ইটো মাথা-গোট মোৰ ভৈল মহাভাৰ॥” ইত্যাদি। এয়ে আত্মাৰ মুক্তিৰ বাবে নৱ-জন্ম আন্দোলনৰ অভিনব পন্থা।
একে বান-পানীয়েই যেনেকৈ নৈক নৈ, খালক খাল, পুখুৰীক পুখুৰী আৰ, বিলক বিলৰূপে পৰিপূৰ্ণ কৰে; একে নৱ-জন্মৰ আন্দোলনেই সেইদৰে সুকীয়া জাতিৰ সুকীয়া ৰূপে নিজ অভীষ্ট আৰু বৈশিষ্ট্য পূৰণ কৰি দিলে। ইউৰ’পীয় নৱ-জন্মৰ আবিৰ্ভাৱ হল গ্ৰীছ আৰু ৰ’মৰ পুৰণি সাহিত্য-কলা আদিৰ পৰা, আৰু ভাৰতীয় নৱ-জন্মই পাশ্চাত্য পুৰাণৰ ফীনিক্স, চৰাইৰ দৰে মৰি নিজ অসমৰ পৰা অৰ্থাৎ গীতা-উপনিষদৰ মৰ্মৰ পৰাই নৱ-বৈষ্ণৱ ধৰ্মৰ ৰূপ ল'লে। আকৌ ইউৰ’পতেই ইংলন্ড জাৰ্মানী প্ৰভৃতি দেশে এই নৱ-জন্ম আন্দোলনক গঢ় দিলে ধৰ্ম-নীতিৰ ভিতৰেদি; কিন্তু ফ্ৰাঞ্চে গ্ৰীছ ইটালি আদিৰ দৰেই ইয়াক ৰপ দিলে ইন্দ্ৰিয়ালুতা তথা কলা-সৌন্দৰ্য্যৰ মাজেদি! কিন্তু এই ইন্দ্ৰিয়ালুতা ইন্দ্ৰিয়-সেৱাৰ কথাৰ নিচিনা ভাবিলে ভুল হব; ইয়াৰ গুৰিত থকা নৈতিক দৰ্শন এয়ে : দেহ আত্মাৰ মন্দিৰ, আৰু আত্মাৰ দৰেই ইয়াক পৱিত্ৰভাৱে ৰাখিব লাগে। ভাৰতবৰ্ষতো আকৌ তেনেকৈ এই অসমে, ইংলণ্ড জাৰ্মানী আদিৰ দৰে গীতা-ভাগৱতৰ ধৰ্ম নিৰহ-নিপানী দাস্য ধৰ্মৰূপে গ্ৰহণ কৰিলে, আৰু বঙ্গই ফ্ৰাঞ্চ্ আদিৰ নিচিনাকৈ তাকে ন ন মচলাৰে সুগন্ধি কৰি ৰাধা-যুক্ত 'মধুৰ' ধৰ্ম ৰূপে ললে। ই জাতীয় স্বভাৱৰ গুণ নিশ্চয়।
অসমীয়া ভাষা আৰু লিপিৰ আঁতিগুৰি
অসমীয়া সাহিত্যৰ বুৰঞ্জী জনাৰ আগতে অসমীয়া ভাষা আৰু তাৰ
লিপিৰ কাহিনী থুল-মূলভাৱে হলেও জনা আৱশাক। কিন্তু এতিয়ালৈকে
এই বিষয়টো পণ্ডিতসকলৰ প্ৰকৃত অজ্ঞতা আৰু ভ্ৰান্তিয়ে এনেদৰে মেৰাই
ৰাখিছিল যে তাক দুই-চাৰি আষাৰ কথাৰে বুজাব নোৱাৰি; সেইবাবে অসমীয়া
ভাষাৰ আঁতিগুৰি নামে এখন সুকীয়া পুথি প্ৰকাশৰ দিহা কৰা হৈছে, আৰু
তাতে অসমীয়া লিপিৰ উৎপত্তি আৰু প্ৰাক্-ঐতিহাসিক আৰু আদি-
ঐতিহাসিক অসমৰ প্ৰকৃত অভাস দিবৰ যত্ন কৰা হৈছে। অদৃষ্টৰ পৰিহাস,
অসমীয়া বঙলাৰ উপভাষা বোলা অপযশ লৈয়ে পোনতে ভাষা-তত্ত্বৰ ক্ষেত্ৰত
ওলাব লগা হয় : তৰি পাছত মহামতি গ্ৰিয়াৰ্ছনৰ নিৰপেক্ষ বিচাৰত অসমীয়া
বঙলাৰ উপভাষা নহয়, কিন্তু ভনীভাষা ৰূপে মাগধী অপভ্ৰংশৰ জীয়ৰী বুলি
পৰিচিত হয়। এনে প্ৰতিষ্ঠাতেই গৌৰব-উৎফুল্ল হৈ আমি এতিয়ালৈকে২