নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১১৮১ হুবহু একে। দৈত্যাৰিয়ে বানানন্দৰ সবেই মাত্ৰ অলপ বিশেষভাৱে, মাধৱ- দেৱৰ বিৱৰণ দিছে; যেনে শিক্ষা বিষয়ত- আছে সেহি থানে, বুঢ়া আতা জানত। পঢ়াইল সমস্ত কয়ছিকা বৃত্তি যত। আনো শাস্ত্ৰ যত পঢ়িাইল সমস্ত শল্য পন্য সংস্কৃত। ন্যায় তৰ্ক নীতি শিখাইলা সম্প্ৰতি আনো যত কৰ্ম নিত॥"২১৩। দৈত্যাবিৰ মতে মাকৰ নৰিয়াৰ বাবেহে পাঠা আগবঢ়োৱা হৈছিল। সি যি হওক, বৰ্তমান মাজুলিৰ আহতগুৰিৰ ওচৰৰ ধূঞাহাট বা কেলগুবিত শঙ্কৰ- দেৱ থকা কালত মাধৱদেৱৰ যিদৰে দেখা হল, তাক আটাইকেজন চৰিত-লেখকে বিতোপনকৈ বৰ্ণাইছে। ৰামচৰণৰ মতে পাঠা কিনিবলৈ গৈ বামদাসে শঙ্কৰ- দেৱৰ পৰা এই শিক্ষা পাই ঘূৰি আহে, “দেখী পূজা কবে যিটো কাটি হাযু-ছাগ। অন্তকালে সিটো অস্ত্ৰ ধৰি লৱে লাগ॥ কাটি-হিহি লৱে প্ৰাণ ঘাড়ক মোহাৰি। যাতনা তুঞ্জিৰে লাগে জীৱে মৰি মৰি॥ যি বাৰ্যে কাটিলা বলি ফলো নপাৱয়। কিঞ্চিকে ছিদ্ৰে তাক বিনাশ কৰয়॥ চিৰকাল ভূঞ্জি মৰে মোৰ নৰকক। যিটো জনে তাহে আপোনাৰ কুশলক॥ কৃষক ভজিয়া সুখে তবোক সংসান। আত পৰে জীৱৰ শল নাহি আৰ॥” মাধৱদেৱে বানদাসৰ মুখে এনে যুক্তি শুনি, দৈত্যাৰিব মতে, তৰ্ক- বামদাসে বোলম্ভ কৰিবা পাঠা কিবা। পৰলোকে সিটো কাটে যাক কাটে যিনা॥ হেহে বুলিলন্ত পাঠা কিনিবো কিসক। কিবা কাৰ্য্য আছে ইটো বিনাশী ধৰ্মক। বিৰ কাৰণে পৰ জীৱ হত কৰা বৃথা। মাধৱে বোলপ্ত কৈত পাইলা ইটো কথা॥ এতে দিনে ইটো কথা নুশুনিলোঁ আমি। আৰে কৈৰ পৰা আৰু তৰঙ্গাইলা তুমি॥ এবিয়া ভাতব গ্ৰাস দুইবো এহি বাদ। দেখাই নানা শাস্ত্ৰ কৰে মাধৰে উচ্ছাস। বমিদাসে বোলে কৰি মনত আনন্দ। তুমি-আমি অকাৰণে কৰে কেনে দন্দ॥ ভাত খাই উঠা ঝাণ্টে তুমি-আমি যাওঁ। যাত শুনি আছে আহাঁ তাহাঙ্ক দেখাও। তাহান আগত মাতিবাক নপাৰিবা। তোমাক নীবৰ এক উত্তৰে কৰিবা॥ শুনিয়া মাধৱে বোলে তেন্তে উঠা যাওঁ। কেমনে নীৰৱ মোক কৰে তাঙ্ক চাওঁ॥” বানচৰণৰ পদত, এই বাদত মাধৱৰামদাসৰ ভাষা- বলি কাটি যিটো অন্য দেৱক পূয়। আন্ত কালে সেহি বলি তাহাক কাটয়॥ যাতনা ভুফিয়া মৰে নাহিক নিষ্কাৰ। নপাৱে মৰুলক দুখ মাত্ৰ পাৱে সাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮৩
অৱয়ব