পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

মাজত ইয়াৰ গজালি মেলিছিল৷ আগতে তাৰ এটি আভাস দিহে সেই জাতিৰ সাহিত্যৰ আলোচনা আৰম্ভ কৰিব পৰা হয়; যুগ-ধৰ্ম আৰু সমসাময়িক ঘটনাৰ পৰম্পৰা আদিৰ কথা তাৰ উপৰিও নিশ্চয় আছে। এনে সকলোবোৰ বিষয়ৰ আভাস দিবলৈ যাওঁতে ইয়াৰ পূৰ্বৰ অসমীয়া সংস্কৰণৰ পাতনি"খনেই এখন সুকীয়া গ্ৰন্থৰ সমান বুজন হল। তদুপৰি, জুলছ্ ব্লখ আৰু সুনীতি চেটাৰ্জী উভয়ৰ উপদেশ মানি ইংৰাজী সংস্কৰণ অসমীয়া সাহিত্যৰ যাতে গদ্য-পদ্যৰ বাচকবণীয়া চানেকিযুক্ত সাহিত্য-কোষো হয় তেনে কৰিছিলোঁ; আৰু ইয়াৰ লগৰীয়া সংস্কৰণটিও তেনে কৰা হল। জুলছ্ ব্লখৰ বিতোপন যুক্তি : ‘আপোনাৰ মতামত নিশ্চয় অধিকাৰিত্বসম্পন্ন হব; কিন্তু পঢ়ুৱৈৰ বাবে চকুৰে দেখা প্ৰমাণ নাথাকিব যদি আপুনি কিতাপখন বৰ ডাঙৰ নহবৰ বাৰে উদ্ধৃতিবোৰ এতিয়া বাদ দিব খোজে।' এনেবোৰ বিবেচনা কৰি অসমীয়া সংস্কৰণ সম্পাদন কৰোঁতে সিও অতিশয় বুজন হৈ উঠিল তাৰ ফলত আমাৰ অনিচ্ছা সত্ত্বেও বুৰঞ্জীখনৰ বেচ সৰ্বসাধাৰণৰ বাবে অলপ অতিৰিক্ত যেন হল।

 এতিয়া এই তাঙৰণত আমি কেইটিমান সুবিধা পাইছোঁহ’ক। 'দেশ, জাতি আৰ ভাষাৰে অসমৰ চিনাকি' বুলি ১৯৪৪ ৰ আগভাগত বম্বেৰ ভোৰা কম্পেনীয়ে আমাৰ ইংৰাজী কিতাপ এখন প্ৰকাশ কৰিছিল। সেইখন ভালেমান বছৰৰ আগতে দুষ্প্ৰাপ্য হোৱাত এতিয়া অসম দেশ, অসমীয়া ভাষা আৰু লিপিৰ বুৰঞ্জী তিনিওখনি পুনৰ মাদ্ৰাজৰ পৰা ইংৰাজীত একেলগে ছপা হৈ ওলাইছে। ইয়াৰ অসমীয়া তাঙৰণ এটি আমি সোণকালে উলিয়াবৰ যত্ন কৰিছে। এতেকে প্ৰায় চাৰিকুৰি পিঠি জোৰা আগৰ পাতনি”-খনি আমি সম্প্ৰতি এৰুৱাই থব পৰা হলোঁ। তদুপৰি আমাৰ অসমীয়া সাহিত্য অধ্যয়ন পুথিখনও ইয়াৰ ভিতৰতে ছপা হৈ ওলাল; অসমীয়া পদ্য-গদ্যৰ বাচকবণীয়া চানেকিখিনিৰ সাহিত্য-কোষৰূপে তাত কিছুমানে ঠাই পোৱাত এই সাহিত্য বুৰঞ্জীখনিত সেইখিনি উদ্ধৃতিলৈ আঙুলিয়াই দি এৰিব পৰা হল। গতিকে যৎপৰোনাস্তি এই সংস্কৰণ অন্ততঃ পূৰ্বৰ সংস্কৰণতকৈ সুলভ কৰিবৰ যত্ন কৰা হৈছে ভিতৰুৱা গুণখিনি অটুট ৰাখি।

 আমাৰ যোৱা চতুৰ্থ তাঙৰণৰ সাহিত্য-বুৰঞ্জীখন ওলোৱাৰ পাছত আন সৰু-সুৰা কেইবাখনো কিতাপ ছপা হৈছে; ভাত কলাকাৰ স্বৰূপে আৰু সাহিত্য-বুৰঞ্জী-লেখক স্বৰুপে আমাৰ বিষয়ে কৰা আন্তৰিক সহানুভূতিসচক