পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


পুথিৰ পৰা ইয়াকে ঠিয় কৰিবলৈ চোৱা অন্যায় আৰু অমূলক। উল্লিখিত বৰদোৱা-চৰিতত আহোম ৰজা চুছেন ফাৰ(১৪৩৯-৮৮ খৃঃ) ত্বত শঙ্কৰদেৱৰ জন্ম বুলিছে, তদুপৰি ১৫৬২ শকত অসমীয়ালৈ ভঙা “মঞ্জুৰী’’ নামৰ কাইঠালী অঙ্কৰ পুথিত যে কলিৰ ৩১৯৭ বছৰত শকাব্দৰ আৰম্ভ আৰু সংস্কৃত ৰুদ্ৰ-যামল গ্ৰন্থত কলিৰ ৪৫৫০ বছৰত শঙ্কৰদেৱৰ জন্ম বুলিছে, তাৰ পৰাও ১৪৭১ শক (১৪৪৯ খৃঃ) ওলাই পৰে।

 ৰামচৰণে শঙ্কৰদেৱৰ জীৱনৰ ঘটনাৱলী পোনতে দিনে দিনে, তাৰ পাছত পাছত মাহে মাহে আৰু শেষ ছোৱাত বছৰে বছৰে বৰ্ণাইছে। তাৰ পৰা শঙ্কৰদেৱৰ জন্মৰ পোন্ধৰ দিনৰ দিনা মাক সত্যসন্ধা ৬২৪-২৮ পদ), সপ্তম মাহত ককাক সুৰ্য্যবৰ (৯৫১-৬৯ পদ), আৰু পঞ্চম বছৰত পিতা কুসুমবৰৰ (১০৬৭-১১৩৪ পদ) মৃত্যু হয় বুলি বুজিব পাৰি। কিন্তু দৈত্যাৰিৰ মতে কুসুমবৰৰ মৃত্যুত সত্যসন্ধা সতী গৈছিল (৩৬ পদ); ভূষণ (১১৪-১৯ পদ) আৰু ৰামানন্দয়ো (১১৭ পদ) তাকে কয়, আৰু শঙ্কৰদেৱ ওপজাৰ সাত বছৰৰ পাছত এইবোৰ হোৱা বোলে। বৰদোৱাৰ গুৰু চৰিতে ভূষণ আদিতকৈও এখোজ আগবাঢ়ি শঙ্কৰদেৱ-সূৰ্য্যৱতীৰ বিয়াৰ পাছতহে কুসুমবৰ-সত্যসন্ধাৰ মৃত্যু বুলি কয়; কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই শঙ্কৰদেৱৰ জন্মৰ তৃতীয় দিন সত্যসন্ধাৰ মৃত্যু হয় বোলে।

 ৰামচৰণৰ মতে, বুঢ়ীমাক খেৰসুতিৰ বকনি, অনুযোগ আৰু অনুৰোধত আৰু ককাক সূৰ্যবৰৰ তিনি ভাই জয়ন্ত, মাধৱ আৰু হলায়ুধৰ নিৰ্দেশমতে শঙ্কৰদেৱ তেব বছৰ বয়সত পঢ়াশালিলৈ গৈছিল (১৩৩৬-৪৯ পদ), ৰামানন্দ (১১৮-১৩১পদ) আৰু দৈত্যাৰিয়েও সেই মৰ্ম্মেই লিখে (৪০-৪৪), কিন্তু ভুষণ দ্বিজৰ মতে পিতাক কুসুম্বৰে নিজে শঙ্কৰদেৱক পঢ়াশালিলৈ নিয়ে (২৯- ৪৬ পদ)। এই সকলো মতৰ পৰা অন্ততঃ এইটো ঠাৱৰ হয় যে শঙ্কৰদেৱ বাৰ-তেৰ বছৰ বয়সৰ আগত পঢ়াশালিলৈ যোৱা নাছিল আৰু তাৰ আগত তেওঁ নানান লৰালি ধেমালিত অতিশয় অনুৰক্ত আছিল; আৰু পিতাক বা বুঢ়ীমাক বা যাৰ অনুপ্ৰেৰণাতেই হওক, পাঢ়াশালিলৈ গৈও শঙ্কৰদেৱে ধেমালিৰ পৰা সতকাই মন আঁতৰাই আনিব পৰা নাছিল। তাৰ প্ৰমাণ স্বৰূপে এবাৰ ঘৰৰ পৰা মনে মনে ৰূপ দুটকা আৰু কাপোৰ দুখন নি শিক্ষাগুক ভাতি দি উমলিবলৈ যোৱা কথা ৰামচৰণে (১৩৮৬-৯২) বিতোপনকৈ বৰ্ণাইছে। কিন্তু পঢ়া-শুনাত