পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


সমস্ত ভূঞায়ে আসি তাহাত খাটন্ত। পিতৃৰ সমান ভূঞা প্ৰসিদ্ধ ভৈলন্ত। ১৪০১৬।”

এই বিষয়-বাব সূৰ্য্যবৰৰ পৰা কুসুমবৰে পোৱাৰ বিষয়ে ভূষণে লিখিছে(১৩-১৪ পদ)-

“তাহান তনয় পাছে কুসুম ভৈলন্ত। পৰম পণ্ডিত মহাগুণে গুণৱন্ত॥
ধন-ধান্য সৱাতে অধিক ভৈল চাৰ। শিৰোমণি ভূঞা-ভৈল সমস্ত ভূঞাৰ॥

 শঙ্কৰদেৱৰ কেচুৱা কালতে যে কুসুমববৰ মৃত্যু হল, আৰু সেইবাবেই সূৰ্যবৰে পোনে পোনে নিজ ভায়েকক শঙ্কৰদেৱৰ অভিভাৱকৰূপে এই বিষয় চলাবলৈ দিছিল, ভূষণৰ পৰা তাক পৰিপাটিকৈ বুজিব পাৰি-

“পাছে সূৰ্যৰৰে জয়ন্তভ্ৰাতৃক গৃহক মাতি আনিলা।
সমস্ত লোকক শুনায়া সভাত বুলিবে বাক্য লাগিলা॥
আমি বৃদ্ধ ভৈলো নুহিকোঁ সমৰ্থ পুত্ৰ গৈল পৰলোক।
সমস্ত লোকক প্ৰতিপাল কৰি বিষয়ক চৰ্চ্চিয়োক ||৯১৯।
শুনিয়া জয়ন্তে বোলে দাদা তুমি তেজিয়োক চিন্তা মন।
অনেক কালৰ ৰাজ্য আমাসাৰ কৰিবোঁ মই পালন॥১২০।”

 ৰামচৰণে শঙ্কৰদেৱৰ পূৰ্বপুৰুষৰো অতি বিস্তৃত বিবৃতি দিছে। তাৰ পৰা স্পষ্ট বুজিব পাৰি যে এই বংশত শঙ্কৰদেৱৰ আগলৈকে তিনি কুৰি বা তেনে ভাটি বয়সতহে সন্তান জন্ম হৈছিল। লণ্ডাদেৱে চণ্ডীক উপাসি ভাটি বয়সত, চণ্ডীবৰক লাভ কৰে ( ৫১-৫৪ পদ )। তাৰ পাছত গৌড়ৰ গগৰীয়াপুৰত ব্ৰহ্মপুত্ৰৰ বানপানীয়ে বছৰি উপদ্ৰৱ কৰাত বিশেষ কৌশলেৰে তাৰ জান বান্ধি দিয়াত ৰাইজৰ বৰত চণ্ডীৰৰ ভাটি বয়সত ৰাজ্যবৰ বা ৰাজ্যধৰৰ জন্ম হয় (৬৪-৭৭ পদ)। এই ৰাজ্যধৰৰ সাত বছৰ বয়সত গৌড়েশ্বৰ-কামেশ্বৰৰ দ্বন্দ্ব বা যুদ্ধ হয়, আৰু তাৰ সন্ধিৰ সৰ্ত অনুসাৰেই কমতা ৰাজ্যলৈ গৌড়ৰ সাত ঘৰ বামুণ আৰু সাত ঘৰ কায়স্থৰ মুখিয়াল হৈ চণ্ডীবৰ আহে। প্ৰথম বাৰ আহি চণ্ডীবৰে কমতাৰ লেঙ্গামাগুৰীয়াত থকা ঠাই ঠিক কৰি পুনৰ গৌড়ৰ কনৌজপুৰৰ নিজ ঘৰলৈ আহে, তাতে লণ্ডাদেৱক শেষ অৱস্থাত শুশ্ৰূষা কৰি, তেওঁ ঢুকোৱাত তেওঁৰ কাজ-কাম কৰি, একেবাৰে লেঙ্গামাগুৰীয়ালৈ উঠি আহে (৭৮-১০৯ পদ)। দুৰ্লভ নাৰায়ণৰ আদেশ মতে বছৰি এবাৰকৈ চণ্ডীবব গৌড়লৈ গৈ দেখা নকৰাৰ বাবে কমতাৰ লেঙ্গামাগুৰীয়াৰ পৰা ৰজাই চণ্ডীবৰক ছলেৰে ধৰাই নি বন্দী কৰি ৰাখে। এইদৰে বন্দীশালত দহ মাহ আছে, এনেতে নদীয়াৰ পৰ চন্দ্ৰ