পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> > নতুন পোত্ৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী মন দিয়াৰ লগে লগেই শঙ্কৰদেৱে অচিৰে সকলো ছাত্ৰক চেৰ পেলাই শিক্ষক আৰু অভিভাৱক সন্দেীৰে মনত বিস্ময় আৰু আনন্দ দিছিল যে আটাইকেখন চৰিতৰ পৰাই প্ৰমাণিত হয়। ৰামানন্দৰ মতে স্বৰবৰ্ণৰ লগত নৌ চিনাকি হওঁতেই শঙ্কৰদেৱে এই কবিতাটি ৰচিছিল (১৪২-৪৫ পদ) - “শতল মল মলল নন। দহনা গহনা দিন শনি॥ নন পৰ পৰ নও আমায়। সময় নয় ভয় সব সময়। অৰি তত্ৰ ল শ হত দশবপন। ২৮ নগশ্ব আল হন। জগনমাল ৰয় মণ। পবপদল কমাল নন॥" বৈষ্যৰ কনা মতে, “লোণ নাই, তেল নাই, শুদা ব্যপ্ৰনব ইমান সোৱাদ!" শঙ্কৰদেৱৰ সেই কালতে ব্যাকৰণ, কাব্যকোষ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ তুলনামূলক অধ্যয়নৰ ৰীতি ভূষণে (৪৭-৫০ পদ) ধুনীয়াকৈ বহিছে। শঙ্কৰদেৱৰ শাৰীৰিক উৎকৰ প্ৰমাণ কাপে বৰ্ণোৱা লৌকিক-অলৌকিক আখে ঘটনাৰ ভিতৰত এঘাৰ বছৰ বয়সত ভাদমহীয়া ব্ৰহ্মপুত্ৰ সাঁতুৰি দুবাৰ পাৰ হোৱা ঘটনা ৰামচৰণ(১২৯০-৯৮ পদ) দৈত্যাৰি (৬৬-৬৭ পদ), ভূষণ (৬১-৬৫ পদ) আদি আটায়ে বিৱৰিছে। তদুপৰি ভক্তিগ্ৰন্থ ভাগৱত পাই যোগ- অভ্যাস ত্যাগ নকৰালৈকে তাত শঙ্কৰদেৱে কিমানখিনি আগবাঢ়িছিল ভুষণে (৫৬-৫৮ পদ) তাৰ বিতোপন বিৱৰণ দিছে। শঙ্কৰদেৱে কাৰ পঢ়াশালিত শিক্ষালাভ কৰিছিল ভূষণ বা দৈত্যাদিয়ে স্পষ্ট কোৱা নাই, কিন্তু ৰামানন্দই (১৩২ পদ) কলাপকেশৰীৰ পঢ়াশালিলৈ ককাক সূৰ্য্যৰৰে প্ৰথম দিনা লৈ যোৱা বুলিছে। ৰামচৰণে সেই প্ৰসঙ্গত একো নকলেও মহেন্দ্ৰ কন্দলীৰ সম্পৰ্কত এইদৰে লিখিছে (১৫৪৬-৪৮) - “এহিমতে চিহ্নযাত্ৰা যেৰে সাঙ্গ ভৈল। শঙ্কৰয়ে মহেন্দ্ৰ কন্দলী পাশে গৈল॥ নমস্কাৰ কৰিবাক কত চাহন্ত। দেখিয়া কন্দলী আথেবেথে উঠিল॥ তোমাকেসে নমস্কাৰ কবিৰে লাগয়া। তুমি যে ঈশ্বৰ স্বামী জানিলে নিশ্চয়॥" বামাম গুৰু শঙ্কৰদেৱৰ কুল-পুৰোহিত আৰু মহেন্দ্ৰ কন্দলী শিক্ষাগুৰু। কলাপকেশৰী বা মহেন্দ্ৰ কন্দলী, যিজনৰ কাষতেই হওক, ষোল বছৰ বয়সত পঢ়া সাং কৰি সপ্তদশ বছৰত গুৰু-গহব পৰা উলটি আহি ককাক সুৰ্যবৰৰ ভায়েক জয়ন্তৰ পৰা শিৰোমণি ভূঞাৰ বাৰ নিজে লয়। “জয়ন্তে ব্ৰয় চৰ্চা যত ৰাজকাম। সপ্তদশবংসৱেশঙ্কৰ গৈলা গ্ৰাম॥১৪০৫।