২১০ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী মাৰ দীন মূৰুখমতি কহ বাণী শুন সৱ লোই। বিনে গুৰু-সুৰণ ভত বকতি মুকুতি কবহু নহোই॥ ওহি পৰম ৩ বেদকে বাণী জানি নৰ নকৰ বিৰাম। ধমক এক গৰৱক ছছাড়ি ডাকি বোলহ ৰাম ৰাম॥ অসমীয়া সাহিত্যত, তথা অসমীয়া সংস্কৃতিত, সমাজ বা জাতিগঠনত, শঙ্কৰ দেৱৰ স্থান নিৰ্ণয় কৰিবলৈ যোৱা বিড়ম্বনা আৰু দুঃসাহস মাত্ৰ; কিয়নো বেলিক যেনেকৈ তাৰ পোহৰৰ পৰা পৃথকৰূপে কল্পনা বাতুলতা মাথোন, তেনেকৈ অসমীয়া সাহিত্য, সংস্কৃতি, সমাজ আৰু জাতি শঙ্কৰদেৱৰ প্ৰতিভাৰ প্ৰতিবিম্ব বা প্ৰতিকৃতি মাত্ৰ। অসমৰ সাংস্কৃতিক সৌৰ জগতত শঙ্কৰদেৱ যিদৰে সূৰ্য্য স্বৰূপ, মাধৱদেৱও সেইদৰে তাক কেন্দ্ৰ কৰি ঘূৰা বিভিন্ন গ্ৰহ-জ্যোতিষ্কৰ বৃহস্পতি স্বৰূপ। এওঁলোকৰ লগৰীয়া মঙ্গল, বুধ, শুক্ৰ আদি ৰূপৰ অন্যান্য জ্যোতিষ্ক- সকলৰ বিষয়ে ইয়াৰ পাছত তেনেভাৰেই আলোচনা কৰা হয়। হৰিচৰণ অনন্ত কন্দলী চন্দ্ৰভাৰ ভাগৰত ভট্টাচাৰ্য হ্যজো হেন যাৰ গ্ৰাম যাত মহা পঞ্চ তীৰ্থ আছে। মহা মণিকূট গিৰি উঠি মত জন্ম ভুৰি লোহিত বহন্ত যাৰ কাছে॥ গিৰিবৰ ওপৰত মহাবম্য মদিৰত আছে কৃষ্ণ-ভকতৰ পতি। হয়ঞ্জীৱ ৰূপ ধৰি যাক দেখি নৰ নাৰী মহাসুখে সাধয় মুকুতি॥ তাসম্বাৰ হন্তে দিবা পট্টবস্ত্ৰ উপজয়, দেৱ দ্বিজ ৰাজাৰৰ ভূষণ। সেহি হজে নাম স্থানে আছিল বঙ্গ মনে মাৱত কৰিয়া সেন॥ তন্তু কুল কমলৰ প্ৰকাশৰু দিবাকৰ ভাগৱত শাস্ত্ৰত পাতি। ৰস্তু পাঠক নাম আছিল কৃষ্ণ ভকত। দেৱ মাধৱৰ বৰে উপজিলা হানি ঘৰে তাহান নদন শুভ মতি। পিতৃকুল অনুসাৰে মহা ভাগৱত শাহে কৃষ্ণেঃ উপজাইলা কিন্তু বতি॥ অনন্ত কন্দলী কবি নাম মাত্ৰ ভৈলা খ্যাত কাৰ্যে কিছু নভৈল তাহাব। নাৰাধিলোঁ একো দেৱ নকৰিলে ৰাজা সেৱ একো শাস্ত্ৰ নাজানিলোঁ আৰ॥ নাচাহিলো কাব্যকোষ কত নাহি পৰিতোষ তুৰ্কতে কৰ্কশ ভৈলা মতি। এক ভাগ্ৰত শাস্ত্ৰ চিক তুষিলা মোৰ তাতেসে ৱিল প্ৰেম বতি॥ দ্বিজবৰ অনুপম
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১২
অৱয়ব