পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য কহে অকক অথ আৰ গুৰুতৰ নানাবিধ প্ৰসঙ্গ তৰ কৰিবাক নপৰয়। ভকতি-প্ৰদীপ বিনে। বৈদান্তিকো নুবুজয়। টীকাতো সংশয় নিছিগায়॥ শ্লোক সংস্কৃতে আমি। লিখিবাক ভাল জানি তথাপি কৰিবোঁ পদবন্ধ। স্ত্ৰী শূদ্ৰ আদি যত জানেক পৰ্ব ৩ শ্ৰৱণত মিলক আনন্দ॥ মধ্য দশমৰ আপৰিচয়মূলক ভণিতাত কবিয়ে এনেদৰে লিখিছে। আকৌ শেষ দশমৰ আৰু আন আন ৰচনাত আত্ম-পৰিচয় দিছে ‘ৰত্নপাঠক নাম পণ্ডিত পৰম। ভাগৱত শাস্ত্ৰে যৰি আছিল বিক্ৰম॥ শ্ৰীহৰিচৰণ নামে তাহাৰ সন্ততি। ক্যাবণ পঢ়ি নাম শ্ৰীচন্দ্ৰ ভাৰতী॥ তৰ্কত লভিলা নাম অনন্ত কন্দলী। ভাগৱত আচাষ পদবী ভেলা বৰ্ণী॥ ভাগৱত ভট্টাচাৰ্য বলে আৰ্য জনে। তেহে বিবাচিলা পদ কুষৰ চৰণে॥” “ভাগৱতাচাৰ্য গুণে ভী লাল ত্যজি বেলা বাম কাম॥" “ভাগৱত ভট্টাচাৰ্য্য, কহে এহি মোক্ষ কাৰ্য হৰি বুলি তৰা ভৱ-পাশ।” “হে মহা মহা ভাগৱত ভট্টাচাৰ্য। বোলা ৰাম ৰাম আৰ পৰে নাহি কাৰ্য॥ ‘ভাগৰত ভট্ট ভকি বোলা ৰাম ৰাম॥" তদুপৰি ‘শীতে তৰণি তাপেন গ্ৰীষ্মে লৌহিত বায়ুনা। সুখদোখিলা লোকানাম মণ্ডপঃ চন্দ্ৰভাৰতেঃ॥” উক্ত গুৱাহাটীৰ এটি পকতীয়া টিলাৰ ওপৰত কন্টা এই শ্লোকটিৰ পৰাও এই কবি ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা বুলি বুজিব পাৰি। ৰামানুজাচাৰ্য্যই কাঞ্চীপূৰ্ণৰ উচ্ছিষ্ট ভোজেনৰ বাৰে বাকুল হোৱাৰ দৰে অনন্ত কন্দলীয়েও শঙ্কৰদেৱৰ এৰেহ বিচাৰি শঙ্কৰদেৱৰ ভোজন সময়ত উপস্থিত হোৱা কথা বৰদোৱাৰ চৰিতত আছে। লোকিকতাৰ দোহাই দি ‘কাঞ্চীপূৰ্ণই ৰামানুজক বিমুখ কৰাৰ দৰে নকৰি শঙ্কৰদেৱে ভাগৰতৰ আদ্য-দশমৰ ভাঙনি শেষ কৰি তেওঁৰ মানসিক উচ্ছিষ্ট স্বৰূপে মধ্য আৰু শেষ দশমৰ ভাঙনি কৰিবলৈ অনুমতি দিয়ে; আৰু সেই অনুসাৰেই দশম ভাগৱতৰ বিভিন্ন ভাঙনি পোৱা হয়। শঙ্কৰদেৱৰ আদ্য দশমৰ ভাঙনি শ্ৰীকৃষ্ণৰ শিশু-লীলাত ২৪৭৬ পদত শেষ হৈছে অনন্ত কন্দলীৰ মধ্য দশম ভাঙনি কৃষ্ণই উদ্ভৱৰ সৈতে কুজীৰ ঘৰলৈ যোৱাৰ পৰা দামোদৰ বিপ্ৰখ্যাত (১২৯৮৯-১৭৮৫৮ পদ) আৰু এওঁৰে শেষ দশম ভাঙনি কৃষ্ণ কুৰুক্ষেত্ৰলৈ যোৱাত আৰম্ভ হৈ যদুবংশ ধ্বংস আৰু বিপ্ৰপুত্ৰ আনয়নত (১৭৭৫৯-১৯১২২ পন) ওৰ পৰিছে। শেষ দশমৰ উল্লেখৰ পৰা