পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


“ৰামৰ চৰণ সেৰি অনুক্ষণে এ, ভণে দুৰ্গাবৰ দাস।"
সৰস্বতী চৰণত, কৰি শিৰ অৱনত,
 কৰিবৰ দুগাবৰে ভণে॥”


 “পাৰ্ব্বতী", “ব্ৰহ্মণী", “সৰস্বতী" ৰ সেৱক হৈ ৰামৰ ভক্ত হোৱা কথা অৱশ্যে এক প্ৰকাৰে অস্বাভাৱিক আৰু সেইদেখি ভক্তিমূলক ভণিতাখিনি প্ৰক্ষিপ্ত বুলি ভাবিবৰ মন যায়। আকৌ, জটায়ুৰ বৰ্ণনাত দুৰ্গাবৰে ভক্তৰ ভাষাৰে লিখিছে –

“জটায়ু বোলন্ত হেন নুবুলিবা মোক। যেৱে দয়া আছে তেৱে নকৰিবা শোক॥...
আত পৰে ভাগ্য কোন আছয় আমাৰ। তোমাৰ প্ৰসাদে পাইবো সংসাৰৰ পাৰ॥
নিজ কৰ্ম্মে হওঁ প্ৰভু যেহি সেহি গতি। সেহি সেহি জন্মে হৌক তোমাত ভকতি॥
বৈষ্ণৱৰ সঙ্গতেসে কহোক সৰ্ব্বথা। মুখে তযু যশ গাইবোঁ কৰ্ণে তযু কথা॥"

 ক্ৰমবৰ্দ্ধমান বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱলৈ চাই অৱশ্যে আন ফালৰ ইয়াক অস্বাভাবিক বুলিবও নোৱাৰি, আৰু দুৰ্গাবৰ আদি কবিসকলে প্ৰকাশ্যৰূপে বৈষ্ণৱ ধৰ্ম গ্ৰহণ নকৰিলেও সেই মতবাদে যে আটাইকে গিলি আনিছে , তাক সহজে ধৰিব পাৰি। গতিকে দুৰ্গাবৰৰ নিজৰ লিখনিতো এনে ভক্তিবাদ একেবাৰে অসম্ভৱ নহয়।

 নাৰয়ণদেৱ ক্ৰমত তৃতীয় হলেও মনসা কবিৰূপে আটাইতকৈ প্ৰসিদ্ধ, আৰু বঙ্গদেশৰ নানা ঠাইতো এওঁৰ গীত-মাত বিশেষ ভাবে প্ৰচলিত।

 “নৰসিংহ সুত কবি নাম নাৰায়ণ। ৰচিলা প্ৰবন্ধ সেৱি ভৱানী চৰণ॥" এই ভণিতাৰ পৰা এওঁৰ পিতা নৰসিংহ বুলি বুজিব পাৰি, ঘৰ ক'ত কব নোৱাৰি। কিন্তু প্ৰচলিত কিম্বদন্তী অনুসাৰে তেওঁৰ পদ্ম-পুৰাণৰ গীতৰ নায়ক লখীন্দাৰৰ বিখ্যাত মেৰ-ঘৰ থকা ছয় গাঁও অঞ্চলৰ দাঁতিকাষৰীয়া পচৰিয়া গাঁৱতে নাৰায়ণ- দেৱৰ জন্ম। এওঁৰ ৰচিত গীতবোৰ সুকনান্নী অৰ্থাৎ সুকবি-নাৰায়ণী গীত বুলি প্ৰখ্যাত আৰু আজি-কালিও এইবোৰ নামনি অসমৰ ওজা-পালিসকলে গায়। এই ওজা-পালী অসমৰ এক প্ৰাকশঙ্কৰী অনুষ্ঠান আৰু শঙ্কৰদেৱে নাম-কীৰ্ত্তনৰ প্ৰণালী উলিয়াওঁতে ইয়াকেই উপযোগী কৰি ব্যৱহাৰ কৰিছে বুলি ভাবিবৰ হেতু আছে। শঙ্কৰদেৱে ধৰ্মপ্ৰচাৰ বা প্ৰথম অবস্থাৰ বৰ্ণনা দৈত্যাৰিৰ গুৰু- চৰিতত লিখিছে (২৮৬-৯৫ পদ)-

ৰাম ৰাম গুৰু ৰামদাস ওঝা দুই। মাধৱে কীৰ্ত্তন কৰা ডাইনা-পালি দুই॥
কংসবধ ঘোষা ৰাম ৰামে গুৰু গান্ত। সেহি সময়ত প্ৰেম উপঞ্জিল তান্ত।
দিনেক শঙ্কৰদেৱ সভাত আছন্ত। মহাৰঙ্গে ৰামদাস কীৰ্তন কৰন্ত॥