সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৩
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


প্ৰভাৱৰ প্ৰমাণ দেখুৱাই “ঘোষা " কাব্যবোৰেও যথাস্থান ললে; তাৰ ভিতৰত গোপাল মিশ্ৰৰ “ঘোষ-ৰত্ন" আৰু পুৰুষোত্তম ঠাকুৰৰ ‘ন-ঘোষা” উল্লেখযোগ্য। ইয়াৰ কাৰণ আন একো নহয়, কালিদাস আৰু মাধৱদেৱৰ প্ৰতিভাৰ যি অমৰ বৈভৱ তাৰ প্ৰভাৱতে মেঘদূত আৰু নামঘোষাই আনে পাব নোৱৰা যাউতিযুগীয়া জীৱনী-শক্তি লভিলে। স্বৰ্গহৰণ আৰু পুনঃস্বৰ্গলাভ কাব্য যেনেকৈ ভক্ত কবি মিল্টনে বাইবোলখন বুকত লৈ টোপনি যাওঁতে দেখা সপোন বুলি কোৱা হয়, নামঘোষাও সেইদৰে সাধক কবি মাধৱৰ আত্মোৎসৰ্গৰ ফল, সাধনা-লব্ধ পুণ্যাশীষ।


মাধৱদেৱৰ অঙ্কীয়া নাট আৰু বৰগীত ৰচনা


শুনিয়া মথুৰাদাস তেখনে আসিলা।  মাধৱদেৱক বৰপেটা লাগি নিলা॥
ভক্তবৰ্গসমে তথা ৰহিলা মাধব।  তন্তিকুচি লোকৰ মিলিলা মহোৎসৱ॥
নটুৱা পাতিলা নাট কৰিলা বিস্তৰ।  নাট দেখি লোকৰ আনন্দ বহুতৰ॥
কৰিলা ঝুমুৰা দধি-মথন তহিত।  নানা ৰসে কৰিলন্ত আনো যত গীত॥

মাধৱদেৱৰ চোৰধৰা, পিপড়া গুচোৱা, ভুমিললোটোৱা,ভোজন-ব্যৱহাৰ, অৰ্জ্জুন-ভঞ্জন, (ৰাস) ঝুমুৰা, দধিমথন আৰু কোটোৰা খেলা, এই আঠখনি অঙ্কৰ নাম এতিয়ালৈকে পোৱা হৈছে। মাধৱদেৱকে আদি কৰি সকলো অঙ্ক- লেখকে শঙ্কৰদেৱৰ আৰ্হি অনুসৰিয়ে সংস্কৃত স্তোত্ৰৰ পাছত ব্ৰজবুলি মিহলি গীত-পদ আৰু কথা ব্যৱহাৰ কৰিছে। ইয়াতে অৱশ্যে লক্ষ্য কৰিব লগীয়া কথা, অঙ্কৰ বাবে মাধৱদেৱে শ্ৰীকৃষ্ণৰ মধ্যলীলা আদিতকৈ শিশুলীলাহে বিশেষভাবে অৱলম্বন কৰিছে আৰু এই উদাসীন ভক্তই সেই বাৎসল্য-ৰস অপূৰ্ব- ভাৱে ফুটাই তুলিছে।

 চোৰধৰা আৰু পিম্পৰা গুচোৱা অঙ্ক দুখনিৰ বিষয়-বস্তু প্ৰায় একে, গোপীৰ ঘৰত মাখন চুৰ কৰা কাহিনী (অধ্যয়ন,১৩৫-৩৮, ১৫২-৫৩)। ভূমি লোটোৱা অঙ্কত মাখন চুৰ কৰি ধৰা পৰাৰ ভয়ত কৃষ্ণই এদিন তেওঁৰ মাখন আৰু বাঁহীটি কোনোবাই নিলে বুলি কান্দি-কাটি মাটিত লেটি লৈ সেই কথা তল পেলোৱা উপায় কৰিছে আৰু যশোদাই সেই ধূৰ্ত্তালি নুবুজি পুত্ৰক কাবৌ-কোকালি কৰি নিচুকাইছে- “অহে পুত্ৰ শ্ৰীকৃষ্ণ, তেহাৰি পাৱত লাগোঁ। অৰুণ অধৰ বালাই লওঁ। ওহি শ্যাম শৰীৰক অৱস্থা দেখিয়ে কৈছে মৰিয়ে