(খ) সামাজিক সাৰাংশ : কুমাৰ শিলাদিত্য হৰ্ষবৰ্দ্ধনৰ কাষত মিত্ৰতাৰ
প্ৰস্তাৱ কৰোঁতে ৰাজদূত হংসবেগে ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে বৰ্ণোৱা
“অয়মস্য চ শৈশৱাদাৰভ্য সঙ্কল্পঃ স্থেয়ান্ স্থানুপাদাৰবিন্দদ্বয়াদৃতে নাহমনাম্
নমস্কুৰ্য্যামিতি" কথাই নিশ্চয় তেওঁক কঠোৰ শৈৱ ৰূপে দেখুৱায়। ভাস্কৰ
বৰ্মাৰ নিধনপুৰ ফলিৰ পৰা ধৰি ধৰ্মপালৰ দ্বিতীয় তাম্ৰলিপিলৈকে সমভাৱে
আটাইখিনি ফলিয়ে দেখুৱায়, নৰকাসুৰ-ভগদত্ত আদিক অন্ধ-পৌৰাণিক চৰিত্ৰ
বুলি এৰিলেও প্ৰথম বৰ্মণ ৰজা পুষ্যবৰ্মাৰ পৰা শেষৰ পাল ৰজা ধৰ্মপাললৈকে
অন্ততঃ সাত-আঠশ বছৰ জুৰি তিনিও বংশৰ কামৰূপী ৰজাসকল বংশ-
নিৰ্বিশেষে শৈৱ ধৰ্মাৱলম্বী আছিল। দ্বিতীয়ত, য়ুয়ান চোয়াঙৰ ভ্ৰমণ-
বৃত্তান্তৰ পৰা জানি ‘পাটত থকা ৰজাজন (ভাস্কৰ বৰ্মা) জাতত বামুণ আৰু
দেৱ নাৰায়ণৰ বংশধৰ হৈও বৌদ্ধ ধৰ্মৰ প্ৰতি এনে বিশেষ শ্ৰদ্ধাবান আছিল যে
তেওঁ ব্ৰাহ্মণ-শ্ৰমণ উভয়কে একেদৰে ভক্তি কৰিছিল, আৰু বিধিৰ বিধাতাক
(য়ুয়ান চোৱাঙক) নিমন্ত্ৰণ কৰি অতিথি-শুশ্ৰূষা কৰিছিল। তদুপৰি কুমাৰ
ভাস্কৰে কুমাৰ শিলাদিত্যৰ লগত হাত-উজান দি বঙ্গদেশৰ নৰেন্দ্ৰ গুপ্ত শশাঙ্কই
মগধ আক্ৰমণ কৰি পাটনা আৰু গয়াৰ বৌদ্ধ বিহাৰবিলাকৰ ধ্বংস সাধন কৰিব
খোজোঁতে এওঁক দমন কৰিলে।’ ভাস্কৰ বৰ্মাৰ বৌদ্ধ ধৰ্মৰ প্ৰতি এই গভীৰ
প্ৰতি দৃঢ়ভাৱে প্ৰমাণিত হয় কিয়নো তেওঁৰ নিজ তামৰ ফলিখনত পোনতে
“ওঁ প্ৰণম্য দেবং শশিশেখৰ প্ৰিয়পিনাকিম্ ভষ্মকণৈৰ্বিভূষিতম," বুলি শিৱৰ
বন্দনা শেষ কৰিয়ে “জয়তি জগদেকবন্ধুৰ্লোকতিয়স্যসম্পদোহেতু" বুলি
ততালিকে বৌদ্ধ ত্ৰিৰত্নৰ অন্যতমৰপে ধম্মক" শ্ৰদ্ধা জনাইছে। তৃতীয়ত,
প্ৰাচীন কামৰূপত এই ৰজাসকলৰ মাটি-দান ফলিত শিৱৰ বাহিৰে পাৰ্বতীৰ
উল্লেখ থকাৰ উপৰিও এই পুৰণি কামৰূপতে যথাক্ৰমে দশম আৰু পঞ্চদশ
শতিকাত ৰচিত বুলি প্ৰায় স্থিৰ হোৱা “কালিকা পুৰাণ” আৰ, "যোগিনীতন্ত্ৰ"
নামৰ ভাৰত-প্ৰসিদ্ধ সংস্কৃত গ্ৰন্থ দুখনত শাক্ত আৰু তান্ত্ৰিক ধৰ্মৰ বিপুল
চৰ্চ্চা দেখিবলৈ পোৱা হয়। তদুপৰি খৃষ্টীয় ত্ৰয়োদশ শতিকাত অসম আক্ৰমণ
কৰা আহোম আৰু মুছলমান জাতিৰ লেখকসকলৰ পৰাও তেওঁলোকৰ
পূৰ্ববৰ্তী দেশৰ কছাৰী, চুটিয়া, বাৰভূঞা আদি শাসকসকলে অহিন্দু বা
হিন্দুৰূপে কেচাইখাতী বা দুৰ্গা-পাৰ্বতী আদি গোসানীক তন্ত্ৰ-মন্ত্ৰৰ
সহায়েৰে ভয়ঙ্কৰভাৱেও পূজা কৰা কথাৰ উল্লেখ পোৱা হয়; আৰু ফজলৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী