পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য

অমৃত কবিয়ে যেন শুনিয়া লোকৰ। প্ৰহ্লাদ-চৰিত্ৰ-পদ ঘোষা-কীৰ্ত্তনৰ॥"

 পূজা-পাৰ্বণ আদিত নাৰায়ণদেৱৰ পদ্মপুৰাণ বা মনসা-গীত নামনি অঞ্চলত আজিও গোৱা হয়। এনেদৰে গীত গোৱা ৰীতি অবল প্ৰাক্-শঙ্কৰী যুগতে কিয়, সদৌ ভাৰতত আগৰে পৰা লৱ-কুশৰ ৰামায়ণী-গীত আৰু ইউৰপতো তেনে প্ৰসঙ্গত চলিত থকা কথাই প্ৰমাণিত কৰে।

 সুকনান্নীৰ বিভিন্ন ভাগ আছে , তাৰে কিছুমান মন্ত্ৰৰ দৰে সাপে-কামোৰাৰ প্ৰতিযেধক ৰূপে ব্যৱহাৰ কৰে; দুৰ্গাবৰী আৰু সুকন্নানী গীত নামনি অসমৰ মুছলমান সমাজতো প্ৰচলিত আছে। সুকনান্নীৰ এটি খণ্ডৰ নাম ভাইঠেলী; কিয়নো এই মন্ত্ৰ ব্যৱহাৰ কৰিলে সাপৰ বিষ ভটিয়াই অৰ্থাৎ নামি আহে। ইয়াৰ উপখণ্ডও আছে; প্ৰথমতে পদ্মাই লখীন্দাৰ আৰু চন্দ্ৰধৰৰ প্ৰিয়-পৰিজনৰ প্ৰাণ লোৱাৰ পৰিকল্পনা, দ্বিতীয়ত বেউলা-লখীন্দাৰৰ শৱটি লৈ উটি যোৱা, তৃতীয়ত বেউলা-লখীন্দাৰ আৰু তেওঁৰ আন প্ৰিয়-পৰিজনৰ পুনৰুদ্ধাৰৰ কথা, ইত্যাদি। পদ্মাৰ নিষ্ঠুৰ আদেশ পাই কালী নাগে নৱ-দম্পতীৰ প্ৰথম মিলন- নিশাত লখীন্দাৰক খুটিবলৈ দোধোৰ-মোৰ কৰি যোৱা গীতটি নাৰায়ণদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন (অধ্যয়ন ৮০-৮১)।

 ভাইঠেলী খণ্ডৰ বাহিৰেও সুকবি নাৰায়ণদেৱৰ ৰচিত বিষহৰিৰ জন্ম, পৰীক্ষিত বধ, পুষ্পধাৰী-খণ্ড আদি প্ৰকাশিত হৈছে, আৰু বহুত খণ্ড চাগৈ এতিয়াও আন্ধাৰতে। এইখিনিৰ পৰা নাৰায়ণদেৱ এজন ৰচনা-বহুল লেখক বুলি বুজিব পাৰি, কিন্তু এওঁৰো বহুত ৰচনাত বৈষ্ণৱ লিপিকাৰে হাতে ফুৰোৱাৰ প্ৰমাণ পোৱা হয়। উদাহৰণৰূপে, বিষহৰিৰ জন্মখণ্ড আচৰিতভাৱে আৰম্ভ কৰা হৈছে, “ও মনাই , হৰি আহে মোৰ যদুবায়।’’ পৰীক্ষিত-বধ খণ্ড ৰাম- বন্দনাৰ এটি সম্পূৰ্ণ কবিতাৰে আৰম্ভ কৰি সামৰণি মাৰিছে, “নাৰায়ণদেবে বোলে, প্ৰভু ৰাম-পদতলে, বিপ্ৰক (?) জানকীনাথে গই।” আৰু এটি গীতৰ ভণিতাত আছে, “নামে ভযৱ নামে সিন্ধু মুকুন্দ মুৰাৰি। সবাৰে দুৰ্গতি খণ্ডোক বোলাঁ জয় হৰি।" পুষ্পধাৰী খণ্ডও এটি বৈষ্ণৱ ঘোষাৰে মুকলি কৰিছে, "এ জয় হৰি বোল, হৰি বোল মুখে। এ ভাই, হেলায় জন্ম গৈল দুখে।" দ্বিতীয় ঘোষাত লিখিছে , “আজু বৃন্দাবনে চলিল গোপাল। সঙ্গত ক্ৰীড়িয়া ফুৰে যত ৰাখোৱাল॥" আৰু বিপৰীতভাৱে সামৰণি মাৰিছে,নাৰায়ণদেৱে গায় মধুৰ সঙ্গীত। পদ্মাবতী চৰণে মজিয়া ৰেীক চিত॥"