মাৰাত্মক ভুলবোৰ ধৰা পৰিল। তাৰ পাছত তাঙৰণত যেতিয়া সেই ভুলবোৰ
শুধৰোৱা হল, সি মূলৰে ভালেখিনি গঢ় লৰালে। তাৰ বাহিৰেও আমাৰ
নানা চিন্তা আৰু বিচাৰেও মূল গ্ৰন্থৰ ভালেখিনি সালসলনি ঘটাই আহিছে।
এইদৰে পৰিবৰ্তন আৰু পৰিবৰ্দ্ধন কৰি আহি শেষত আমাৰ ইংৰাজী সংস্কৰণৰ পাণ্ডুলিপি পণ্যস্মৃতি জুলছ্, ব্লগলৈ পঠাওঁ। তেতিয়া তেখেতৰ বয়স চাৰিকুৰিৰ অলপহে তল আছিল, আৰু সেই বয়সতো তেখেতে ঘনকৈ টাইপ্ কৰা, মাজে মাজে মচ যোৱা আৰু, তাৰ ওপৰত কাট-কুট কৰা সেই ৬oo/ ৭০০ পিঠিৰ লেতেৰা পাণ্ডুলিপি চাই, মন্তবা কৰি, পুনৰ নিজ খৰচত মোলৈ ফ্ৰাঞ্চৰ পৰা ঘূৰাই পঠায়। তেখেতৰ এনে অপাৰ স্নেহৰ উপৰি তেখেতৰ মনীষাৰ ৰঞ্জন-ৰশ্মিত মোৰ সাহিত্য-বুৰঞ্জীখনৰ জকা আৰু কামিহাড়বোৰ কেনেকৈ ডাল্ ডাল্ হৈ জিলিকি উঠিছিল, ভাবিলে আজিও মই শ্ৰদ্ধা আৰু কৃতজ্ঞতাত অভিভূত হওঁ। তেখেতে কেৱল প্ৰশ্নৰ চলেৰে বহুমূলীয়া সূচনাবোৰ দাঙি ধৰিছিল; আৰু যদিও সেই সকলোবোৰ সূচনা মই সদায় সঠিক বুলি মানি লব পৰা নাই তথাপি সেইবোৰে মোক মোৰ মতামতবোৰ নকৈ ফহিয়াই চাবলৈ বাধ্য কৰিছিল। যেনে তেনে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ সামান্য ছাত্ৰৰূপে মোৰ বিবেচনা যে এতিয়াও সংস্কাৰৰ পথত চলি আছে তাক মই মুকলিকৈ সৈ কাঢ়োঁ আৰু তাৰ বাবে বৰঞ্চ গৌৰৱ অনুভৱ কৰোঁ।
মোৰ নিজ চিন্তাৰ নতুন পোহৰত মই এটা লাগতিয়াল কথা দেখিলোঁ ভাব- জগতত 'স্থানীয়' বুলি এটা কথা নাই। মোৰ সেই ইংৰাজী গ্ৰন্থ ছপাবলৈ দিয়াৰ আগে আগে মোৰ সেই অনুভৱ হোৱা হেতুকে পোনতে সেই ইংৰাজী গ্ৰন্থৰ আৰু এতিয়া এই অসমীয়া সংস্কৰণৰ নাম দিলো “নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী।” সেইদেখি ইয়াৰ আগলৈকে লিখি অহা আদি-যুগ প্ৰাক বা পূৰ্ব-বৈষ্ণৱ, বৈষ্ণৱ আৰু উত্তৰ-বৈষ্ণৱ যুগৰ নতুন নামকৰণ কৰা হল যথাক্ৰমে আদি-মধ্যযুগ, শেষ-মধ্যযুগ, নৱজন্ম যুগ আৰু উত্তৰ-নৱজন্ম যুগ। জুলছ্ ব্লখে এনে কোনো সূচনা কৰা নাছিল, ই আমাৰ নিজা ভাব। তাৰ আগতে অৱশ্যে আমি পাৰস্যী আৰু সংস্কৃত, ইংৰাজী আৰু ফৰাছী আদি সাহিত্য- বুৰঞ্জী কেবাখনৰো যুগ-বিভাগ আয়ত্ত কৰি লবৰ বিশেষ যত্ন কৰিছিলোঁ।
ইয়াৰ আগতে আন এটি কথা আমি নিজে কিছুদিনৰ পৰা অনুভৱ কৰি আহিছিলোঁ, সাহিত্য-বৃক্ষ শূন্যত নিশিপায়; গতিকে যি মাটি আৰু যি জাতিৰ