পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য

অসমীয়া বৈষ্ণৱ সাহিত্যৰ মাখিছালৰ তললৈও যোৱা নাই। বৰগীত আৰু আহঃীয়া নাটত ব্ৰজবুলিৰ ব্যৱহাৰৰ বাবেই তীৰ্থ-ভ্ৰমণত সেইবোৰ দেখি আহি সেই সাঁচত অসমীয়া নাটক ঢালিছিল বোলাসকলে নিশ্চয় মিথিলা আৰু অসমৰ ঐতিহাসিক তথ্যবোৰ তুলনামূলকভাৱে নাচাইহে তেনেদৰে কব পাৰে। মৈথিলী সাহিত্যৰ যশস্বী বুৰঞ্জী-লেখক জয়কান্ত মিশ্ৰই নিজে দেখুৱাইছে, অসমীয়া বৰগীতত মৈথিলী গীতৰ দৰে ৰাগৰ উল্লেখ, ভণিতা ধ্ৰুপদ আৰু কৃষ্ণ-কাহিনী আছে; কিন্তু মধুৰ বা পতি-পত্নী ভাবপ্ৰধান মৈথিলীৰ কৃষ্ণগীত আৰু সেই মধুৰ ভাববৰ্জিত দাস্যভক্তি- প্ৰধান অসমীয়াৰ বৰগীতৰ শাহ দুইটা সম্পূৰ্ণ সুকীয়া বস্তু। তদুপৰি ৰাগ বন্ধা ভণিতা আৰু ধ্ৰুপদ থকা গীত অকল মৈথিলীতে নাই, তাৰ ৭০০ | ৮০০ বছৰৰ আগৰ বৌদ্ধ দোহা আৰু সমসাময়িক অসমীয়া দুৰ্গাবৰ গীত আদিতো আছে। আকৌ শঙ্কৰদেৱৰ পাৰিজাত হৰণ আৰু মৈথিলী কবি উমাপতিৰ পাৰিজাত- হৰণ নাম দুটাৰ মিল দেখিয়েই উটনুৱা সমালোচকে শঙ্কৰদেৱে মিথিলাৰ নাটকৰ নকল বা অনুকৰণ কৰা বুলি টপৰাই কব খোজে, কিন্তু এই নাটক দুখন নিজ চকুৰে চাওঁতাসকলে দেখিব যে পৌৰাণিক নাটক স্বৰূপে পলসত একে হলেও আকৌ এই দুখন নাটক শাহত সম্পূৰ্ণ সুকীয়া। য’ত শঙ্কৰদেৱে ভক্তৰ মনোবাঞ্ছা- সিদ্ধিত নিজ অঙ্কৰ সামৰণি মাৰিছে, ত’ত উমাপতিয়ে সতিনী-অহীয়া কৃষ্ণ আৰু সতিনী-লাগিনী সত্যভামাৰ কাজিয়া-পেচাল লগাই ৰং পাইছে, গতিকে উমা- পতিৰ ওপৰত শঙ্কৰদেৱৰ মৌলিকত্ব আৰু শ্ৰেষ্ঠত্ব মৈথিলী বুৰঞ্জী-লেখকেও মানি লবলৈ বাধ্য হৈছে৷

 কিন্তু আমি মূলতে মৈথিলী নাটকৰ আঁতি-গুৰিকে নিবিচাৰোঁহঁক কিয়? আধুনিকতম গবেষণা মতে বিদ্যাপতিৰ “গোৰক্ষবিজয়” প্ৰথম মৈথিলী নাটক, আৰু ইয়াক মিথিলাৰ ৰজা শিৱসিংহৰ (? ১৪১২-১৪২৯ খৃঃ) আদেশত লিখা হৈছিল, এই নাটকৰ বচন আদি সকলো সংস্কৃত, অকল গীতখিনি মৈথিলীত ৰচা বুলিয়েই ইয়াক সংস্কৃত নুবুলি মৈথিলী নাটক বোলা হয়৷ দ্বিতীয় মৈথিলী নাটক “নলচৰিত’’ৰ লেখক গোবিন্দ প্ৰায় ১৬৪০ খৃঃৰ নাট্যকাৰ; এই নাটকৰো বচন আদি সংস্কৃত আৰু প্ৰাকৃতত, কেৱল গীতখিনিহে মৈথিলীত ৰচা। “পাৰিজাত হৰণ’’ৰ নাট্যকাৰ উমাপতি মিথিলাৰ ৰজা নৰপতি ঠাকুৰ (১৬৯২-৯৩-১৭০৩- ০৪ খৃঃ) আৰু ৰাঘৱসিংহৰ ৰাজত্বৰ লেখক; আৰু মৈথিলী “কীৰ্ত্তনীয়া" নাট্যকাৰৰ এওঁকে মুখপত্ৰ বুলিও ভবা হয়। তেন্তে প্ৰথম মৈথিলী নাট্যকাৰ