পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
মধ্যযুগীয় আৰু নৱজন্ম-আদৰ্শৰ সাহিত্য


মন্তব্যবোৰৰ বাবে আমি কৃতজ্ঞ। সেই কিতাপ কেখনৰ প্ৰসঙ্গত বাতৰিকাকতত ওলোৱা মতামতবোৰলৈ বহুতে আমাৰ মনোযোগ আকৰ্ষণ কৰিছিল; কিন্তু সেইবোৰ অনভিজ্ঞতা আৰু অদূৰদৰ্শিতাৰ পৰিচয়জ্ঞাপক, যে সন্দেহ নাই। সাহিত্য-পুথি প্ৰকাশনৰ ফৰ্দ্দ বা সাহিত্যিকৰ তালিকা যিমানেই সম্পূৰ্ণ হওক লাগে, সি সাহিত্য-বুৰঞ্জী নহয়; এনে কথা নজনা সাহিত্যিকৰ আজিও আমাৰ দেশত আকাল নাই, ই দুৰ্ভাগ্যৰ কথা। সমবায়-পদ্ধতিৰে সাহিত্য-বুৰঞ্জী লিখিবলৈ কৰা প্ৰস্তাৱ আৰু হাঁহিয়াতৰ কথা।


মধ্যযুগীয় আৰু নৱজন্ম আদৰ্শৰ সাহিত্য


 মধ্যযুগ আৰু নৱজন্ম যুগ বিভাগৰ মূল নীতি ইয়াতে বাখানি থোৱা প্ৰাসঙ্গিক হব। খৃষ্টীয় চতুৰ্থৰ পৰা ষোড়শ শতকলৈ এই কাল ছোৱাত ইউৰ’পৰ স্থপতি আদি কলাবিদ্যাত পোৱা ইউৰপীয় ভাব-আদৰ্শৰ নিদৰ্শনকে মধ্যযুগীয় (মেডীভেল্ ), আৰু তাৰ পুৱতী নিশাৰ (পোন্ধৰ আৰু ষোল্ল শতিকাৰ) ফেহু- জালিকে নৱজন্ম (ৰণেছেঞ্চ) যুগৰ মঙ্গল আৰতি বোলা হয়। কিন্তু তেনে ভাব-আদৰ্শ অকল ইউৰ’পতে সীমাবদ্ধ বুলি আমি মানি লব নোৱাৰোঁ; কিয়নো মহা আকাশত যেনেকৈ কোনো সীমা-ৰেখা বহুৱাব নোৱাৰি মানুহৰ মহা হৃদয়- গগনতো তেনে কোনো ভেদ-ৰেখা আঁকিব নোৱাৰি। স্বৰূপতে মহাদেশ, দেশ, প্ৰদেশ আদিৰ সীমা-ৰেখা মানুহে গঢ়া, কৃত্ৰিম; আৰু সেইদেখিয়েই আজি মহা-মানৱৰ মহা-মিলনৰ মহা-জোৱাৰত সেইবোৰ উটি গৈ নিৰুদ্দেশ হবৰ উপক্ৰম হৈছে।

 বাস্তৱতে, মধ্যযুগৰ কালছোৱা মানৱ-সভ্যতাৰ এক অন্ধকাৰ যুগ; ইউৰ’পত যেনে আছিয়তো তেনে। সম্ভৱতঃ সভ্যতাৰ গতিয়েই সদায় সৰল-ৰৈখিক নহয়; দিনৰ পাছত ৰাতি অৰু ৰাতিৰ পাছত দিনৰ দৰে, পোহৰৰ পাছত আন্ধাৰ আৰু আন্ধাৰৰ পাছত পোহৰ স্বাভাবিক। প্ৰাক্ খৃষ্ট পাঁচ-ছয় শতকৰ কথাকে ধৰোঁহক; এই কালছোৱাত ইউৰ'পত যেনেকৈ গ্ৰীছৰ ছক্ৰেটিছ (খৃঃ পূঃ ৪৭১-৩৯৯), প্লেটো (৪২৭-৩৪৭ খৃঃ পূঃ) আৰু এৰিষ্টটোল্ (খৃঃ পূঃ ৩৮৪-৩২২); আছিয়াত তেনেকৈ চীনৰ লাও-ছে (খৃঃ পূঃ ৬০০-৫৯০) আৰু কনফুছিয়াছ (৫৫০-৪৭৮ খৃঃ), আৰু ভাৰতবৰ্ষত বুদ্ধদেৱ (খৃঃ পূঃ ৫৫৭- ৪৭৭) প্ৰভৃতি মনষীসকলৰ আবিৰ্ভাৱে সমগ্ৰ পৃথিবীৰ বুৰঞ্জীত প্ৰায় একে