পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
নতুনপোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


বিদ্যাপতিৰ বাহিৰে দ্বিতীয় আৰু তৃতীয় মৈথিলী নাট্যকাৰ গোবিন্দ আৰু উমাপতি শঙ্কৰদেৱতকৈ যথাক্ৰমে প্ৰায় এশ আৰু দেড়শ বছৰৰ পাছৰ, আৰু সিমান পাছৰ হৈও তেওঁলোকৰ নাটকত গীতবোৰহে মৈথিলীত, বচন প্ৰাকৃতত আৰু পদবোৰ সংস্কৃতত।

 মৈথিলী বুৰঞ্জীলেখকে সৈ কাঢ়িছে উষাহৰণ, পাৰিজাতহৰণ, ৰুক্মিণীহৰণ আদি মৈথিলী "হৰণ” নাটবোৰ আৰু তাৰ কৃষ্ণলীলা বৰ্ণন নিশ্চয় মৈথিলী সাহিত্যৰ অলপ শেহতীয়া কাহিনী; তেওঁ স্পষ্টভাবে কয়, বঙ্গ আৰু অসমৰ “যাত্ৰা" আৰু "কীৰ্ত্তন’’ৰ লগত অন্ততঃ ইমাৰ এই নামকৰণতো ছাঁ পৰিব পায়। অসমীয়া নটি আৰু ভাৱনাৰ এশ-দেড়শ বছৰৰ পাছৰ এই “কীৰ্ত্তনীয়া" মৈথিলী নাটকৰ অভিনয় অসমীয়া ভাৱনা”ৰ দৰেই নিশা অভিনীত হয়; সাধাৰণ ঠাই এডোখৰেই তাৰ ৰঙ্গমঞ্চ; নান্দীপাঠৰ পাছতে সূত্ৰধাৰ ওলায়; সুধীসমাজৰ পৰা সাধাৰণলৈকে আটায়েই ইয়াৰ দৰ্শক; আৰু নায়ক , নায়িকা সখীসকল, বিদুষক আদিয়েই “কীৰ্ত্তনীয়া" নাটকৰ ঘাই ভাৱৰীয়া আৰু এই ভাৱৰীয়াসকলৰ সাজ-পাৰৰ বৰ্ণনাত পাদুকা, পাগ আদি ব্যৱহাৰৰ পৰা অসমীয়া ভাৱৰীয়া ঘাইকৈ সূত্ৰধাৰৰ সাজ-পাৰলৈ ঘনাই মনত পৰে। নীচাত্মিকা ভাবেৰে অসমে মিথিলাৰ পৰা সেইবোৰ ধাৰ কৰা বুলিলেও নিশ্চয় অনৈতিহাসিক দোষত দুষ্ট হব লাগিব, কিন্তু মৈথিলী বুৰঞ্জী-লেখকে নিজে সূচোৱাৰ দৰে সেই যুগৰ মিথিলাই শঙ্কৰদেৱৰ অসমৰ পৰা নিয়া বুলিলেহে সি অৱশ্যে যুক্তিসঙ্গত হয়। তদুপৰি ঐতিহাসিক আৰু ভৌগোলিক বিচাৰতো শঙ্কৰদেৱে ব্ৰজবুলি ব্যৱহাৰ কৰাত বিশেষ আচৰিত হবৰ ঠাই নাই, কিয়নো অসম একালত মিথিলাৰ সীমামূৰীয়া দেশ আছিল আৰু প্ৰাক-ঐতিহাসিক কালৰ পৰা দুই দেশৰ মাজত সংস্কৃতিৰ যথেষ্ট আদান- প্ৰদানো চলিছিল। হাজাৰ বাৰশ বছৰৰ আগৰ বৌদ্ধ দোহাত পোৱা ঘৰুৱা অসমীয়া মাত-কথা মিথিলায়ো তেওঁলোকৰ ঘৰুৱা মাত-কথা বুলি দৰী কৰে।


মাধৱদেৱৰ জীৱনী, ধৰ্ম্মপ্ৰচাৰ আৰু নিৰ্যাতন


 মাধৱদেৱৰ পূৰ্বপুৰুষ আৰু জন্ম সম্বন্ধে ৰামানন্দৰ সম্পূৰ্ণ বিৱৰণ--

জন্মিলা মাধৱদেৱ কায়স্থ কুলত।  আছিলন্ত পিতৃ তান বাণ্ডুকা দেশত॥
শঙ্কৰৰ মাধৱৰ বংশ যত যত ।  একেলগে আছিলন্ত কনৌজপুৰত॥