আইন-ই-আকবৰি আৰু উত্তৰ-বৈষ্ণৱ যুগৰ চৰিতবোৰৰ ভিতৰেদিও আমি
ইয়াৰ আভাস পাওঁহ’ক। শেষত বুলিও নাম-নাচত নহয়, বৈষ্ণৱ ধৰ্মই এই
কালছোৱাৰ সামৰণিতে আনবোৰ ধৰ্মক চেৰ পেলাই অনুক্ৰমে কিছু দৃঢ়ভাৱে
আগ বাঢ়ে৷
(গ) সাহিত্যিক লক্ষণ—কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা অলপ পৃথক' বোলা য়ুয়ান্ চোৱাঙৰ ইতিহাস-প্ৰসিদ্ধ মন্তব্যই অৱশ্যে প্ৰাচীন অসমীয়া ভাষাৰ জৰিপৰ বাবে প্ৰথম খুটি। পিছে সেই কালৰ প্ৰাচীন অসমীয়াৰ কোনো নিদৰ্শন নথকা হেতুকে তাৰ প্ৰমাণৰ বাবে পণ্ডিতসকল বিমোৰত পৰিছিল, আৰু আন নালাগে বিখ্যাত বাঙালী ভাষাতত্ত্ববিদ্ এজনেও চীন পৰ্যটকৰ এই উক্তিৰ বিৰুদ্ধে নানা অযুক্তি যুক্তি আগবঢ়াবলৈ প্ৰয়াস পাইছিল। কিন্তু সম্প্ৰতি প্ৰাচীন কামৰূপৰ সম্পূৰ্ণ শাসনাৱলী মহামহোপাধ্যায় পদ্মনাথ ভট্টাচাৰ্য্যৰ আশাশুধীয়া চেষ্টাত সম্পূৰ্ণকৈ সম্পাদিত হৈ ওলোৱাত সুধী সমাজৰ আগত পৰোক্ষভাৱে হলেও তাৰ কিছু সাক্ষ্য পোৱা হল। এই শাসনবোৰৰ ভাষা সংস্কৃত; কিন্তু পণ্ডিতসকলৰে বা লিপিকাৰবিলাকৰ অনৱধানতাৰ ভিতৰেদি তেওঁলোকৰ অজ্ঞাতসাৰেই ব্যাকৰণ আৰু জোটনিত স্থানীয় প্ৰাকৃতৰ কিছুমান বৈশিষ্ট্য ওলাই পৰিছিল। “কামৰূপ শাসনাৱলীৰ সুবিজ্ঞ সম্পাদকে সজ উদ্দেশ্যেৰে হলেও অবৈজ্ঞানিকভাৱে সেইবোৰ “শুধৰাই" প্ৰকাশ কৰিবৰ প্ৰয়াস পাইছিল। কিন্তু সৌভাগ্যক্ৰমে জানিবা পাদটোকাত তেওঁ মূল পাঠবোৰ দি গৈছিল। তাৰ পাছত ত্ৰিপিটকাচাৰ্য ডক্টৰ বেণীমাধৱ বৰুৱাই সূক্ষ্মাতি- সূক্ষ্মভাৱে ফঁহিয়াই তাত পোৱা কামৰূপী প্ৰাকৃতৰ সঙ্কেত দিছে। যিহেতুকে এতিয়ালৈকে অসমীয়া ভাষাত অভিজ্ঞ ন-পুৰণি কোনো ভাষাতত্ত্বজ্ঞ পণ্ডিত অসমৰ ভিতৰত বা বাহিৰৰ পৰাও ওলোৱা নাছিল, ভাৰতৰ অষ্টাদশ প্ৰাকৃতৰ ভিতৰত কতো অসমীয়া ভাষাই ঠাই নাপাইছিল আৰু য়ুয়ান্ চোৱাঙৰ বিখ্যাত উক্তিৰ বিপৰীতে হলেও অসমীয়া ভাষাক মাগধী প্ৰাকৃতৰ লগতেই ইমান দিন সাঙুৰি থোৱা হৈছিল। ত্ৰিপিটকাচাৰ্য ডক্টৰ বৰুৱাই শব্দাৱলীৰ ফালৰ পৰা দেখুৱাইছে ইন্দ্ৰপালৰ দ্বিতীয়খন তামৰ ফলিত “সিৰি” শব্দটো পালি ভাষাতো ঘনাই পোৱা হয় : ই সংস্কৃত “শ্ৰী"ৰ অপভ্ৰংশ নহয়। ধনসিৰি, সুৱণসিৰি আদিত লগ লগা সিৰি” বড়ো ভাষাৰ শব্দ তাৰ অৰ্থ নদী। ধৰ্ম্মপালৰ প্ৰথমখন তামৰ ফলিতে ঝৰি, উড়িয়াম আদি বহুত সাধাৰণ অসমীয়া গছৰ