নীলাচল নামে গ্ৰাম সংসাৰত সাৰ।
আছয় পাৰ্বতী অসুৰৰ ক্ষয়ঙ্কাৰ।"
“কায়স্থ শ্ৰীধৰ, তান পুত্ৰ দুৰ্গাবৰ,
বিৰচিলা গীত বিতোপন।
বাহুবল্ল হিকদাৰ, গন্ধৰ্ব যে অৱতাৰ,
সৰ্বক্ষণে ব্ৰহ্মাণী প্ৰসন্ন॥"
ইয়াৰ পৰা তেওঁ বিশ্বসিংহৰ (১৫১৫-৪০) আমোলৰ কবি, নীলাচল কামাখ্যাৰ বাসিন্দা, শ্ৰীধৰ কায়স্থৰ পুত্ৰ আৰু দেৱ- উপাসক বুলি বুজিব পাৰি। দুৰ্গাবৰৰো মনসা-গীত বিৰল, আৰু যিখিনি বিচাৰি পোৱা হয় সি অৱশ্যে প্ৰাচীনগন্ধী(১৩৩)⸺
“হাতত চঞ্চল বেত পালত গোট ধৰি। ননি উত্তৰ হন্তে ওঝা ধনন্তৰী॥
সনেকাৰ বাক্য শুনি ৰাণ্ডিচয় বহু। দীপ জ্বালি চাহিবাক লৈলা লহু লহু॥
লাজ নাহি মুখত আমাক বোলা চেড়ি। থুকুৰাক কিসক তুলিয়া দিবো খৰি॥
বেহুলাই বোলে ভাসা কৰিস বুকুত। কেন্থেৰা ভাবক দেখোঁ তোৰ শৰীৰত॥"
কিন্তু দুৰ্গাবৰৰ ৰামায়ণ- গীত প্ৰচুৰ আৰু চাৰি পাঁচ কাণ্ড ব্যাপি আছে, আৰু তেওঁৰ বিশিষ্ট কবিত্ব-গুণ এই গীতবোৰত ফুটি উঠিছে। মায়া-মৃগ মাৰি উলটি আহি সীতাক নাপাই ৰাম ব্যাকুল হৈ চেতন-অচেতন সকলো প্ৰাণীক সীতাৰ বাৰ্ত্তা সোধা বিৱৰণ বিতোপন :--
“শশীমুখী বুলিয়া যে কান্দন্ত ৰাঘৱ। হা হা কৈক গৈলি মোৰ ৰমণী বান্ধৱ।
চকোৱাৰ সমীপ চাপিলা হৃষিকেশ। ধীৰে ধীৰে পোছয় বচন উপদেশ॥
আকুল কুৰঙ্গ আমি কৈয়ো এক বাৰ্ত্তা। যাইতে দেখিলি কি তই জনক-দুহিতা।
একেশ্বৰে গৈলা কিবা অনেকে সহিতে। পূৰব পছিম কিবা দখিণ দিশতে।
বা বৈশন্য কিবা অগ্নি কোণ যে নৈঋত। কোন পথে গৈলা সীতা কহ স্বৰূপত। ”
এনে বৰ্ণনাই কৃষ্ণক নাপাই গোপীসকল বলিয়াৰ দৰে হৈ গছ-গছনি আদিত বাৰ্তা সোধা শ্ৰীশঙ্কৰদেৱৰ ৰাস-ক্ৰীড়াৰ অনুপম ৰচনালৈ মনত পেলায়। (কীৰ্ড, ৮৫৪-৬১ পদ।) আচৰিতভাৱে দুৰ্গাবৰী ৰামায়ণ-গীতৰ ভণিতাত পোৱা হয় -
“ৰামৰ চৰণ সেৱি, ৰচিলা ই গীত ছবি
দূৰ্গাবৰ মহাভক্তি মনে।"