পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

ধৰণৰ মৌলিক উচ্চতম চিন্তাৰ মানদণ্ডৰ একোটি উচ্চ পৰ্বত-চূড়া থাপিলে বুলিব পাৰি। কিন্তু আগত বা পাছত মানৱ-সভ্যতাৰ ইতিহাসে কোনো কালে দেখিবলৈ নোপোৱা জগতৰ অভূত-পূৰ্ব উচ্চতম দৰ্শন-বিজ্ঞানৰ নিদৰ্শনৰ চিৰ হিমৱন্ত পৰ্বতমালাৰ নিচিনা বেদান্ত-উপনিষদৰ কাঞ্চনজঙ্ঘাৰ নিশ্চয় বুদ্ধদেৱৰ আবিৰ্ভাৱৰ আগৰ কালতেই অত্যুত্থান হৈছিল; বুদ্ধদেৱ সেই উচ্চতম পৰ্বতমালাৰ শাৰীৰ এটি গুটীয়া পৰ্বত মাত্ৰ।

 বুদ্ধদেৱৰ সেই অৰ্দ্ধ-সহস্ৰ বছৰৰ পাছত যীশুখৃষ্টৰ আবিৰ্ভাৱ, আৰু এৱোঁ নিশ্চয় নতুন ভাব-চিন্তাৰ উচ্চ মান-দণ্ডৰ এটি পৰ্বত স্বৰূপ। কিন্তু অৰ্দ্ধ সহস্ৰ বছৰ নৌ-যাওঁতেই জোৱাৰৰ স্বাভাবিক অনুজ সেই ভাতাৰ আৰম্ভ হল; আৰ, ইয়াতেই মধ্যযুগৰ পাতনি। এই ভাতাৰ কালত যে অকল জাগৰণৰ ঠাইত অবসাদে দেখা দিলে এনে নহয়, তাৰ এক অদ্ভূত প্ৰতিক্ৰিয়াও আৰম্ভ হল। ইউৰপত যেনেকৈ এই প্ৰতিক্ৰিয়াই ৰপে ললে গ্ৰীছৰ ছক্ৰেটিছলেটো আৰু ৰ’মৰ লিউক্ৰোছিয়াছ, আৰু হোৰেছ আদিৰ শিক্ষাৰ ওলটা অৰ্থ গ্ৰহণত, ভাৰতবৰ্ষতো সি ৰূপ ললে গীতা-উপনিষদৰ ভুল মৰ্ম গ্ৰহণত। উদাহৰণ স্বৰূপে, ভাৰতীয় মহৰ্ষিসকলৰ দৰেই গ্ৰীছীয় মনস্বীসকলে আমাক সতৰ্ক কৰিছিল ইন্দ্ৰিয়সমূহে ভোগ-লালসাৰ ভুল বাটেদি নি যাতে আমাৰ আধ্যাত্মিক অপকৰ্ষ ঘটাব নোৱাৰ। কিন্তু ইউৰ’প আৰু ভাৰতত প্ৰায় সমানে আৰম্ভ হল এই যুগত ইন্দ্ৰিয়ৰ কৃচ্ছ-সাধন, শৰীৰৰ নিৰ্যাতন আৰু সংসাৰ-জীৱনৰ পৰা সখে-সৌন্দৰ্যৰ নিৰ্বাসন। মুখে তেতিয়াও মানুহৰ নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষৰ কথাকে গাই আছিল, কিন্তু হাতে আত্মাৰ ডিঙিত বন্ধনৰ নাগ-পাশ লগাইছিল : ভালুকৰ দৰে আগলৈ বুলি জাপ মাৰি বাস্তৱতে পিছুৱাই গৈ আছিল।

 সেই ঘোপমৰা অজ্ঞান আন্ধাৰতে শুনিবলৈ পোৱা হল নৱজন্মৰ ফেহুজালি। এই নৱজন্মৰ আন্দোলন মধ্যযুগৰ আন্ধাৰ তথা আত্মাৰ নাগ-পাশ-বন্ধনৰ বিৰুদ্ধে ধৰ্মযুদ্ধ (ক্ৰুছেড্) আৰম্ভ কৰিলে। মানৱ-শৰীৰ অনিত্য সচা, সংসাৰেই অনিত্য : কিন্তু অনিত্যক পাবলৈ বা ভৱ-সাগৰ তৰিবলৈ ইয়াতকৈ ভাল তৰণী নাই : ইন্দ্ৰিয়সমূহ লাগতিয়াল কিন্তু বিশ্বাসঘাতক লগুৱা, সচা; এতেকে সাৱধানে সিহঁতক সজ কামত সততে লগাই থব লাগে যাতে আমি পাছত তাৰ বাবে অনুতাপ কৰিব লগা নহয়—“নকৰিলো শিৰে মাধৱক নমস্কাৰ।