নাযওঁ! তোহাৰি ঐছন অপমান দেখিয়ে আমাৰ হৃদি সহয়ে নাহি। আহে
বাপু, ৰোষ তেজহ, উঠহ, উঠহ। ভোজন ব্যৱহাৰ অঙ্কত কৃষ্ণই যমুনাৰ
পাৰত গৰখীয়াবিলাকেৰে বনভোজ খাওঁতে ব্ৰহ্মাই গৰু আৰু গৰখীয়াবিলাকক
কেনেকৈ চুৰ কৰে আৰু পাছত কৃষ্ণৰ হাতত ব্ৰহ্মা ধৰা পৰে, তাৰ কাহিনী
আছে। দধিমথন বা অৰ্জুন-ভঞ্জন অঙ্কত যশোদাই শিশু কৃষ্ণক উড়ালত
বান্ধি থওঁতে তেওঁ আঠু কাঢ়ি সেই উড়াল চোচৰাই নি এঙ্গোপা অৰ্জুন গছ
ভঙাৰ চলেৰে নাৰদৰ শাপৰ পৰা কুবেৰৰ দুই পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱক
কেনেকৈ উদ্ধাৰ কৰিলে, তাক বৰ্ণাইছে। আৰম্ভণতে সূত্ৰধাৰে ঘোষিছে---
“যশোদা দিব্য বস্ত্ৰ আলঙ্কাৰ পৰিধান কৰিয়ে কুঙ্কুমে কুচযুগ মণ্ডিয়ে কঞ্জলে নয়ন
দুহু ৰঞ্জিয়ে কৰ্পূৰ তাম্বুল ভুঞ্জিয়ে যৈছে দধি মথিতে লাগিলা তাহা দেখহ শুমহ
নিৰন্তৰে হৰি বোল হৰি বোল।”
শঙ্কৰদেৱৰ নামত আৰোপিত কেলি গোপাল, আৰু (ৰাস) -ঝুমুৰা কোটোৰা খেলা আৰু ভূমণ হেৰোৱা অঙ্ককেখনিৰ সম্পৰ্কে মতভেদ আছে, যিহেতুকে সদৌ অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভিতৰত এইকেখন অঙ্কতহে ৰাধা বুলি এটা সুকীয়া চৰিত্ৰ দেখিবলৈ পোৱা হয়। হৰিনংশ, বিষ্ণুপুৰাণ আৰু স্বয়ং ভাগৱত পুৰাণ আদি কোনো মূল শাস্ত্ৰত যে ৰাধা-চৰিত্ৰ এটা নাই, অৰ্বাচীন ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ পৰাহে যে জয়দেৱ, বিদ্যাপতি, চণ্ডীদাস আদি কবিসকলে আৰু তেওঁ- লোককে অনুসৰি চৈতনাদেৱ আদিয়ে এই ৰাধা-চৰিত্ৰত প্ৰাধান্য দিছে, আৰু অসমীয়া বৈষ্ণৱ সাহিত্য যে এই ৰাধা-চৰিত্ৰৰ কু-চৰিত্ৰৰ পৰা সম্পূৰ্ণ মুক্ত, এনেবোৰ কথা একাধিকবাৰ উল্লেখ কৰি অহা হৈছে। তেনেহলে অকল এইকেইখন আঙ্কত ৰাধা-চৰিত্ৰ ওলাল ক’ৰ পৰা আৰু নোলালে শঙ্কৰদেৱ- মাধবদেৱৰ নামত এই বোৰৰ প্ৰচলন হল কেনেকৈ, এয়ে মতানৈক্যৰ গুৰি। (ৰাস) ঝুমুৰা আদিৰ উল্লেখ যে দৈত্যাৰি আদি চৰিত-লেখকে কৰিছে, তাত সন্দেহ নাই; সেই অঙ্ক বৰ্তমানে চলিত অন্ধ নহয়, এনে এটা কথা কেৱল কব পাৰি; পিছে সিও সুপ্ৰমাণিত হব লাগিব। (ৰাস) ঝুমুৰা প্ৰকৃত ৰাসক্ৰীড়া কাহিনী নহয়; কৃষ্ণৰ অন্তৰ্ধ্যানত বিৰহ-বাউলী আৰু প্ৰেমান্ধা গোপীসকলক দুপৰ নিশা ঈৰ্ষাযুক্তা হৈ হাবিৰ মাজত কৃষ্ণই এগৰাকী কাল্পনিক গোপীক লৈ পলাই যোৱাৰ যি খোজ দেখা পাইছিল, আৰু সেই কাল্পনিক গোপীকে “ অনায়াৰাধিতো কৃষ্ণঃ” শব্দৰ ধ্বনিৰ পৰা “হাঁ” বালোতেই হুমুনিয়াহৰ বাতৰি পোৱাৰ দৰে যি ৰাধাৰ উৎপত্তি, সেই