় যেনি যাৰ গুণ দেশে দেশে কয়।.. হেন মন্ত্ৰী গৃহে আসি লৈয়া পূৰ্ব পুণ্যৰাশি কনিষ্ঠ ভনয় ভৈলা জাত। সমৰ কমলি প্ৰায় যাত পৰে আন নাই ভদ্ৰসেন নামত প্ৰখ্যাত॥ হৰিপদ-কমলৰ যাৰ মুখ মধুকৰ মধূপানে মত্ত সৰ্বদাই। হিত-উপদেশ শাস্ত্ৰ পাৰিজাত তুল্য ইটো ভ্ৰমৰ পৰিল ঘ্ৰাণ পাই॥ ৰাজনীতি কৰি বতি ভদ্ৰসেন শুদ্ধমতি আদেশিলা পদ-নিবন্ধনে। দোষ-গুণ পৰিহৰি বোলা সৱে হৰি হৰি অল্পমতি ৰামমিশ্ৰে ভণে॥" ভণিতা আৰু